01/11/2025
# পাকাাবেতবাৰী ব্লকৰ কৰ্মচাৰীক প্ৰহাৰঃ ন্যায়ৰ দাবীত ব্লকৰ কৰ্মচাৰীৰ কৰ্ম বিৰতি আজি দ্বিতীয়দিনাও অব্যাহত।
# পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ গৰিহনাঃ তীব্ৰ প্ৰতিবাদৰ হুংকাৰ।
বৰপেটা,৩১ অক্টোবৰঃ বৰপেটাৰ পাকাবেতবাৰী ব্লকৰ অন্তৰ্গত উত্তৰ বেতবাৰী গাঁওপঞ্চায়তৰ কৰ্মচাৰী মাজিদুল ইছলামক পঞ্চায়ত সদস্যাৰ স্বামীয়ে শাৰীৰিক প্ৰহাৰ কৰাৰ প্ৰতিবাদত শুক্ৰবাৰে দ্বিতীয় দিনাও অব্যাহত আছে পাকাবেতবাৰী ব্লকৰ সমুহ কৰ্মচাৰীৰ “কৰ্মবিৰতি”। উল্লেখ্য যে, অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, গাঁওপঞ্চায়ত সদস্যা জাহানুৰ পাৰবিনৰ সদস্যা পদ খাৰিজ কৰা, ভূক্তভোগী মাজিদুল ইছলামক ন্যায় প্ৰদান কৰা আদিৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে। ঊল্লেখ্য যে উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ জি পি চি মাজিদুল ইছলামে বিগত ১৩ অক্টোবৰত ঘৰে ঘৰে গৈ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জিঅ'টেগ কৰিবলৈ গৈছিল আৰু তেতিয়া তেওঁক পঞ্চায়তখনৰ ৱাৰ্ডৰ সদস্যা জাহানুৰ পাৰবিনৰ স্বামী তাইজুদ্দিন আহমেদে প্ৰহাৰ কৰে। আনহাতে ঘটনা সন্দৰ্ভত পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্বাহিনা বেগমে তীব্ৰ ভাষাৰে গৰিহনা দি কয় যে,এই কৰ্মবিৰতিৰ পিছতো যদি তাইজুদ্দিনক আৰক্ষীয়ে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা নললে গণতান্ত্ৰিক পদ্ধতিত প্ৰতিবাদ তীব্ৰতৰ কৰা হব বুলি হুংকাৰ দিয়ে।
(নিউজ ডেক্স ৰিপৰ্ট)