PRIME NOW

PRIME NOW A Step Ahead

22/06/2025

▪নতুনকৈ নিয়মীয়া হোৱা নিম্ন প্ৰাথমিক,উচ্চ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকলৈ সুখবৰ
▪জুলাই মাহত দৰমহাৰ বাৰ্ষিক ৩% Increment ত অনুমোদন কেবিনেটৰ

*অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জলতা মহন্তৰ বিয়োগ*---------------------------------------------------------ডিজিটেল সংবাদ,২৮...
28/05/2025

*অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জলতা মহন্তৰ বিয়োগ*
---------------------------------------------------------
ডিজিটেল সংবাদ,২৮ মাৰ্চ:নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুঁজীডাহ উলুবাৰী নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী,ধৰ্মপ্ৰাণ মহিলা কুঞ্জলতা মহন্ত(অকমান)ৰ আজি বিয়লি ২ বজাত পৰলোকপ্ৰাপ্তি ঘটে।দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।উল্লেখ্য যে,নগাঁৱৰ বিৰহ বেবেজীয়াৰ এলেঙী সত্ৰৰ জীয়ৰি তথা কুঁজীডাহ উলুবাৰী নিবাসী প্ৰয়াত শিক্ষক শৰৎ মহন্তৰ পত্নী মহন্তই শিক্ষয়িত্ৰীৰূপে নগাঁৱৰ মাজগাঁও ভোমোৰাগুৰি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ কৰ্ম সম্পাদন কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে।জীৱিত কালত বিভিন্ন সামাজিক-ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওত:পোত:ভাৱে জড়িত হৈ থকা মহন্তৰ বিয়োগত কুঁজীডাহ-বিৰহ বেবেজীয়াত শোকৰ ছাঁ পৰিছে।তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।

22/04/2025

▶নগাঁৱৰ ডাকৰঘাটত বীৰাংগনা সতী সাধনীৰ ৫০১ সংখ্যক স্মৃতি দিৱস উদযাপন

15/04/2025

▶গৰু বিহুৰ নিশা নগাঁৱৰ কুঁজীডাহ উলুবাৰীত গৰুচুৰি
▶দুজনী গাই গৰু-দুটা দমৰা চুৰি কৰি নিলে চোৰে

14/04/2025

⏹শুনিলে মন জুৰোৱা এটি পুৰণি বিহুগীত
⏹চৰ্চাত ৰুণু জুনু জুনু জুনু মাই তোমাক আজি ভাল লগা নাই
⏹চৰাইদেউ সমন্বয় বিহু দলৰ আখৰাৰ এটি মনোমোহা দৃশ্য

12/04/2025

▶নগাঁৱৰ হাতীচোং শংকৰদেৱ বিদ্যা নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন

06/04/2025

⏩ধূপকাঠি উদ্যোগ গঢ়ি আত্মসংস্থাপনৰ বাট বুলিছে ৰহাৰ মোলানকটা গাঁৱৰ তিনিগৰাকী মহিলাই

02/04/2025

▶ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদত দায়িত্বভাৰ গ্ৰহণ জ্যেষ্ঠ অধ্যাপক মৃদুল কুমাৰ শৰ্মাৰ

30/03/2025

▶ঢোল,পেঁপা,গগনাৰ মাতত ৰজনজনাইছে কপাহেৰা অঞ্চল
▶কপাহেৰা আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত যোৱা ২৪ মাৰ্চৰ পৰা চলি থকা কৰ্মশালাখনিৰ আজি সামৰণি পৰে।

⏹কপিলী শিক্ষাখণ্ডত নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ*-----------------------------------ডিজিটেল সংবাদ,২৬ মাৰ্চ...
27/03/2025

⏹কপিলী শিক্ষাখণ্ডত নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ*
-----------------------------------

ডিজিটেল সংবাদ,২৬ মাৰ্চ:বাৰপূজীয়াৰ পৰা চৰাইবাহীকে ধৰি দন্দুৱালৈকে থকা বিদ্যালয়সমূহক সামৰি গঠিত মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডত আজি ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।তদুপলক্ষে আজি জালুগুটিস্থিত কপিলী খণ্ড সমল কেন্দ্ৰত অনুষ্ঠিত বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিজয় ক'ৰে।শুভাৰম্ভ কৰি বিষয়াগৰাকীয়ে সকলো বিদ্যালয়ৰ শিক্ষাগুৰুক চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি অহা ১ এপ্ৰিল তাৰিখে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিবলৈ আহ্বান জনায়।উক্ত অনুষ্ঠানত কপিলী খণ্ড এম আই এচ সমন্বয়ক চন্দ্ৰ গোস্বামী,চি আৰ চি চি ৰঞ্জনজ্যোতি মহন্ত,জয়শ্ৰী শইকীয়া,পাৰ্থ প্ৰতিম দেৱনাথ,লোচন কুমাৰ নাথ,হীৰক নাথকে ধৰি অন্যান্য চি আৰ চি চি সকল,খণ্ড গাণনিক প্ৰভাত হাজৰিকা,খণ্ড সমল ব্যক্তি সঞ্জীৱ কুমাৰ নাথ,বসন্ত কুমাৰ নাথ,কপিলী খণ্ডৰ মধ্য ইংৰাজী শিক্ষক সন্থা আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।উল্লেখ্য যে,কপিলী খণ্ডৰ মুঠ ৯ টা মণ্ডল সমল কেন্দ্ৰৰ ৭৭ খন চৰকাৰী প্ৰাথমিক,উচ্চ প্ৰাথমিক,মজলীয়া,মধ্য ইংৰাজী,উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনাগত দুদিনত পাঠ্যপুথিসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

10/03/2025

⏹নগাঁৱৰ ভালুকমাৰি শিবাশ্ৰমৰ প্ৰতিষ্ঠাপক শিৱসাধিকা প্ৰয়াত যোগেশ্বৰী দেৱীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পালন
⏹যোৱা ৮ মাঘত বিয়োগ ঘটিছিল যোগেশ্বৰী দেৱীৰ
⏹১৯৮৩ চনত ভালুকমাৰি শিৱাশ্ৰমখনি প্ৰতিষ্ঠা কৰিছিল প্ৰয়াত যোগেশ্বৰী দেৱীয়ে
⏹মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী পৰশুটাঙনী গাঁৱত জন্ম,বিবাহো হৈছিল একে গাঁৱতে
⏹শিৱ কৃপা লাভ কৰাৰ পিছত তেওঁ স্বামী বিতাড়িত হ'ব লগা হয়।
⏹ইয়াৰ পিছত তেওঁ প্ৰয়াত মঙ্গল সিং বৰদলৈয়ে দান দিয়া ভূমিত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল।

08/03/2025

⏹মৰিগাঁৱৰ বামুণবৰিত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
⏹সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত বামুণবৰি তৰুণ পুথিভৰাল আৰু সামুহিক কেন্দ্ৰত দিনজোৰা কাৰ্য্যসূচী

Address


Alerts

Be the first to know and let us send you an email when PRIME NOW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PRIME NOW:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share