BMC News

BMC News News & Entertainment
(1)

27/08/2026

ধিঙত ঔষধৰ দোকানত অভিযান ঔষধ পৰিদৰ্শকৰ দলৰ অভিযানত ছীল কৰিলে এখন ফাৰ্মাচী, বন্ধ কৰিলে কেইবাখনো দোকান । অভিযানৰ উমান পাই ধিং বজাৰত তলা পলাই পত্ৰং দিলে বহুসংখ্যক ফাৰ্মাচীৰ লগতে ড্ৰাগ ডিষ্ট্ৰিবিউটৰ ।

26/08/2026

অসমত অবৈধ শিল খনন , কয়লা খননৰ ফলত উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানপানী আৰু ক্ষতিপূৰণৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম ব্যৰ্থতা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ৰাম মন্দিৰৰ প্ৰণামি চুৰি কৰা সকলক সুৰক্ষা দিয়াৰ বিৰুদ্ধে নগাঁও জিলা কংগ্ৰেছ কমিটিৰ অৱস্থান ধৰ্মঘট । উক্ত অৱস্থান ধৰ্মঘটত AICC ৰ Incharge অসমৰ মনোজ চৌহান, নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱা, জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুনুমনি বৰাৰ লগতে কংগ্ৰেছ দলৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷

26/08/2026

নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদ মেল সম্বোধন ৷ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সংবাদ মেল সম্বোধন ৷ সংবাদ মেলত উপস্থিত প্ৰাক্তন বিধায়ক ডা° দূৰ্ল্লভ চমুৱা,জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুনুমনি বৰাৰ লগতে কংগ্ৰেছ দলৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷

25/08/2026

নগাঁৱত DPS ৰ প্ৰশাসকৰ গুণ্ডাগিৰি। Blinkit ৰ কৰ্মচাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ। নগাঁৱৰ ৰাজপথত আঁঠুকাঢ়িবলৈ বাধ্য কৰালে ধীৰাজ বৰাক৷ DPS ৰ প্ৰশাসক অনোৱাৰ পাৰভেজৰ বিৰূদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷ ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল Blinkit ৰ কৰ্মচাৰীৰ

24/08/2026

স্বাধীনতা দিৱসৰ নিশা নগাঁও জিলা জনজাতি জিৰণি চ’ৰাৰ ছাত্ৰাবাসৰ ছাত্ৰক আক্ৰমণ কৰা আৰু জনজাতি বিৰোধী মন্তব্য কৰা পলাতক দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৰূপায়ন৷ আজি দিনৰ ১২:৩০ বজাত নগাঁও জিলা জনজাতি জিৰনি ছাত্ৰাবাসৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে প্ৰতিবাদকাৰী সকলে৷ অৱশ্যে নগাঁও সদৰস্থিত চক্ৰ বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উপস্থিতিত প্ৰতিবাদকাৰী সকলে মৰিগাঁও বাছ আস্থান সন্মুখত চক্ৰবিষয়াৰ জৰিয়তে জিলা আয়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷ অতিশীঘ্ৰে দুস্কিতিকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলি প্ৰতিবাদকাৰী সকলে এই স্মাৰকপত্ৰ প্ৰদান কৰে৷

22/08/2026

সাম্য- মৈত্ৰীৰ প্ৰতীক সদা শিৱ
সোনেই হওঁক মাটি হওঁক
তাতেই সন্তুষ্ট.....
ভক্তপ্ৰাণ ৰাইজলৈ শিৱ তাণ্ডৱ স্তোত্ৰৰ অসমীয়া ভাবানুবাদৰ অডিঅ- ভিডিঅ মুকলি

21/08/2026

নগাঁৱত চি,পি,আই,এমৰ বিক্ষোভ কাৰ্য্যসূচী

15/08/2026

নগাঁও জিলাৰ ৰাজীৱ ভৱনত

15/08/2026

নগাঁৱৰ সঞ্জয় ভৱনত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷

15/08/2026

নগাঁৱৰ কংগ্ৰেছৰ সঞ্জয় ভৱনত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ উপস্থিত থাকে সাংসদ তথা জেষ্ঠ কংগ্ৰেছ সাংসদ ৰকিবুল, চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তানজিল হুছেইন , প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ লগতে কংগ্ৰেছৰ নেতৃবৃন্দ সকল উপস্থিত থাকো ৷

Address

Bishnu Rabha Path
Nagaon
782003

Alerts

Be the first to know and let us send you an email when BMC News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BMC News:

Shortcuts

Share