DHC News

DHC News এখন জ্ঞাত পৃথিৱী এখন উন্নত পৃথিৱী।
REG NO: UDYAM-AS-22-0009691

29/09/2025

📍সাত সাগৰ তেৰ নদীৰ সিপাৰে ইটালীতো জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী।
📍ইটালীৰ মিলান চহৰত প্ৰবাসী ভাৰতীয় সকলে জুবিন গাৰ্গলৈ জনালে গভীৰ শ্ৰদ্ধাঞ্জলি ৷
📍ইটালীত থকা নগাঁৱৰ অভিনাষ বৰুৱাৰ উদ্যোগত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

29/09/2025

📍আজি প্ৰাণৰ শিল্পী মহানায়ক জন আমাৰ মাজৰ পৰা কায়িক ভাৱে নোহোৱা হোৱা ১০ দিন হ'ল।
📍বৈদিক নিয়ম অনুসৰি ১০ দিনত পৰিয়ালৰ লোকে পোৰহিতৰ মন্তোচ্চাৰণেৰে মুণ্ডণ কৰি ভগৱানৰ ওচৰত আত্মাৰ সদগতিৰ কামনাৰে প্ৰাৰ্থনা জনায়।
📍কিন্তু এই দৃশ্য নগাঁৱৰ ।

29/09/2025

📍নগাঁৱত জুবিন গাৰ্গৰ সোৱৰণীত ফুটবল প্ৰতিযোগিতা।
📍নগাঁৱৰ বেঙেনাআটি আঞ্চলিক খেল পথাৰত বেঙেনাআটি ৰয়েল ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হয় গন শিল্পী জুবিন গাৰ্গৰ সোৱৰণীত এক ফুটবল প্ৰতিযোগিতাৰ।
📍খেল আৰম্ভ কৰাৰ পূৰ্বে উদ্যোগতা সকলে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ এক শ্বৰ্দ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি শিল্পী গৰাকীক স্মৰণ কৰে ।

29/09/2025

📍হয়বৰ গাঁও টেলিয়াপট্টিৰ মা কালি সংঘৰ উদ্যোগত ব্যতিক্ৰম নামাৰে এটি পূজা মণ্ডপ কলকাতাৰ নিপুন শিল্পী অপূৰ্ব হালদাৰ, চুমিত প্ৰমাণিত হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন জলন্ত ছবি।

27/09/2025

📍উৰিয়াগাঁৱত জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ আৰু আবক্ষ মূৰ্তি নিৰ্মাণ কৰিব যুৱ-ছাত্ৰ পৰিষদে ।
📍সমগ্ৰ বিশ্বজুৰি জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাতৰিয়ে আছন্ন কৰি ৰখাৰ সময়তে শিল্পী জনাৰ মৃত্যুৰ সঠিক কাৰণ ৰাজহুৱা কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে।

27/09/2025

📍ৰহাত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিজানৰ বাৰ্ষিক সাধাৰণ সভা।
📍ৰহা ক্ৰীড়া সন্থা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বাৰ্ষিক সাধাৰণ সভাখন।
📍সংযুক্তা মণ্ডল পৰ্যায়ৰ প্ৰাথমিক সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহন কৰে চহৰী, দিঘলীআটি, ৰণথলী আৰু দীঘলদৰি পঞ্চায়তৰ অন্তৰ্গত জীৱিকা সখী আৰু সদস্য সকলে ।

নগাঁৱৰ চকলাঘাটৰ ক্ষেত্ৰী গাঁৱত ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণ কথমপি প্ৰাণ ৰক্ষা শিৱপ্ৰসাদ হাজৰিকা নামৰ শিক্ষক গৰাকীৰ পৰিয়াল...
27/09/2025

নগাঁৱৰ চকলাঘাটৰ ক্ষেত্ৰী গাঁৱত ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণ

কথমপি প্ৰাণ ৰক্ষা শিৱপ্ৰসাদ হাজৰিকা নামৰ শিক্ষক গৰাকীৰ পৰিয়ালটোৰ

চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিৱপ্ৰসাদ হাজৰিকা

দুমাহ পূৰ্বে ক্ৰয় কৰিছিল EXCIDE কোম্পানীৰ বেটাৰীতো

অৱশ্য বেটাৰী বিস্ফোৰণৰ সময়ত ঘৰত নাছিল পৰিয়ালটো

ঘটনা সন্দৰ্ভত EXCIDE কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষক অভিযোগ দাখিল ভুক্তভোগীৰ

27/09/2025

📍জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত নগাঁৱত ছাত্ৰ সন্থাৰ 'মমশিখা সমদল ' ।
📍কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বাবে বিচাৰি আজি সন্ধিয়া সদৌ নগাঁও জিলা ছাত্র সন্থাই 'মমশিখা' সমদল উলিয়াই।

25/09/2025

📍নেহৰুবালিত কেন্দ্ৰীয়ভাৱে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ।
📍নেহৰুবালিৰ বালিৰ বাকৰিত ২৫ সহস্ৰাধিকৰো অধিক ৰাইজে হাতে হাতে ম'বাইলৰ ফ্লাছ লাইট জ্বলাই পৰিবেশন কৰিলে জুবিন গাৰ্গৰ ''মায়াৱিনী ৰাতিৰ বুকুত...' গীতটি ।

25/09/2025

📍নগাঁৱৰ ৰাইজে নেহৰুৱালীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতা ভস্মত অৰ্পণ কৰে গভীৰ শ্ৰদ্ধাঞ্জলি ।
📍কলং নৈ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত মহান শিল্পীগৰাকীৰ চিতা ভস্ম বিসৰ্জন।
📍সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, ৰাজ্যবাসীৰ হিয়াৰ আমঠু, জনতাৰ শিল্পী জুবিন গাৰ্গ দেৱৰ মহাপ্ৰয়ানত সকলো শোকস্তম্ভ ।

25/09/2025

📍নগাঁৱত অব্যাহত নকল সোণৰ ৰমৰমীয়া বেহা।
📍নগাঁৱত নকল সোণৰ চক্ৰৰ বলি বিহাৰৰ এটি পৰিয়াল।
📍বিহাৰৰ এটি পৰিয়ালৰ পৰা নকল সোণৰ নামত আছাদুল ইছলাম নামৰ এজনে সৰকালে প্ৰায় ৯ লাখ টকা।

25/09/2025

📍সদৌ অসম অনুসূচীত জাতি মহিলা ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি সভাখন নগাঁও ঘাঁহী বৰ নামঘৰত অনুষ্ঠিত হয়।
📍উক্ত সভাৰ আৰম্ভণিতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে আৰম্ভণি কৰে বৰ নামঘৰ আই মাতৃ আৰু বাপ বান্ধৱ সকলে অহা ১৭ আৰু ১৮ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্য সূচীৰে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিব বুলি সংবাদ মহলক জানিবলৈ দিয়ে সদৌ অসম অনুসূচীত জাতি মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী আৰু সম্পাদিকা আৰু বৰ নামঘৰৰ পৰিচালনা সমিতিয়ি।

Address

Dimoruguri
Nagaon
782003

Telephone

+917099682208

Website

Alerts

Be the first to know and let us send you an email when DHC News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DHC News:

Share