23/06/2026
হিন্দু যুৱকক কালী মন্দিৰত পেলাবলৈ লাগে গৰুৰ কটা মুণ্ড (মাথা) আৰু অলপ মাংস : অভিযুক্তক গ্ৰেপ্তাৰ।
যোৱা শনিবাৰে 20-6-2026 তাৰিখে লংকা বামুণ গাঁৱৰ আইচন চন্দ্ৰ দাস (হাইছন) নামৰ যুৱক এজনে ৰিয়াজ উদ্দিন নামৰ যুৱক এজনৰ মবাইল ফোনত ফোন কৰি এটা কটা গৰুৰ মুণ্ড আৰু অলপ মাংস বিছাৰে। এজন হিন্দু যুৱকে মোৰ উচৰত কটা গৰুৰ মুণ্ড বিচৰাত ৰিয়াজ উদ্দিনৰ সন্দেহ হয় যে এয়া কোনো ষড়যন্ত্ৰৰ অংশ হব পাৰে। যুৱক জনক প্ৰশ্ন কৰে যে তুমি গৰুৰ মুণ্ড দি কি কৰিবা ? তেতিয়া যুৱক জনে ষ্পষ্ট কয় যে গৰুৰ মুণ্ডটো কোনোবা এটা কালী মন্দিৰত পেলাব বুলি। যুৱক জনৰ সম্পূৰ্ণ কথা বতৰা ৰেকৰ্ডিঙ কৰি থৈ আমছু'ৰ লগত যোগাযোগ কৰে। তেতিয়া যুৱক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত লংকা আৰক্ষীয়ে গোচৰ নং ১৩৩/২০২৬ পঞ্জীয়ন কৰি যুৱক জনক আদালতত প্ৰেৰণ কৰে।