07/12/2025
✍️অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই সাংসদ গৌৰৱ গগৈৰ ।
✍️গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ হৈ থকা সময়তে ধিংৰ মুছলিম চাপৰিত তিনিটা মছজিদত সাংসদ পুঁজিৰ পৰা ৩ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ , বিহগুৰি উন্নয়ন ব্লকৰ সংখ্যালঘু মৰ্চ্চাৰ মণ্ডল সভাপতি গিয়াছউদ্দীন আলিৰ ।
✍️নগাওঁ আৰু শোণিতপুৰ জিলাৰ সীমামূৰীয়াৰ চৰ মুছলিম চাপৰিৰ ভূমি ম্যাদীকৰণ হব বুলি সাংসদ ৰঞ্জিত দত্তৰ সৈতে এক আলোচনা হয় বুলিও মন্তব্য কৰে নৱনিযুক্ত সংখ্যালঘু মৰ্চ্চাৰ মণ্ডল সভাপতি গিয়াছ উদ্দিনে ।
✍️আনহাতে কংগ্ৰেছ চৰকাৰৰ দিনতে ভোটবেংকৰ আশাত বৰ্তমান উচ্ছেদিত সকলক চৰকাৰী ভূমিত সংস্থাপন দিছিল বুলিও মন্তব্য কৰে মণ্ডল সভাপতি গৰাকীয়ে ।