Insight India

Insight India Welcome to Insight India Channel! Stay up to date on the latest headlines and breaking news with our daily news podcast. Subscribe now to never miss an episode.

From politics to entertainment, we've got you covered.

12/06/2026

মৰিগাঁৱৰ গান্ধীভৱন প্ৰেক্ষাগৃহত অসম ৰাজ্যিক অঃ' বিঃ চিঃ সংঘৰ প্ৰতিষ্ঠা দিৱস উদযাপন


11/06/2026

📌মৰিগাঁও জিলা পৰিবহণ চালক আৰু পৰিচালক সন্থাৰ উদ্যোগত কেইবাটাও দাবী পূৰণৰ দাবীত মৰিগাঁও মটৰ শ্ৰমিক সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।

📌সংগঠনটোৰ বিষয়ববীয়া আৰু সদস্য সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ আমাৰ দাবী মানিবই লাগিব, মৰিগাঁও জিলা মটৰ শ্ৰমিক সন্থা জিন্দাবাদ ইত্যাদি শ্লোগানেৰে মৰিগাঁও মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।



11/06/2026

কৰ্কট ৰোগৰ সৈতে যুঁজি হাৰ মানিলে সমাজকৰ্মী, প্ৰাক্তন ছাত্ৰ নেতা দিপক দাসে; জালুগুটিত শোকৰ ছাঁ।

মৰিগাঁও জিলাৰ পূৱ জালুগুটি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা দিপক দাস(৬০) ৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, বিগত দীৰ্ঘদিন ধৰি তেখেত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। দিপক দাসৰ নশ্বৰ দেহ জালুগুটিৰ বাসগৃহলৈ আনি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে এক অত্যন্ত শোকাকুল তথা আৱেগিক পৰিৱেশৰ সৃষ্টি হয়।



11/06/2026

মৰিগাঁৱত অভিভাৱক মন্ত্ৰী অজন্তা নেওগ: বান সমস্যা আৰু উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা


মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আজি মৰিগাঁও জিলাত উপস্থিত হয়। জিলাখনত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়।
​জিলা আয়ুক্ত অনামিকা তেৱাৰি, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, লাহৰিঘাটৰ বিধায়ক ডঃআছিফ মহম্মদ নাজাৰ, জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্ৰিক উন্নয়নমূলক কাম-কাজৰ খতিয়ান লোৱা হয়। বিশেষকৈ মৰিগাঁৱৰ অন্যতম প্ৰধান সমস্যা বানপানীৰ স্থায়ী প্ৰতিবিধান আৰু ইয়াৰ প্ৰভাৱ কেনেকৈ হ্ৰাস কৰিব পাৰি, সেই সন্দৰ্ভত বৈঠকত বিতংভাৱে আলোচনা কৰা হয়।
​সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰি কয় যে জিলা প্ৰশাসন আৰু স্থানীয় জনপ্�

আজিৰ পৰা আৰম্ভ হব ফুটবল ৰ মহাৰণ ।ফিফা বিশ্বকাপ ২০২৬
11/06/2026

আজিৰ পৰা আৰম্ভ হব ফুটবল ৰ মহাৰণ ।

ফিফা বিশ্বকাপ ২০২৬



10/06/2026

ধিং জাজৰি গড়কাপ্তানী পথৰ ভকত গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন কৃষক।

তীব্ৰবেগী বাইকৰ খুন্দাত ঠিতাতে নিহত হয় লোকজন ।

সংকটজনক অৱস্থাত বাইক চালকক ধিং FRU চিকিৎসালয়ত ভৰ্তি ।

দূৰ্ঘটনা সংঘটিত হোৱা বাইক খনৰ নম্বৰ AS02A H3313

ঘটনাস্থলিত ধিং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহন খন।

দুৰ্ঘটনাত মৃত্যু হোৱা লোক জনৰ নাম জয়নাল উদ্দীন ঘৰ ধিঙৰ মোৱামাৰীত।


10/06/2026

মৰিগাঁও ভূৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংহতি দিৱস উদযাপন।

অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমত হোৱা ঐতিহাসিক খাদ্য আন্দোলনত শ্বহীদ বৰণ কৰা মৰিগাঁও জিলাৰ দুগৰাকী ছাত্ৰ ক্ৰমে পুতুল শ‌ইকীয়া আৰু গজেন ইংতিৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই ১০ জুন তাৰিখে "ছাত্ৰ সংহতি দিৱস" হিচাপে উদযাপন কৰি আহিছে। বিশেষকৈ শ্বহীদ বৰণ কৰা ছাত্ৰ দুয়োগৰাকীৰ জন্মস্থান ভূৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ছাত্ৰ সংহতি দিৱসটি উদযাপন কৰা দেখিবলৈ পোৱা যায়। পুৱা দুয়ো গৰাকী শ্বহীদৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক শিৱ দাসৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গই। আনহাতে ঔগুৰি মাধ্যমিক বিদ্যালয়ত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ স্মৃত�

মাজুলীত বিদ্যুৎস্পৃষ্ট হৈ  ভোগেশ্বৰ বৰা নামৰ ৭৫ বছৰীয়া এজন লোকৰ মৃত্যু
10/06/2026

মাজুলীত বিদ্যুৎস্পৃষ্ট হৈ ভোগেশ্বৰ বৰা নামৰ ৭৫ বছৰীয়া এজন লোকৰ মৃত্যু


09/06/2026

মৰিগাঁৱৰ সদৰ আৰক্ষী বিশেষ শাখাৰ ড্ৰাগছ বিৰোধী অভিযান

👉মৰিগাওঁ কল্যাণপুৰত এটা ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉 অভিযানত ধৃত এটা ড্ৰাগছ সহ সৰ্বৰাহকাৰী।

👉ড্ৰাগছ সহ ধৃত সৰ্বৰাহকাৰীটো মৰিমূচলিম গাওঁৰ ৰেকিবুৰ ৰহমান পৰা জব্দ কৰা ড্ৰাগছ খিনি হেৰইন বুলি সন্দেহ কৰিছে।

👉ৰেকিবুৰ পৰা আৰক্ষীয়ে ৪৫ তাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

👉নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি ইয়াৰ পূৰ্বে তিনিবাৰ জেলত থাকি ওলাই আহিছে।


09/06/2026

জাজৰিত পত্নীক চোকা অস্ত্ৰৰে হত্যা, স্বামী আটক।

মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত জাজৰিৰ মোলান কামোৰাত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, যোৱা ৮ জুনৰ নিশা প্ৰায় ৭:৩০ বজাত গুলেস্তান পট্টিৰ বাসিন্দা জমিয়ত উদ্দিন ওৰফে পাপুৱে নিজৰ পত্নী মনোৱাৰা খাতুনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।
আক্ৰমণত গুৰুতৰভাৱে আহত মনোৱাৰা খাতুনৰ ঘটনাস্থলীতেই মৃত্যু হয়।



Address

Morigaon
782105

Alerts

Be the first to know and let us send you an email when Insight India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share