06/06/2026
কৰ্তব্যত অৱস্থাত বজ্ৰপাত পৰি BSF জোৱানৰ মৃত্যু ৷
তিনি বছৰ পূৰ্বে BSF জোৱান হিচাপে চাকৰিত যোগদান কৰিছিল BSF জোৱান মহম্মদ টায়াৱ হুছেইনে ।
জোৱানগৰাকীৰ ঘৰ তিনিচুকীয়া হিজুগুৰিত ৷
আজি মৃতদেহ হিজুগুৰিত আহি পোৱাৰ পাছতে পৰিয়াল তথা স্থানীয় লোকসকলৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
জোৱানগৰাকীয়ে ৪ জুনত পশ্চিম বংগৰ নিউ জলফাইগুৰিত কৰ্তব্যত অৱস্থাত থকাৰ সময়তে সংঘটিত হয় অঘটনটো ৷
মহম্মদ টায়াৱ হুছেইনে ১৩০ নং বেটেলিয়ানৰ জোৱান আছিল ৷