News 11 Assam

News 11 Assam সোণকালে Follow কৰক
(1)

02/09/2026

নগাঁও জিলাৰ প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈছে একাংশ মাতাব্বৰে।ৰূপহী ৰাজহ চক্ৰ এলেকাত কূত্ৰিম বানৰ কবলত মূল পথ , বিদ্যালয়, হাজাৰ হাজাৰ ৰাইজ জুৰীয়া বজাৰৰ পিছ ফালে বৈ যোৱা এৰাসুঁতি বন্ধ কৰি পকী ঘৰ , দোকান বনোৱাৰ ফল ভুগিছে সাধাৰণ ৰাইজে।

01/09/2026

ৰামপুৰসত্ৰৰ কিশোৰী জুৰীয়াত উদ্ধাৰক লৈ নতুন মোৰ!

বটদ্ৰৱাৰ ৰামপুৰসত্ৰৰ এগৰাকী কিশোৰী জুৰীয়াত উদ্ধাৰ হোৱা ঘটনাক লৈ সামাজিক মাধ্যমত চলি থকা চৰ্চাৰ মাজতে পোহৰলৈ আহিছে নতুন তথ্য।

কিশোৰীগৰাকীয়ে এগৰাকী শিক্ষকক লৈ উত্থাপন কৰা অভিযোগক সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ, গাঁওবাসী আৰু শিক্ষকগৰাকীয়ে।

তেওঁলোকৰ দাবী অনুসৰি, কিশোৰীগৰাকীৰ পিতৃ-মাতৃ দুয়োগৰাকী জীৱিত আৰু কিশোৰীগৰাকী নিজ পিতৃগৃহতে বাস কৰে। সেই পিতৃগৃহৰ পৰাই কিশোৰীগৰাকী নিৰুদ্দেশ হৈছিল আৰু পিছত জুৰীয়াত উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, কিশোৰীগৰাকী আকবৰ আলী নামৰ শিক্ষকগৰাকীৰ বিদ্যালয়ত অধ্যয়ন কৰে। কিন্তু শিক্ষকগৰাকীৰ দাবী—কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে তেওঁৰ কোনো বিশেষ ঘনিষ্ঠতা বা চিনাকি নাই।

এনে পৰিস্থিতিত শিক্ষকগৰাকীৰ নাম এই ঘটনাৰ সৈতে সাঙোৰ খোৱাটো তৃতীয় পক্ষৰ ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ, গাঁওবাসী আৰু শিক্ষকগৰাকীয়ে।

ঘটনাটোক লৈ সামাজিক মাধ্যমত অপপ্ৰচাৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে কাৰ্যৰ তীব্ৰ নিন্দা কৰিছে গাঁওবাসীয়ে।

লগতে, ঘটনাৰ আঁৰত কোনো তৃতীয় পক্ষ জড়িত থাকিলে তেওঁলোকক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে স্থানীয় ৰাইজে।

01/09/2026

জুৰীয়াৰ কাষৰীত উদ্ধাৰ হোৱা ছোৱালী জনী পৰিয়ালে চমজি ল'লে। ছোৱালী জনীৰ মাক বাপেক আছে। জুৰীয়া আৰক্ষীয়ে চমজাই দিয়ে মাক বাপেকক।

➡️জুৰীয়াৰ জামুগুৰি গাঁৱত যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে নি'ৰ্যাত'ন চলাই এজনী বোৱাৰীৰ প্ৰা'ণ লোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ।
01/09/2026

➡️জুৰীয়াৰ জামুগুৰি গাঁৱত যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে নি'ৰ্যাত'ন চলাই এজনী বোৱাৰীৰ প্ৰা'ণ লোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ।

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি
01/09/2026

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি

31/08/2026

বৰচলাত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত বহু কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। লাহৰিঘাটত বিজেপিৰ শক্তি বৃদ্ধিৰ দাবী।

অসম মুছলিম ছাত্র সন্থা কেন্দ্রীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অর্পণ ছাহিদুল ইছলামক ুছলিম_ছাত্ৰ_সন্থা  #ছাহিদুল_ইছলাম   ...
31/08/2026

অসম মুছলিম ছাত্র সন্থা কেন্দ্রীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অর্পণ ছাহিদুল ইছলামক

ুছলিম_ছাত্ৰ_সন্থা #ছাহিদুল_ইছলাম

31/08/2026

জুৰীয়া আৰক্ষীৰ পুনৰ বৃহৎ সফলতা। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই লেপটপসহ তিনিজন কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ আৰক্ষীৰ।

31/08/2026

জুৰীয়াত কৃত্ৰিম বানৰ ভয়ংকৰ তাণ্ডৱ। ২০খন গাঁও ক্ষতিগ্ৰস্ত, ১০ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত আৰু ৫খন বিদ্যালয়ত পাঠদান বন্ধ। কালভাৰ্ট বন্ধ কৰাৰ অভিযোগক লৈ ক্ষুব্ধ স্থানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছে।

31/08/2026

কামপুৰ-কঠীয়াতলী পথত নে'ন গাড়ীৰ অদ্ভুত দুৰ্ঘটনা! খাৱৈত পৰিল গাড়ী, পাঁচজন যাত্ৰী উদ্ধাৰ। দুজন আহত চিকিৎসাধীন।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when News 11 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News 11 Assam:

Shortcuts

Share