Pramud kr.sarmah

Pramud kr.sarmah NEWSPAPER

02/01/2026
07/09/2024
25/08/2024

কাৰাৰুদ্ধ

==============================

প্ৰমোদ কুমাৰ শৰ্মা

সূৰ্য্যাস্তৰ সময়ত
তুমি উভতি অহাৰ কথা আছিল
পাহাৰত পিছল খোৱা বেলিটো হাতত লৈ
উভটনিৰ যাত্ৰাত চৰাইটোৱে
কিৰিলি পাৰিছিল
তোমাৰ আগমনৰ সুৱাসত ৷
কিন্ত
তুমি নাহিলা
মন আৰু মগজু
কাৰাৰুদ্ধ কৰি
সাৰুৱা উপকূলত
নতুন সূৰ্য সৃষ্টি কৰিলা ৷
এনেদৰে যদি হয়
মাটিবোৰ এদিন শিল হৈ যাব
আৰু
শিলবোৰ মাটি হৈ যাব ৷
তুমি আজি
বুজিও নুবুজা হোৱাৰ
বাবে
পথাৰখন আজি কঙাল
তুমি বাৰু আহিবানে এদিন
হাতৰ মুঠিত সেউজীয়াৰ টোপোলা অথবা
পাহাৰত পিছল খোৱা বেলিটো লৈ
যদি তুমি নাহা
নদী খনত মই মেলিদিম পালতৰা নাওঁ ৷৷

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Pramud kr.sarmah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category