NagaonLive

NagaonLive সদায় সত্যৰ সন্ধানত

27/09/2025

জুবিন দাই কিয় কলে আমি কংগ্ৰেছক নিজিকাও বুলি

21/09/2025

এই জাতি জুবিন দা অবিহনে অসম্পূৰ্ণ 😭😭

বুকুখন বিষাই গৈছে অ 😭😭
20/09/2025

বুকুখন বিষাই গৈছে অ 😭😭

20/09/2025

😭😭

আজি সকলোতে কেৱল জুবিন দা 😭🙏
20/09/2025

আজি সকলোতে কেৱল জুবিন দা 😭🙏

20/09/2025

#জুবিন_আহিছে......
✍️নিতুপন
••••••••••••••••••••••••
জুবিন পালেই আৰু গুৱাহাটী ৷ বেছি সময় নাই ৷ আহিয়েইতো একদম হুলস্থুল লগাই দিব,
~~~অই কি হ'ল তহঁতৰ ? চিতা ৰেডি হোৱাই নাই নেকি মোৰ বাবে ?
~~~আবে, সেইবাবেইতো মই কওঁ, দুই পেগ দি ল'ব লাগে ৷ কাম কৰাৰ বাবে এনাৰ্জি আহি যায় ৷ হাঃ হাঃ হাঃ....নাই নাই মদ বেয়া বস্তু ৷ খাব নালাগে ৷ ময়ো কমাইছো আজিকালি ৷ বহুত কমাইছো ৷ আগতে বহুত খালো ৷
~~~আৰু তহঁতে জানই দেখোন মই নিশাচৰ মানুহ ৷ সেইবাবেই এইবাৰ একদম এন্ধাৰ হৈ আহিছো ৷ ইমানগাল চাকি, মমবাতি জ্বলাই লৈ আহিব লাগে নে বাৰু তহঁতে ? আৰে জানই দেখোন, মই এন্ধাৰ ভালপাওঁ...I love it...I enjoy it...
~~~একেবাৰে গোটেইগাল মানুহ আহি এয়াৰপৰ্ট পাইছহি যে ? আৰু ইমানগাল ফুল কিয় আনিছ' ? ফুল নোহোৱা হৈ যাব দেখোন অসমত ৷ তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ ৷ হাবিত থাকি ভালপাওঁ ৷ ফুল ছিঙিলে ভাল নালাগেতো ৷ ফুল ফুলি থাকিব দে নিজৰ জেগাত ৷ ৰ'দৰ ফুল ৷
~~~তাতকৈ নাহৰৰ পুলি লৈ আন ৷ সকলোৱে মিলি মোক জ্বলাই দিয়াৰ আগত নাহৰ ৰুই দিওঁ আহ ৷ নাহৰৰ অৰণ্য বনাই দিওঁ ৷
~~~এদিন নাহৰ গছবোৰ ওখ হৈ যাব ৷ নাহৰৰ গছত উঠিবি ৷ মোক ওচৰৰ পৰা দেখিবি ৷
~~~আৰু তহঁতে এনেকৈ কান্দি কিয় আছ' অই ? পাগল হলি নেকি ? সাগৰৰ তলিত শুই আহিছো ৷ পানীবোৰহে বেছিকৈ সোমাই গ'ল নাকে-মুখে এইবাৰ ৷ হ'ব দে একো নাই ৷ হৈ য়ায় কেতিয়াবা...It happens...Don't worry.
~~~চাওঁ... চাদা অকণ দেচোন কোনে বনাইছ' ৷ মোৰ হাত একদম ঠাণ্ডা কৰি দিছে সাগৰে ৷ চাদাৰ জোৰেই নুঠিব ঘেণ্টা ৷ ওপৰলৈ গৈ আকৌ চাদা ভাগত পাওঁনে নাই বা ৷ ইয়াত অকল গৰীমাৰহে শাসন চলে ৷ তাতে এফালে জংকীয়ে ধৰিব, এফালে মাই ধৰিব ৷ হৈছে আৰু কেলা চাদা খোৱা মোৰ ৷
~~~বাকী বিনদাচ একদম ৷ দূৰ্গাপূজা আহি আছে ৷ ৰঙীণ কাপোৰ-চাপোৰ চবেই লবি হা ৷ মানুহ একদম Colourful হৈ থাকিব লাগে... I love colour...পেনপেনাই কান্দি কান্দি পূজা বৰবাদ নকৰিবি আৰু ৷ সদায় এনজয় কৰি থাকিব লাগে ৷
~~~কাম বাকী ৰৈ গ'ল বাৰু অলপ ৷ "ৰৈ ৰৈ বিনালে"খন ৰিলিজ কৰিব ৰৈ গ'ল ৷ এইখন মানে একদম মিউজিকেল ফিল্ম....first time in Assam...মই নিজে আছো, বাকী ইহঁতবোৰো আছে ৷ চবেই চাবি হা ৷ অসমীয়া চিনেমা ৷ চাব লাগে ৷ মৰম দিব লাগে ৷ বাকী কি ক'ম আৰু.... Love you all...তহঁতবোৰৰ লগত এইখিনিলৈয়েই আছিল আৰু ৷ উপায় নাই ন ৷ টাইম আহি গ'ল....don't worry হা ৷ গানবোৰ বজাই থাকিবি ৷ মইতো গানৰ মানুহ, গানতেই থাকো সদায়... বাৰু শেষবাৰৰ বাবে এবাৰ নিজেই গুণগুণাই দিছো দে,
মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত।
তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেঁচা টোপাল,
নামি অহা ৰ'দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা।
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন,
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।
নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত....😭😭😭

হিমন্তবিশ্ব শৰ্মাৰ পৰা গৌৰৱ গগৈলৈকে, অৰবিন্দ কেজৰিৱালৰ পৰা লুৰিণ জ্যোতি গগৈ লৈকে , সঞ্জীৱ নাৰায়ণৰ পৰা নিতুমণি শইকীয়ালৈকে...
20/09/2025

হিমন্তবিশ্ব শৰ্মাৰ পৰা গৌৰৱ গগৈলৈকে, অৰবিন্দ কেজৰিৱালৰ পৰা লুৰিণ জ্যোতি গগৈ লৈকে , সঞ্জীৱ নাৰায়ণৰ পৰা নিতুমণি শইকীয়ালৈকে সুসম্পৰ্ক থকা শ্যামকানু মহন্তৰ বিৰুদ্ধে জানো সঠিক তদন্ত হব ?

20/09/2025

Address

Nagaon
782002

Website

Alerts

Be the first to know and let us send you an email when NagaonLive posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share