Sangbad Times NE

Sangbad Times NE News,Entertainment,funny available Your digital channel SANGBAD TIMES NE.

16/08/2026

গুৱাহাটীত সন্ধানহীন নলবাৰীৰ বড়িগাঁৱৰ খাতুন বিবি।পুত্ৰ মুকুট আলীৰ গৃহৰ পৰা ৰাতিপুৱা প্ৰায় ৬ বজাত ফুৰিবলৈ গৈ সন্ধানহীন।

15/08/2026

১৭আগষ্টত ৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী খেল।আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰিছে ক্ৰীড়াসংঘৰ সভাপতি যতীন শর্মা আৰু সাধাৰণ সম্পাদক বিকাশ ভট্টাচার্য্যই।

15/08/2026

জুবিন অনুৰাগী ফৰাজ আলীৰ মিমিক্ৰিয়ে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি।জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী ফৰাজ আলীৰ ব্যতিক্ৰমী মিমিক্ৰিয়ে এতিয়া আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি।জুবিনৰ কণ্ঠ আৰু গীতৰ সুৰ অনুকৰণ কৰি ফৰাজে দৰ্শকক মনোৰঞ্জন দিয়ে।
নলবাৰী জিলাৰ বৰভাগৰ চমাৰকুছি গাঁৱৰ ফৰাজ আলী জুবিন গাৰ্গৰ এগৰাকী একনিষ্ঠ অনুৰাগী। জুবিনৰ গীতৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবেই তেওঁৰ কণ্ঠ অনুকৰণ কৰি মিমিক্ৰিৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰিছে ফৰাজে।

15/08/2026

নলবাৰীৰ বৰভাগৰ সানেকুছি কদমতলত ইন'ভা বাহনে মহতিয়াই নিলে পথচাৰীক। পথৰ পৰা সাত ফুট তলত বাগৰি পৰিল ইন'ভা।থিতাতে নিহত এগৰাকী মহিলা।নিহত মহিলা গৰাকীৰ নাম আইকন বেজবৰুৱা।গুৰুতৰভাৱে আহত বীণা দাস নামৰ আন এগৰাকী মহিলাসংকটজনক অৱস্থাত বীণা দাসক ভৰ্তি কৰোৱা হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত।

15/08/2026

বাঁহীৰ সুৰত দেশপ্ৰেমৰ অনন্য প্ৰকাশ!অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ ব্যতিক্ৰমী প্ৰতিভাই আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি। হাতত বাঁহী লৈ দেশপ্ৰেমমূলক গীতৰ সুৰেৰে পৰিৱেশ মুখৰিত কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে।

15/08/2026

নলবাৰীত চোৰৰ নতুন কৌশল।বস্তাৰে মুখ ঢাকি চুৰি কাৰ্য।চিচি কেমেৰাত সকলো দৃশ্য আবদ্ধ।

নলবাৰীৰ জনপ্ৰিয় সুকন্ঠী গায়িকা ড° সুকন্যা গোস্বামীলৈ আইকনিক ইণ্ডিয়া এৱাৰ্ড।বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰে...
14/08/2026

নলবাৰীৰ জনপ্ৰিয় সুকন্ঠী গায়িকা ড° সুকন্যা গোস্বামীলৈ আইকনিক ইণ্ডিয়া এৱাৰ্ড।বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰে এই সন্মান।

14/08/2026

স্বাধীনতা দিৱস উপলক্ষে নলবাৰীত উলিওৱা ত্ৰিৰংগা যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ ৷

14/08/2026

নলবাৰীৰ টিহুৰ নমাটিত বন বিভাগে অভিযান চলায় জব্দ কৰে অবৈধ কাঠ ফলা মিল।

14/08/2026

এজাক বৰষুণে মোক ধুই থৈ গ’ল!বৰষুণত তিতিও ৰহিম ৰাজৰ কণ্ঠৰ গীত উপভোগ ৰাইজৰ,গীতৰ মাজতে হাতত তুলি দিলে ফুল।

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Sangbad Times NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share