31/05/2025
অবৈধ বিদেশী বুলি অসমৰ ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ একাংশ লোকক ৰাতি ৰাতি ঘৰৰ পৰা অসম চৰকাৰৰ সীমান্ত শাখাৰ আৰক্ষীয়ে আটক কৰি ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় সকলো আইন-কানুন অমান্য কৰি তথা সম্পূৰ্ণ অমানৱীয়ভাবে ভাৰত-বাংলাদেশ সীমান্তৰ No Man's Land ত নিশাৰ আন্ধাৰত এৰি দিয়াৰ লগতে বিদেশী চিনাক্তকৰণৰ নামত নিৰীহ লোকক আৰক্ষীয়ে ধাৰাবাহিক ভাবে কৰি অহা অত্যাচাৰ-নিপীড়নৰ বিৰুদ্ধে আজি ৩১ মে, ২০২৫ ইং তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আমছুৰ আহ্বানত অনুষ্ঠিত নাগৰিক সভাত উপস্থিত থাকো। আজিৰ নাগৰিক সভাই চৰকাৰৰ এনে বৰ্বৰ-অমানৱীয় কাৰ্যকলাপক তীব্ৰ ভাষাৰে একমুখে গৰিহণা দিয়াৰ লগতে এনে বেআইনী কাৰ্য্যৰ পুনৰাবৃত্তি নকৰিবলৈ চৰকাৰক দাবী জনায়। আনহাতে বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ একমাত্ৰ বৈজ্ঞানিক উপায় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰস্তুতকৰণৰ কাম অতিশীঘ্ৰে সমাধান কৰি চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত হোৱা সকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ আজিৰ সভাই চৰকাৰক দাবী জনায়। সমান্তৰালকৈ আৰক্ষীয়ে বিদেশী চিনাক্তকৰণৰ নামত ধৰ্মীয় সংখ্যালঘূ নিৰীহ শ্ৰমিক, কৃষক তথা সহজ-সৰল মানুহক ধাৰাবাহিকভাৱে কৰি অহা অত্যাচাৰ-নিপীড়ন অতিশীঘ্ৰে বন্ধ কৰিবলৈ আজিৰ সভাই চৰকাৰক দাবী জনায়। তাৰোপৰি আজিৰ সভাই চৰকাৰক বহুকেইটা দাবী জনাই প্ৰস্তাৱ গ্ৰহন কৰে। অহা ৪ জুন, ২০২৫ ইং তাৰিখে গুৱাহাটীৰ চচলত সংখ্যালঘূ সকলো সংগঠনে একত্ৰিতভাৱে ধৰ্ণা কাৰ্যসূচী লোৱাৰ উপৰিও অতিশীঘ্ৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী, ৰাজ্যপাল, দেশৰ ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় গৃহমন্ত্ৰীক সকলো সংগঠনৰ নেতৃত্বৰ লগতে জ্যেষ্ঠ সকলৰ এক সজাতি দলে সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আৰক্ষীৰ অত্যাচাৰ-নিপীড়ন বন্ধ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কাম অতিশীঘ্ৰে সমাপ্ত কৰি বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ দাবী জনাব।