28/12/2025
#অত্যাচাৰ_বন্ধ_কৰক 🫵
আমাৰ নিৰৱতা আমাৰ শক্তি, আমাৰ ভয় নহয়।🫵
অসমৰ পানী আৰু বতাহত আমাৰো তেজ মিহলি হৈ আছে।
সংবিধানৰ শেষ পৃষ্ঠালৈকে আমি আমাৰ অধিকাৰৰ বাবে যুঁজ দি যাম।
আমাৰ ধৈৰ্যৰ বান্ধ ছিঙিলে ইতিহাসৰ পৃষ্ঠা সলনি হ’ব।
অস্তিত্বৰ যুঁজৰ ওপৰত
আমাৰ পৰিচয় কোনো নেতাৰ দয়াপৰবশ নহয়। আমি এই মাটিৰ সন্তান, ইয়াৰ ধূলি-বালিত আমাৰ ওপজা গাঁও। আমাক 'বেদখলকাৰী' বা 'বিদেশী' বুলি গালি দি আপোনালোকে নিজৰ নীচ মানসিকতাহে পৰিচয় দিছে। আমাক যিমানেই উচ্ছেদ কৰিব, আমাৰ শিপা সিমানেই গভীৰলৈ যাব। মনত ৰাখিব, ধুমুহাই গছ বগাব পাৰে, কিন্তু মাটিক লৰাব নোৱাৰে।
নেতা সেইজনেই যিয়ে মানুহক এক কৰিব জানে, বিভাজন কৰিবলৈ কেৱল এজন কাপুৰুষৰ প্ৰয়োজন। ধৰ্মৰ ৰাজনীতি কৰি আপুনি নিজৰ অযোগ্যতাহে প্ৰমাণ কৰিছে।
আপুনি হিন্দু-মুছলমান কৰি নিজৰ ভোটৰ অংকটো মিলাই লৈছে ঠিকেই, কিন্তু সমাজখন যে চিৰদিনৰ বাবে ভাগ কৰি পেলাইছে, সেই পাপৰ বোজা কোনে ল’ব? ধৰ্মৰ ৰাজনীতি কৰি আপুনি নিজৰ আসনখন বচাইছে, কিন্তু দেশৰ ভৱিষ্যত ধবংস কৰিছে।
আপুনি ধৰ্মৰ কথা এইকাৰণেই বেছিকৈ কয় যাতে আমি আপোনাক কামৰ হিচাপ খুজিব নোৱাৰোঁ। ধৰ্মটো মন্দিৰ-মছজিদত থাকিবলৈ দিয়ক, ৰাজপথলৈ উন্নয়নৰ কথা আনক।
যিদিনা এখন গাঁৱত জুই লাগে, সিদিনা হিন্দুৰ ঘৰ বচাবলৈ মুছলমান আহে আৰু মুছলমানৰ ঘৰ বচাবলৈ হিন্দু আহে। আপোনালোকৰ নিচিনা নেতাই কেৱল জুই লগাবহে জানে, নুমুৱাবলৈ কোনো নাহে। ৰাজনীতিৰ বাবে আমাক ইজনৰ লগত সিজনক শত্ৰু কৰি তুলিবলৈ চেষ্টা নকৰিব।
#অত্যাচাৰ_বন্ধ_কৰক
#অধিকাৰৰ_যুঁজ