BMB News

BMB News News and Entertainment

24/10/2025

এজন সম্পাদকৰ আবশ্যক। ৰাজনীতিৰ প্ৰতি আকৃষ্ট নোহোৱা আৰু সকলো ধৰ্মৰ প্ৰতি সহনশীলতা থকা লোকে যোগাযোগ কৰিব পাৰে

Shout out to my newest followers! Excited to have you onboard! Anderson Mech, Md Khorsed Ali, Rubul Ahmed, Abad Ali, Asi...
01/10/2025

Shout out to my newest followers! Excited to have you onboard! Anderson Mech, Md Khorsed Ali, Rubul Ahmed, Abad Ali, Asim Laskar, Lalchan Ali, Mujammel Hoque, Abdul Kader, Nibha Borah, Mridul B Vlogs, Dhan Raj, Raja Axom, AmRan Ali, Puja Das Puja Das, Amir Ali, Shambhu Piyali Roy Dakua, Abdul Ahad, Tumhen Navrat Ashda

30/09/2025

I got over 100 reactions on one of my posts last week! Thanks everyone for your support! 🎉

28/09/2025
24/09/2025

এয়া বিসাদৰ জন সমুদ্ৰ। জুবিন গাৰ্গে প্ৰমাণ কৰি গ'ল যে ৰাজনীতিৰ কৰালগ্ৰাসত তেওঁ আত্মবলিদান দিয়া নাছিল যাৰ বাবে আজি লাখ লাখ জনতা তেওঁৰ মৃত্যুৰ সংবাদত স্বত্ব:ফুত ভাবে ৰাজপথলৈ ওলাই আহিছে।কেওফালে কেৱল জন সমুদ্ৰ। যি জন সমুদ্ৰত আছে অনুৰাগী আৰু অসমৰ জনতা। এক বিৰল ঘটনা যি ঘটনাটোক স্বীকাৰ কৰিব পাৰি যে বৰ্ণ বৈষম্য আৰু জাতি বিহীন মানুহৰ মিছিল। ৰাজনীতিয়ে ভাগ কৰে সংস্কৃতিয়ে একগোট কৰে। এতিয়া বহুতেই মুকলি ভাবে ক'ব ধৰিছে ৰাজনৈতিক পৰিবেশো এনেকুৱা হওঁক য'ত কোনেও ঠাট্টা বিদ্ৰোপ কৰি কব জাতে নোৱাৰে উচ্চ নিচ্চ জাতিৰ সংজ্ঞা।

শোকাকোল জনতাই প্ৰাৰ্থিব জুবিন গাৰ্গক বিদায় জনালে ----------------------------------------হৃদয়ত মনে প্ৰাণে স্হান দিয়া ...
24/09/2025

শোকাকোল জনতাই প্ৰাৰ্থিব জুবিন গাৰ্গক বিদায় জনালে
----------------------------------------
হৃদয়ত মনে প্ৰাণে স্হান দিয়া অসমৰ জনতাই শোকাকোল পৰিবেশৰ মাজত বিদায় জনালে শ্ৰদ্ধাৰ কণ্ঠশিল্পী,মানবদৰদী তথা স্পষ্টবাদী জুবিন গাৰ্গক। ইতিহাসৰ পাতে পাতে লিখা থাকিব এই গৰাকী সংস্কৃতিৰ পূজাৰীৰ জীৱন গাঠা তথা বিদায় ক্ষনৰ ঐতিহাসিক মিছিলৰ কথা।কেৱল অসমেই নহয় সমগ্ৰ ভাৰত তথা বিশ্বৰ পৰিচিত মানুহখিনিৰ বাবে জুবিন গাৰ্গ এটা ঐতিহাসিক সত্বা হৈ জিলিকি উঠিল। কণ্ঠৰে আকাশ বতাহ ৰজনজনাই থকা এই গৰাকী মহান সাংস্কৃতিক পূজাৰীয়ে প্ৰমাণ কৰি গ'ল সাংস্কৃতিবান হ'ব লগা হলে কেৱল মানুহক ভাল পাব লাগিব।সেই ভালপোৱা জাত-পাত কিম্বা ধনী-দুখীয়াৰ তুলাচালনীত জোখাটো সমিচিন নহয় ।
জুবিন গাৰ্গ আজিৰ তাৰিখত জন্ম বা স্বীকৃতি পোৱা ব্যক্তি নাছিল। অসাধাৰণ কণ্ঠৰ অধিকাৰী আৰু প্ৰবল ইচ্ছা শক্তিৰ লগত নিজৰ মন আত্মক সমৰ্পন কৰি এক প্ৰবল প্ৰত্যাহ্বানৰ মাজত " ইউক্লিপটাষ্টৰ"দৰে আকাশ চোৱাৰ সুযোগ লাভ কৰে। সমগ্ৰ অসমৰ সাংস্কৃতিক জগতৰ লগত জৰিত জনতাই জানে এন.কে.প্ৰডাক্সনৰ প্লেটফৰ্মৰ পৰাই জুবিনৰ জনপ্ৰিয়তাই পোখামেলিবলৈ আৰম্ভ কৰে। এইক্ষেত্ৰত মানস ৰবিন, পবিত্ৰ মাৰ্ঘেৰিটা তথা দেবু বৰকটকীৰ ভূমিকা উল্লেখযোগ্য।এন কে প্ৰডাকচনে জুবিনৰ কণ্ঠ ৰ'দৰ পোহৰত জিলিকাই দিলে।
জুবিন ৰ আকস্মিক মৃত্যুত সমগ্ৰ দেশৰ জনতা শোকত ভাৰাক্ৰান্ত হৈ পৰিল। যাৰ নেতৃত্বত জুবিন ছিঙ্গাপুৰলৈ গৈছিল সেইজন শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ সকলোৱে সৰব হৈছে এইবাবেই যে দায়িত্বহীন ভূমিকা ললে তেওলোক দুজনে। চচিয়েল মিডিয়াত বহুলভাৱে চৰ্চ্চা লাভ কৰাৰ পিছত দুয়োজনে আত্মগোপন কৰি নিৰাপদে আছে যদিও জনতা এতিয়াও ক্ষোভত।
মৃত্যুৰ সময়ৰ পৰা অন্ত্যেষ্টিক্ৰিয়া লৈকে এই কেইদিন অসমৰ পৰিবেশ জুবিন ময় হৈ থাকিল। এগৰাকী কন্ঠশিল্পী শিল্পীৰ স্থানলৈ স্বীকৃতি লাভ কৰিলে। একগোট হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া। ৰাজনীতিৰ উৰ্দ্ধত জুবিন গাৰ্গ। চৰকাৰী ভাবেও পাব লগা সন্মান লাভ কৰিলে জুবিন গাৰ্গে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো শলাগ ললে বহুতে। এতিয়া সকলোৱে অপেক্ষা কৰিছে দায়িত্ব পালন নকৰা শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মাৰ কি দৃষ্টান্ত মূলক শাস্তি হয় তাক প্ৰত্যক্ষ কৰিবলৈ।

সৰবৰহী ব্যক্তি থানেশ্বৰ শইকীয়া দেৱৰ মৃত্য------------------------------নগাঁৱৰ শেনচোৱাৰ সৰবৰহী ব্যক্তি তথা সমাজ কৰ্মী থা...
22/09/2025

সৰবৰহী ব্যক্তি থানেশ্বৰ শইকীয়া দেৱৰ মৃত্য
------------------------------

নগাঁৱৰ শেনচোৱাৰ সৰবৰহী ব্যক্তি তথা সমাজ কৰ্মী থানেশ্বৰ শইকীয়াৰ আজি আদ্য শ্ৰাদ্ধ। নগাঁৱৰ যোগান বীভাগৰ পৰা ২০০১বষত অবসৰ গ্ৰহণ কৰাৰ পিছতজিলাখনৰ বিভীন্ন সামাজিক -সাংস্কৃতিক তথা সাহিত্যা অনুষ্ঠানত জৰিত হৈ পৰিছিল। বিশেষকৈ নগাঁও জিলাৰ কেওত সন্মিলন,শেনচোৱা শাখা সাহিত্য সভা, নগাঁও জিলাৰ জেষ্ঠ নাগৰিক সন্মিলন,গ্ৰাহক সুৰক্ষা সমিতি,পেঞ্চনাৰ সন্হা,আদিৰ লগত আজীৱন জৰিত হৈ আছিল।
এজন ব্যক্তিত্ব সম্পূৰ্ণ ব্যক্তি আছিল মৃত থানেশ্বৰ শইকীয়া দেৱ। সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা এজন আদৰ্শ বান ব্যক্তিক হেৰুৱাই সমগ্ৰ জিলাখনৰ পৰিচিত মানুহখিনি শোকত ম্ৰিয়মান হৈ পৰিছে। তেখেতৰ বাসগৃহত আহি সকলোৱে শোক সন্তপ্ট পৰিয়ালক সমবেদনা জনোৱাৰ লগতে স্মৃতি ৰোমন্ঠন কৰি আবেগিক হৈ পৰিছিল।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮২ বছৰ।১৯৪৩ চনত জন্ম গ্ৰহণ কৰা শইকীয়াদেৱে নগাঁৱত শিক্ষা গ্ৰহণ কৰাৰ পিছত নগাঁও উপায়ুক্ত কাৰ্য্যলয়ত চাকৰি কৰাৰ উপৰিও মৰিগাঁও জিলাৰ লাহৰিঘাটতো চাকৰি কৰিছিল। অবসৰ গ্ৰহণ কৰাৰ পিছত ঘৰতেই তেখেত আছিল। হঠাৎ লগৰ এজনৰ খবৰ কৰিবলৈ যোৱা অবস্থাত ভৰি পিছল খাই পৰি আঘাট প্ৰাপ্ত হৈছিল আৰু সেই আচিলাতে যোৱা ১২চেপ্তেম্বৰ ২০২৫তাৰিখে দিনৰ ভাগত মৃত্যু ঘটে অকস্মাতে। মৃত্যুৰ সময়ত তেখেতে সহধৰ্মিনী বুলু শইকীয়া,দুজন পুত্ৰ দুগৰাকী বোৱাৰী তথা দুজনী জীয়ৰী আৰু দুজন জোৱাই সহ নাতী নাটিনী তথা আত্মীয় স্বজন এৰি থৈ যায়।

Address

Nagaon

Alerts

Be the first to know and let us send you an email when BMB News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BMB News:

Share