
01/03/2024
শুভ জন্মদিন পাপু ৷ আমাৰ বংশৰ সকলোতকৈ ওখ ল’ৰাটো আৰু ওখ হওক ৷ জোখেৰে তথা কামেৰে ৷ তাৰ কষ্ট দেখি আহিছো ৷ আৰু আজি ফলাফলো চকুৰ আগত ৷ সি বৰ্তমান Forest Department ত কৰ্মৰত ৷ মোৰ লগত একেলগে ২১ কিমি দৌঁৰা ৭৪ কিমি চাইক্লিং কৰা ল’ৰাটো আজি ২২ বছৰীয়া হ’ল । ঘৰৰ পৰা আমি সকলোৱে দুৰত আছো যদিও প্ৰতিটো দিনেই মোৰ খবৰ লোৱা, মোৰ মা অৰ্থাৎ তাৰ বৰমাকৰ খবৰ লোৱা একমাত্ৰ মানুহজন হৈছে সি ৷ মোক অনুসৰণ কৰা বুলি সদায় কোৱা মানুহজন হৈছে সি ৷ যা হওক আৰু ভাল হওক তাৰ ৷ আজি তাৰ এই বিশেষ দিনটোত ধেৰ আশীৰ্বাদ আৰু মৰম দিলো দুৰৰ পৰাই ৷ ভালে আৰু কুশলে থাকক ৷