pkb

pkb Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from pkb, Digital creator, kachamari, Nagaon.

সু প্ৰভাত সতীৰ্থ বৃন্দ।
22/01/2026

সু প্ৰভাত সতীৰ্থ বৃন্দ।

শুভ সন্ধিয়া। আজি গণ অধিকাৰ কাকতত প্ৰকাশ পোৱা ক্ষুদ্ৰ অনুভৱটি সকলো সতীৰ্থ‌ই পঢ়ি কেনেকুৱা হৈছে জনাৱ।
21/01/2026

শুভ সন্ধিয়া। আজি গণ অধিকাৰ কাকতত প্ৰকাশ পোৱা ক্ষুদ্ৰ অনুভৱটি সকলো সতীৰ্থ‌ই পঢ়ি কেনেকুৱা হৈছে জনাৱ।

18/01/2026

সকলো সতীৰ্থকে সু প্ৰভাত জনাইছোঁ
-----------------+----------
জীৱন অনুপম
-------------------
অনুপম জীৱন
লোকে কয়
কচু পাতৰ পানী
ক্ষণিকতে হ'য় লয়।
সঁচাকৈয়ে অনুপম
দুৰ্লভ মানৱ জীৱন
যাপনৰ মিঠা শৈলী
সততাৰে হ'য় অনুশীলন!
সকলোৱে জানে
কৰ্কশ শিলো হ'য় ক্ষয়
পানীৰ টোপাল সৰি
অহাৰ বাটেৰে
এদিন আমিও যাম ঘূৰি।
নাথাকিবা ভেম ধৰি
নানিবা ভেদাভেদ্
নধৰিবা মিছা জেদ
সেউজীয়া পাত খিলা
পকী সৰিব গা-গছ এৰি ।
অনুপম এই জীৱন
বোৱতী নদীৰ
স্ফটিক জলৰাশি
ধাৰে ধাৰে ববলৈ দিয়া।
জীৱন, এই মানৱ জীৱন
সঁচাকৈয়ে অনুপম।
------------------------
১৮/০১/২০২৬

সকলো সতীৰ্থকে সু প্ৰভাত জনাইছোঁ।
15/01/2026

সকলো সতীৰ্থকে সু প্ৰভাত জনাইছোঁ।

সু প্ৰভাত। সকলো সতীৰ্থকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।
13/01/2026

সু প্ৰভাত। সকলো সতীৰ্থকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।

13/01/2026

সকলো সতীৰ্থকে সু প্ৰভাত জনাইছোঁ
---------------------------------------------------- অণু গল্প
উদাহৰণ
-------------
মাঘ বিহুৰ উৰুকা কালিলৈ । আজি নদায়,ভদায় সকলো বজাৰ কৰিবলৈ হাট-বজাৰলৈ গ'ল। কিন্তু বজাৰলৈ গৈ সিহঁতে মূৰে - কপালে হাত থৈ বজাৰৰ একোণত বহি ল'লে । বস্তুৰ যিহে জুইছাই দাম ! ঘৰৰ পৰা গৃহিণীয়ে যিখন তালিকা দিছে তাৰ আধা বস্তুও নাপায় ।
নদায়ে ভদায়ক ক'লে , 'আমি বৰ অকমৰ্ণ্য হ'লো অ ; বাৰিৰ শাক-পাচলি কেইডাল এতিয়া বজাৰৰ পৰা নিবলৈ আহি এই গতি । নাই আমি পৰিশ্ৰম কৰিব লাগিব । কেৱল মানুহজনীয়ে পোৱা আঁচনিৰ ধন কেইটালৈ বাট চালে নহ'ব ।"
---------------------------------------------------
১৩/০১/২০২৬

11/01/2026

অণু গল্প
শিৰোনাম - পৰম্পৰা

----------------------------

মেজি ঘৰটো সাজি সকলোৱে আলোচনা কৰিলে । এইবাৰ আমি উৰুকাৰ নিশা কেইটামান কাম নকৰোঁ। আনৰ জেওৰা-জপনা , বাৰীৰ শাক-পাচলি, হাঁহ- কুকুৰা আদি চোৰ নকৰোঁ। সকলোৱে হ'য় হ'য় বুলি কৈ ঘৰাঘৰি গ'ল ।

উৰকাদিনা সকলোৱে মিলা-প্ৰীতিয়ে ৰন্ধা-বঢ়া কৰি খাবলৈ লৈছিলহে মাথোন তেনেতে ভৱেনে মূৰত জপনা এখন আৰু হাতত হাঁহ এজনী লৈ হাজিৰ। খোৱা-লোৱা এৰি সকলোৱে তাৰ লৈহে
চায় ৰ'ল। সি কিবা এটা বুজি পালে আৰু লাহে লাহে কৈ গ'ল, 'আজি মোৰ ককা দেউতাহঁতলৈ বৰকৈ মনত পৰি গ'ল অ । ভুল হৈ গ'ল মই ৰাইজৰ কথা ৰাখিবলৈ নোৱাৰিলোঁ।"

--------------------------------------------

প্ৰদীপ কুমাৰ বৰদলৈ। নগাঁও ( অসম)

সু প্ৰভাত জনাইছোঁ সকলোকে
11/01/2026

সু প্ৰভাত জনাইছোঁ সকলোকে

সু প্ৰভাত বন্ধু বৰ্গ। আজি দিনটো সকলোৰে মঙ্গল কামনা কৰিলোঁ।
10/01/2026

সু প্ৰভাত বন্ধু বৰ্গ। আজি দিনটো সকলোৰে মঙ্গল কামনা কৰিলোঁ।

Address

Kachamari
Nagaon
782002

Website

Alerts

Be the first to know and let us send you an email when pkb posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share