06/08/2025
২৬ জুলাই তাৰিখে বিশ্বক চমক খুৱাই লিণ্ডচি আৰু টিম পিয়েৰ্চৰ (Lindsey and Tim Pierce) সহযোগত এটি ৩০ বছৰীয়া শিশুৰ জন্ম ঘটিল। ৩০ বছৰীয়া এটি শিশুৰ জন্ম ২০২৫ চনত? কি! এয়া কেনেকৈ সম্ভৱ?
অহিয় (Ohio) নামৰ চহৰত জন্ম গ্ৰহণ কৰা শিশুটিৰ নাম থাড্ডেয়াচ ডেনিয়েল পিয়েৰ্চ (Thaddeus Daniel Pierce–26July, 2025) । আচলতে তেখেতৰ ভ্ৰুণৰ (embryo) সুচনা ১৯৯৪ চনতে হৈছিল। বিশেষ আধুনিক সঁজুলিৰে সেই ভ্ৰুণক দীৰ্ঘ দিন ধৰি (11,148 দিন) শীতলিকৰণ কৰি ৰখোৱা হৈছিল যাক ইংৰাজীত frozen embryo বুলি কোৱা হয়। প্ৰায় ৩০ বছৰৰ অন্তৰত সেই ভ্ৰুণটোৱে কেঁচুৱাৰ ৰূপ ধাৰণ কৰি পৃথিৱীখন দেখাৰ সৌভাগ্য লাভ কৰা বাবেই ৩০ বছৰীয়া শিশুৰ ২০২৫ চনত জন্ম লাভ কৰা বুলি চাৰিওফালে গুজৱ উঠা দেখিবলৈ পোৱা গৈছে। অৱশ্যে গোটেই প্ৰক্ৰিয়াটোৰ আঁৰত Linda Archerd নামৰ মহিলাগৰাকীৰ হাত লুকাই আছিল। যিয়ে এগৰাকী জীয়েক পাবলৈ এই প্ৰচেষ্টা চলাইছিল যদিও পাছত ১৯৯৪ চনত খ্ৰীষ্টান-ভিত্তিক ভ্ৰুণ নিষ্কাশন এজেন্সিৰ (Cristian-based Embryo Adoption Agency) হাতত অৰ্পণ কৰিছিল ভ্ৰুণটো। (খ্ৰীষ্টান ধৰ্মৰ ধৰ্মীয় মত অনুসৰি ভ্ৰুণ-হত্যা মহাপাপ) ।
উল্লেখযোগ্য যে তিনিটা ভ্ৰুণৰ সংৰক্ষণৰ পাছত তাৰে এটা সফল ৰূপত পূৰ্ণাংগতা (successfully implanted) পোৱাত সক্ষম হৈছিল।
সদৌ শেষত লিণ্ডচি আৰু টিম পিয়েৰ্চৰ (Lindsey and Tim Pierce) পূৰ্ণ সমৰ্থন আৰু সহযোগত ৩০ বছৰীয়া শিশুটিয়ে জন্ম লাভ কৰিবলৈ সক্ষম হয় ২৬ জুলাই দিনা।
(এনে ধৰণৰ নতুন নতুন তথ্য সমৃদ্ধ লেখা বা ভিডিঅ পাই থাকিবলৈ আমাৰ পেজটি ফলৌ বা subscribe কৰি থ'ব পাৰে)