18/05/2025
টকা নিদিলে হিতাধিকাৰীয়ে লাভ নকৰে প্ৰধান মন্ত্ৰীৰ আৱাস গৃহ ৷ ঘৰ জিঅ টেগৰ নামত বিজেপি কৰ্মীয়ে সাধাৰণ লোকৰ পৰা সংগ্ৰহ কৰিছে পাঁচ হাজাৰকৈ টকা ৷ কামপুৰ বকুলগুৰি পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা ৷ সমগ্ৰ ধন লেন দেনৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জীৱিকা সখী সকলৰ জড়িয়তে নিকা ভাৱে প্ৰধান মন্ত্ৰী আৱাস গৃহৰ জিঅ টেগৰ ব্যৱস্থা কৰিছে সেই সময়তে একাংশ বিজেপি কৰ্মীয়ে ধন লৈ হিতাধিকাৰীক ঘৰৰ জিঅ টেগিং কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ বিগত বকুলগুৰি পঞ্চায়তৰ ৩নং ৱাৰ্ড সদস্যাৰ স্বামী তথা বিজেপি নেতা কামাল উদ্দিন বৰভূঞাই হিতাধিকাৰীক ঘৰৰ জিঅ টেগিং কৰাৰ নামত পাঁচ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু বৰ্তমানেও কোনো চৰকাৰী ঘৰ লাভ নকৰিলে হিতাধিকাৰী সকলে ৷ এই সকল দালাল ৰূপী নেতাৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহন কৰিবনে ৷