18/07/2025
উচ্ছেদ বন্ধ নহ'লে জঙ্গি আন্দোলনৰ হুংকাৰ মুছাৰ। মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। মুছলমান সকলক জীয়াই থাকিবলৈ দিয়ক। এওঁলোক ভাৰতীয় নাগৰিক হয়। মুছলমানক টাৰ্গেট কৰি অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ আহ্বান মুছাৰ ।
আমাৰ গাতো বীৰ লাচিতৰ তেজে আছে। আমিও মোগলৰ সৈতে, ব্ৰিটিছৰ যুদ্ধ কৰিছোঁ সৈতে যুদ্ধ কৰিছোঁ। তাৰ জলন্ত প্ৰমাণ ভাৰতৰ দুৱাৰমুখ India Gate। তাত মুছলমানৰ তেজৰ বলিদান লিপিবদ্ধ হৈছে। উচ্ছেদ কৰাৰ পূৰ্বে উচ্ছেদিত পুনৰ সংস্থাপন দিয়ক অন্যথাই গোটেই অসম জুৰি জঙ্গি আন্দোলন গঢ়ি তোলা হ'ব বুলি তীব্ৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থা,অসমৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ।