20/11/2025
আজি বিশ্ব শিশু দিৱস। আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস ৷ ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল সাৰ্বজনীন শিশু দিৱস হিচাপে ৷ বহু দেশে ইয়াক স্বীকৃতি প্ৰদান কৰিছিল ৷ ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশু অধিকাৰ সম্পৰ্কীয় চুক্তিখন গ্ৰহণ কৰে ৷ ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনা বিশ্ব শিশু দিৱস উদযাপন কৰা হয় ৷