DHC News

DHC News এখন জ্ঞাত পৃথিৱী এখন উন্নত পৃথিৱী।
REG NO: UDYAM-AS-22-0009691

06/09/2026

♦️কামপুৰত ভয়ংকৰ বালি চিণ্ডিকেট।
♦️কামপুৰ বজাৰৰ মাজমজিয়াত অবৈধভাৱে প্ৰৱেশ গেট স্থাপন কৰি সংগ্ৰহ কৰে ধন।
♦️প্ৰতিখন গাড়ীৰ পৰা ১০০০ টকাকৈ ধন লোৱাৰ অভিযোগ এই অবৈধ গেটটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে।

06/09/2026

♦️নগাঁৱলৈ সুনাম কঢ়িয়াই Powerlifting Indiaৰ ৰাষ্ট্ৰীয় ৰেফাৰী ৰূপে স্বীকৃতি লাভ কৰা মনোজ কলিতা নগাঁৱৰ গৃহত উপস্থিত।
♦️উল্লেখ যে উত্তৰ প্ৰদেশৰ গাজীপুৰত অনুষ্ঠিত National Referee Category-II ৰ লিখিত আৰু ব্যৱহাৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মনোজ কলিতাক পাৱাৰলিফটিং ইণ্ডিয়াই ৰাষ্ট্ৰীয় ৰেফাৰী ৰূপে বাছনি কৰে ।

06/09/2026

♦️নগাঁৱৰ ধিং ৰোডৰ চিলঙনীত অৱস্থিত Prastuti Integrated Academy-ত উলহ-মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস।
♦️শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি সন্মান আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ অপূৰ্ব সমাহাৰেৰে আয়োজিত হয় বিশেষ অনুষ্ঠান।

06/09/2026

♦️নগাঁও তৰণী সংঘৰ শতবৰ্ষ উদযাপন ।
♦️নগাঁও চহৰৰ তৰণী সংঘ শতবৰ্ষ অতিক্ৰম কৰাৰ ফলত নগাঁও চহৰৰ শ্বহীদ ভৱনত দিনজোৰা কাৰ্যসূচীৰে এখন মুকলি সভা অনুষ্ঠিত কৰে।
♦️পুৱাৰ ভাগত সংঘৰ পতাকা উত্তোলন কৰে।

06/09/2026

♦️মানৱ সমাজক লজ্জানত কৰা এক ভয়াবহ ঘটনা সংগঠিত হৈছে কঠীয়াতলীৰ কঁঠালগুৰি ডিক্ৰুম কাৰ্বি গাওঁত।
♦️নগাওঁ জিলাৰ কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কঠীয়াতলী কথালগুৰিৰ ডিক্ৰুম কাৰ্বি গাঁৱত পাষন্দ পিতৃৰ কামনাৰ বলি নিজ কন্যা ।
♦️ধৰ্ষণ কৰাৰ অভিযোগ তোলে কন্যা সন্তানটিৰ মাতৃয়ে।

06/09/2026

♦️শিক্ষক দিৱসৰ দিনাই বিদায় সম্বৰ্ধনা জনালে চামগুৰিৰ কুৰুৱাবাহী মোক্তাৱ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৰৎ দাসক
♦️শিক্ষক দিৱসৰ দিনা শিক্ষকতা জীৱনৰ মেলানি মাগিলে নগাওঁ জিলাৰ চামগুৰিৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ কুৰুৱাবাহী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক শৰৎ দাসে।

♦️নগাঁও চহৰৰ অতি পূৰণী ক্লিনিক ভাৰত ফাৰ্মাচীৰ স্বত্বাধিকাৰী  জেষ্ঠ্য চিকিৎসক ডা° নুৰুল ইছলাম বক্সীৰ আজি পুৱতি নিশা ৩ বজা...
06/09/2026

♦️নগাঁও চহৰৰ অতি পূৰণী ক্লিনিক ভাৰত ফাৰ্মাচীৰ স্বত্বাধিকাৰী জেষ্ঠ্য চিকিৎসক ডা° নুৰুল ইছলাম বক্সীৰ আজি পুৱতি নিশা ৩ বজাত পৰলোকপ্ৰাপ্তি ঘটে।

06/09/2026

♦️বোকাজানত দালালী কাৰ্যত জড়িত নাৰী সংগঠন তথাকথিত ২ নেত্ৰীক আটক বোকাজান আৰক্ষীৰ।
♦️লগতে এটা পুৰুষ দালালকো আটক কৰিছে।
♦️ধৃত ৩ দালালী হৈছে ক্ৰমে বোকাজানৰ দীপ্তি দে' খটখতিৰ মিষ্টি সুৰ
আৰু এনামুদ্দিন আলী।
♦️তিনি দালালীক আটক কৰাৰ পাছতেই বোকাজান আদালতত হাজিৰ কৰায় আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লয়।

06/09/2026

♦️নগাঁৱত বতিক্ৰমী ভাবে শিক্ষক দিবস উৎযাপন।
♦️নগাঁৱৰ চকিটুপত এক ব্যতিক্ৰমী ৰূপত শিক্ষক দিবস পালন কৰা হয়।
♦️নগাঁৱৰ খাগৰিজান মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুনীল ৰঞ্জন দেৱনাথক আজি প্ৰাক্তন ছাত্ৰ দেবু দত্তৰ উদ্যোগত সন্ধিয়া প্ৰক্তন ছাত্ৰ ছাত্ৰী সকলে নিজ গৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষক দিবসৰ শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।

06/09/2026

♦️শিক্ষক দিৱস উপলক্ষে গৌৰৱ গগৈ ফেনচ্ ক্লাব, নগাঁৱৰ তৰফৰ পৰা প্ৰতি বছৰৰ দৰে নগাঁৱৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মুৰব্বী তথা জ্যেষ্ঠ শিক্ষকসকলক আজি সম্বৰ্ধনা জনোৱা হয়।
♦️শিক্ষাই এখন সমাজৰ ভৱিষ্যৎ নিৰ্মাণ কৰে।
♦️ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শিক্ষকসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

Address

Dimoruguri
Nagaon
782003

Telephone

+917099682208

Website

Alerts

Be the first to know and let us send you an email when DHC News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DHC News:

Shortcuts

Share