প্ৰেৰণা আৰু অনুভৱ

প্ৰেৰণা আৰু অনুভৱ প্ৰেৰণা আৰু অনুভৱ প্ৰতি পলকতে যেন জীৱনৰ বাটত, আছেঁ এশ লক্ষ নতুন আশা। প্ৰতি নিশ্বাসত যেন আনিছে এক নতুন প্ৰেৰণা, আলোকিত কৰে জীৱনৰ পথ।

30/01/2025

29/01/2025
শব্দই নকয় বহুকথা, সময়ৰ তাগিদাত শব্দবোৰো নিৰ্বাক হৈ পৰে। অনুভৱবোৰ বুজাবলৈ য'ত শব্দই নাথাকে, তাত দুচকুৰ ভাষাই নিজৰ স্থিত...
09/12/2024

শব্দই নকয় বহুকথা, সময়ৰ তাগিদাত শব্দবোৰো নিৰ্বাক হৈ পৰে। অনুভৱবোৰ বুজাবলৈ য'ত শব্দই নাথাকে, তাত দুচকুৰ ভাষাই নিজৰ স্থিতি সবল কৰে। বহু কথা শব্দহীনভাৱেই কোৱা হয়, বুজোতাই বুজে।
প্ৰিয়জন যেতিয়া কাষত থাকে, কঙাল বুকুখনো ভৰুণ হৈ পৰে। অনুভৱবোৰ উফন্দি উঠে.... পকনীয়া তোলে বুকুত। কিন্তু কব নোৱাৰি (হয়তো পৰিবেশে কব নিদিয়ে), কোৱা নহয় কম কম বুলি ভাবি থকা অনুভৱবোৰ। শব্দবোৰ খটপ খটপ কৈ মিছিল হৈ নামি আহে জিভালৈ, তাতেই ফুলষ্টপ.....
কোৱা নহয় তেঁওৰ নামত দেখা সপোনৰকথা।

30/11/2024

জীৱনত সফল হোৱাটো বৰ সহজ নহয়। ত্যাগ, একাগ্রতা আৰু সাধনাৰ সফল প্রার্থনাত সোমাই থাকে সফল জীৱনৰ কাহিনী। দেহটো শক্তিশালী হোৱাতকৈ মনটো শক্তিশালী হ'লে জোনাকবোৰ বুকুত ফুলিব লয়। সফলতাৰ ৰাস্তাটো বৰ দীঘল আৰু বৰ পিছল। পদে পদে তাত বিফলতাৰ ভয় সেইবাবে প্রতিটো খোজ সদায় ভালকৈ দিব লাগে যাতে বিফলতাৰ নামৰ পাৰমাণৱিক বোমাটোৱে আমাক সহজে আক্রমণ কৰিব নোৱাৰে।

সফলতাৰ ৰাস্তাত খোজ কাঢ়োতে সদায় প্রথম খোজটো নিজক বিশ্বাস কৰি দিব লাগে যাতে মই পাৰিম। হাজাৰ ধুমুহাই মোৰ গতি কেতিয়াও ৰূদ্ধ কৰিব নোৱাৰে। এইয়া হ'ল আমাৰ আত্মবিশ্বাস। যিয়ে আমাৰ মনটোক সদায় শক্তিশালী কৰি ৰাখে। দ্বিতীয় খোজটো সদায় কঠোৰ পৰিশ্ৰম আৰু অনুশীলনৰ মাজেৰে দিব

লাগে।

তৃতীয় খোজটো কেতিয়াও হাৰ নামানিবলৈ দিব লাগে। সেইয়া চাওঁক সফলতা আপোনাৰ চকুৰ আগত।

Address

Salmara
Nagaon

Telephone

+919387472788

Website

Alerts

Be the first to know and let us send you an email when প্ৰেৰণা আৰু অনুভৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to প্ৰেৰণা আৰু অনুভৱ:

Share