ASSAM Headline

ASSAM Headline Assam Headline is a digital news channel. The channel always will questions for the people of Assam

03/03/2021
11/12/2020

CAA বাতিলৰ দাবীত আৰু শ্বহীদৰ সোঁৱৰণত আজি নলবাৰীৰ ৰাজপথ উত্তাল কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
পৰিষদৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰীৰ উপস্থিতিত আজিৰ এই প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহন কৰা প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰে নলবাৰী চহৰৰ ৰাজপথ । কোনো কাৰনতে জাতিধ্বংশী "কা" আইন মানি নলও বুলি হুংকাৰ দি "কা" আন্দোলনত নিহত হোৱা শ্বহীদৰ কেচা তেজ কোনো কাৰনতে অথলে যাবলৈ নিদিয়াৰ হুংকাৰ দিয়ে ।

08/12/2020

কেন্দ্ৰীয় কৃষি আইন আৰু বিদ্যুৎ বিল বাতিলৰ দাবীত নলবাৰীত নৰেন্দ্ৰ মোডীৰ শ্মশান যাত্ৰা।
কৃষক বিৰোধী আইন আৰু বিদ্যুৎ আইন বাতিলৰ দাবীত চি পি আই এমৰ টিহু আঞ্চলিক সমিতি, নিখিল ভাৰত গনতান্ত্ৰিক সমিতি, কৃষক সভা, চিটু, ডি ৱাই এফ আইৰ উদ্যোগত আজি প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ স্মশান যাত্ৰা কাৰ্যসূচী ৰুপায়ন কৰে। প্ৰতিবাদকাৰীসকলে পূজিপতি নৰেন্দ্ৰ মোদী হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক, নতুন কৃষি আইন প্ৰত্যাহাৰ কৰক, অসম চৰকাৰ হুচিয়াৰ আদিৰে বিভিন্ন শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰি তোলে ।

07/12/2020

অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত ২৪ ঘণ্টীয়া অনশন। অন্যথা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

07/12/2020

স্থানীয় ৰেলৰ চলাচল আৰম্ভ কৰাৰ দাবীত নলবাৰী ৰেল ষ্টেচনত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী অবস্থান।কৰোণা ভাইৰাছৰ ভয়াবহ পৰিস্থিতিৰ বাবে বিমান সেৱা , ৰেল সেৱাকে ধৰি বিভিন্ন প্ৰতিস্থান সমুহ চৰকাৰে বন্ধ কৰি ৰাখিছিল যদিও কৰোণা সৃষ্ট পৰিবেশ শাম কটাৰ লগে লগে বন্ধ ৰখা ব্যৱসায়ীক প্ৰতিস্থান সমুহকে ধৰি পৰিবহন , বিমান সেৱাকে ধৰি দুৰনিবটীয়া ৰেল সেৱা প্ৰচলন আৰম্ভ কৰে যদিও চৰকাৰে আজি পৰ্যন্ত স্থানীয় ৰেল সেৱা মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত আজি যুৱ ছাত্ৰ পৰিষদে নলবাৰী ৰেল ষ্টেচনত এক প্ৰতিবাদী অবস্থান কাৰ্যসূচী ৰুপায়ন কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে ।

06/12/2020

নলবাৰী জিলাৰ কৈৰাৰাত ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা দুজনৰ।

05/12/2020

নলবাৰীত "ষ্টেণ্ডাৰ্ড বিডিং ডকুমেন্ট" বাতিলৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ বিধেয়কৰ প্ৰতিলিপি দাহ।বিদ্যুত আইন (সংশোধনী) বিধেয়ক ২০২০ আৰু ষ্টেণ্ডাৰ্ড বিডিং ডকুমেন্ট বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

02/12/2020

নলবাৰীত নাগৰিক সমাজৰ মানৱ শৃংখল। মানৱ শৃংখলত অংশগ্ৰহণ কৰি নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী জ্ঞানেন চক্ৰৱৰ্তী, জিতেন্দ্ৰ কুমাৰ জৈন, প্ৰজ্বল দেৱৰ অগ্নিবৰ্ষী ভাষণ।
"অন্নদাতা যদি নিৰাপদে নাথাকে তেন্তে দেশৰ জনতাও নিৰাপদে নাথাকে। অন্নদাতা কান্দিব লাগিলে দেশৰ জনতায়ো কান্দিব লাগিব।"
"When order is injustice then disorder is the beginning of justice."

26/11/2020

পঞ্চভূতত বিলীন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ। ASSAM HEADLINEৰ তৰফৰ পৰা তৰুণ গগৈ চাৰলৈ জনাইছো শ্ৰদ্ধাঞ্জলী।
https://youtu.be/rkSMnjm5Hrg

24/11/2020

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মহাপ্ৰয়াণৰ পিছত সাংসদ, পুত্র গৌৰৱ গগৈৰ মন্তব্য। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুত সমগ্ৰ অসমবাসী শোকস্তব্ধ।
https://youtu.be/Os5ULclZ3OA

19/11/2020

লক্ষীমপুৰৰ বগীনদী থানাৰ অধীনৰ পদুমনিথান নিবাসী পুনীৰাম খনিকৰ নামৰ আশী উৰ্ধৰ বৃদ্ধ গৰাকীয়ে কৃষি কাৰ্য কৰি দুই পুত্ৰ , এগৰাকী কন্যা আৰু পত্নী লিখেশ্বৰী খনিকৰক ভৰণ পোষণ দি আহিছিল । এঘাৰ বিঘা ভূমিত কৃষি কাৰ্য কৰি পৰিয়ালটোক পোহপাল দি অহাৰ পিছত বৃদ্ধ গৰাকীয়ে এতিয়া একো কৰিব নোৱাৰা হৈ পৰিল ।বাৰ্ধক্যই কোঙা কৰা বৃদ্ধ পুনীৰাম খনিকৰৰ পত্নী লিখেশ্বৰী খনিকৰে যোৱা তিনি বছৰ পূৰ্বে মৃত্যুক আকোৱালী লৈছিল । পত্নীৰ মৃত্যুৰ পিছৰে পৰা বৃদ্ধ পুনীৰাম এলাগী হৈ পৰিল পুত্ৰ , বোৱাৰী আৰু কন্যাৰ ।এনেকৈয়ে প্ৰায়েই পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ সম্মুখীন হৈ অহা বৃদ্ধ পুনীৰামক কুলাংগাৰ পুত্ৰই ৰেলেৰে লৈ আহি পেলাই থৈ গ'ল নলবাৰীৰ ৰেল ষ্টেচনৰ দাঁতিত । তাৰ পিছতে খূপি খূপি বৃদ্ধই আশ্ৰয় লয় ফুটপাথত ।বৃদ্ধৰ বৰপুত্ৰ হিমন্ত খনিকৰ আৰু কনিষ্ঠ পুত্ৰ প্ৰশান্ত খনিকৰে প্ৰায়ে মাৰপিট কৰি অহাৰ অভিযোগ আনিছে পিতৃয়ে ।
ইফালে বৃদ্ধ গৰাকীৰ এনে দুৰ্দশাৰ কথা জানি নলবাৰী ৰেল ষ্টেচনৰ দাঁতিৰ এক কদৰ্যময় পৰিবেশৰ পৰা আজি বিয়লিৰ ভাগত বৃদ্ধ গৰাকীক উদ্ধাৰ কৰে সাংবাদিক মজিবুৰ ৰহমানে । সাংবাদিক ৰহমানে বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাই আশ্ৰয়ৰ ব্যৱস্থা কৰে শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত ।

Address

Nalbari

Telephone

+919101681287

Website

Alerts

Be the first to know and let us send you an email when ASSAM Headline posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share