20/01/2025
াবে_দহজনৰ_বদনাম
ঘটনা ২০২১ চনৰ। তেতিয়া ল'ক ডাউনৰ আছিল যদিও কিছু নিয়ম সাল-সলনি হৈছিল। কম সংখ্যক অতিথিৰ উপস্থিত বিয়া, অনুষ্ঠান আয়োজন কৰিব পাৰিছিল আৰু যাতায়তৰ ক্ষেত্ৰত আবেলি পৰা ৰাতিপুৱা ৬ বাজিলৈ বন্ধ আছিল।
২০২১ চনত ৬ আগষ্টত ভিনদেউৰ ভতিজা ছোৱালীৰ বিয়াৰ দিন-তাৰিখ ধাৰ্য্য হ'ল । ল'ক ডাউনৰ কিছু পৰিমাণে খুলিছিল যদিও বয়সস্থসকলক গাড়ীৰে যাতায়ত কৰিব পৰা নাছিল। আনকি গাড়ীৰ মানুহে বয়সস্থসকলক গাড়ীত উঠোৱাই নাছিল। গতিকে মা যাব নোৱাৰে। ভিনদেউৰ পৰিয়ালৰ সকলোৰে সৈতে মোৰ ভাল গতিকে মই যাবই লাগে, ইয়াৰ উপৰিও কইনাক জেতুকা, মেহেন্দি আৰু সজোৱা সকলো দায়িত্ব মোকেই গতালে। কইনাৰ কঠোৰ আদেশ 'তুমি আহি মেহেন্দি লগাই দিবা' । ৩৫/৪৫ জন অতিথিৰ উপস্থিতিত ভালে ভালে সাধাৰণ ভাৱে বিয়াখন হৈ গ'ল।
যিহেতু ৰাতি যাতায়ত বন্ধ গতিকে কইনা আবেলি বিদায় দি আজৰি। মইও ঘৰলৈ আহিবলৈ ওলালো। তেতিয়া প্ৰায় ৫মান বাজিল, সন্ধিয়াৰ ল'ক ডাউন আৰম্ভ হ'ল। আমাৰ ঘৰৰ পৰা ভিনদেউৰ ঘৰ বেছি দূৰ নহয়, খোজ কাঢ়ি আহিলে ২০/২৫ মিনিট সময় লাগে।গতিকে গাড়ীৰলৈ ৰৈ নাথাকি খোজ কাঢ়ি আহিব ল'লো। কিছু দূৰ আহিলেই বহুখিনি ঠাই ৰাস্তাৰ কাষত দোকান, ঘৰৰ - বাৰী একো নাই একেবাৰে মুকলি ঠাই।অলপ পিছতে সেই মুকলি ঠাইখিনি পালোহি। দুই এখন ব্যক্তিগত গাড়ী চলি আছিল। তেনেতে এখন ভেন গাড়ী ওচৰত আহি ৰখায় । গাড়ীখন চালোঁ, ভিতৰত অকল চালকজনহে বাহিৰে আৰু কোনো নাই। চালক জনে সুধিলে,
: ক'ত যাবা?
মই মুখে মাত নিদি মূৰ জোঁকাৰি নেতিবাচক সঁহাৰি দিলোঁ।
তেওঁ আকৌ কৈ উঠিল,
: ক'ত যাবা ভন্তি?
: গাড়ীত উঠা।
:ভাৰা নালাগে দিয়া।
:উঠা গাড়ীত।
মই মূৰ জোঁকাৰি নেতিবাচক উত্তৰ দি মনে মনে ৰাস্তাৰ কাষেৰে বাট ল'লো । তেতিয়া আন এখন মিনি ট্ৰাক ৰখাই সুধিলে,
:ভন্তি ই কিবা কৈছে নেকি?
মই আকৌ মাত্ৰ মূৰ জোঁকাৰি হয় বুলি সঁহাৰি দিছিলোঁহে। তেতিয়াই তেওঁ ভেন'ৰ চালক জনক উদ্দেশ্য কৈ উঠিল,
: ঔ কুকু.. পো.., ঔ কুকু...! অকলে পাই সুবিধা ল'ব আহিছ! জোকাব আহিছ ! ঔ কুকু... ৰ!
পিছৰ চালক দাদাজনৰ মাত শুনি লগে লগেই ভেন'ৰ চালক পলাল। ট্ৰাকৰ দাদাজনেও পিছা ল'লে। মই ঘৰ পোৱালৈ আৰু ভেন খন নেদেখিলোঁ।
ভাল মানুহ আছে বাবেই পৃথিৱীখন আছে আৰু এনেকুৱা এজনৰ বাবে দহজনৰ বদনাম হয় । সাময়িকভাৱে বহু মানুহ লগ পাইছোঁ মোৰ ওপৰত ভাল/বেয়া প্ৰভাৱ পৰিছে। দাদাজনক ভালকৈ নেদেখিলোঁ, ধন্যবাদ জনাবলৈ সুযোগ নহ'ল। এনেকুৱা দাদা বা পুৰুষ সকল সঁচাই ধন্যবাদৰ পাত্ৰ আৰু কিছুমান ভদ্ৰতাৰ মূখা পিন্ধা কাপুৰুষ আছে তিৰস্কাৰ কৰিবলৈ কোন্থাবোধ নহ'ব।
Rousana Begum