18/08/2026
📌বটদ্ৰৱা থানৰ অন্তৰ্গত আমলখি গাঁৱত ঘটা এটা ঘটনাৰ বাবে ৫ জনক যাৱতজীৱন কাৰাদণ্ডৰ ৰায়। উল্লেখ্য যে, ২০১৬ চনৰ ৮ অক্তোবৰত সংঘটিত হৈছিল দুজনকৈ লোকক হত্যা কৰাৰ লগতে এজনক দাৰে ঘপিয়াই গুৰুত্বৰ ভাবে আঘাতপ্রাপ্ত কৰিছিল।
📌 নগাঁও অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ তিনি নং আদালতৰ এটা ৰায়ত আমীৰ আলী, তাহেৰ আলী, জমীৰ আলী, ইয়াচিন আলী, কমলা খাতুনক যাৱতজীৱন কাৰাদণ্ড দিয়াৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।
📌২০১৬ চনৰ ৮ অক্তোবৰত নিশা এটা সামান্য কথাৰ মাজতে কাজিয়াৰ সূত্ৰপাত হৈছিল দুটা পৰিয়ালৰ মাজত। পাছত আমীৰ আলী, তাহেৰ আলী, জমীৰ আলী, ইয়াচিন আলী, কমলা খাতুনে হানি খুচি আব্দুল বাৰিক আৰু মফিদুল ইছলামক হত্যা কৰাৰ লগতে জাফাৰুল ইছলাম এজন কিশোৰক ঘপিয়াই মুৰত আঘাত কৰিছিল। পাছত বহুদিনলৈকে গুৱাহাটীত চিকিৎসা কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছিল।