
03/02/2024
অসম ভিত্তিত চুটিগল্প আৰু কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতা।
নলবাৰীৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছৰ উদ্যোগত অসম কবি সন্মিলনৰ নলবাৰী সদৰ স্বৰ্ণ শাখাৰ সৌজন্যত চুটি গল্প আৰু কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।গল্পৰ পাণ্ডুলিপিত ন্যূনতম ১০টা চুটিগল্প আৰু সৰ্বাধিক ১৫ টা চুটি গল্প সন্নিৱিষ্ট থাকিব পাৰিব। কবিতাৰ পাণ্ডুলিপিত ন্যূনতম ২৫ টা কবিতা আৰু সৰ্বাধিক ৪০ টা কবিতা সন্নিৱিষ্ট কৰিব পাৰিব। নিৰ্বাচিত তিনিটা কৈ পাণ্ডুলিপিক পুৰস্কৃত কৰা হ'ব আৰু শ্ৰেষ্ঠ বিবেচিত গল্প আৰু কবিতা সংকলনৰ ৫০ কপিকৈ সম্পূৰ্ণ বিনামূলীয়া প্ৰকাশ কৰা হ'ব। নিৰ্বাচিত ১৫টাকৈ চুটি গল্প আৰু কবিতা সংকলন সুলভ খৰচত প্ৰকাশৰ বাবে বিবেচিত হ'ব। অন্যান্য পাণ্ডুলিপি সমূহো লেখকৰ ইচ্ছা সাপেক্ষে সুলভ মূল্যত প্ৰকাশৰ ব্যৱস্থা আছে। পাণ্ডুলিপি প্ৰেৰণৰ অন্তিম তাৰিখ ২৩-২-২০২৪। পাণ্ডুলিপি সমূহ পূৰ্বে কিতাপ আকাৰত প্ৰকাশ হ'ব নালাগিব। প্ৰতিগৰাকী লেখকে ২টাকৈ পাণ্ডুলিপি প্ৰেৰণ কৰিব লাগিব। প্ৰতিযোগিতাৰ মাধ্যম অসমীয়া আৰু হিন্দী।"গোলাপ নাৰায়ণ দত্ত বৰুৱা"সোঁৱৰণী চুটি গল্প/কবিতা প্ৰতিযোগিতাৰ বাবে-এইধৰণে ওপৰত লিখি পাণ্ডুলিপি প্ৰেৰণ কৰিব।যোগাযোগৰ ঠিকনা/ফোন নম্বৰ,ৱাটছ এপ নম্বৰ আদি সঠিকভাৱে প্ৰেৰণ কৰিব লাগিব।
মে-জুন মাহত প্ৰতিযোগিতাৰ ফলাফল সমুহ ঘোষণা কৰা হ'ব। নলবাৰী সদৰ স্বৰ্ণ শাখাৰ অক্টোবৰ -নৱেম্বৰ মাহৰ বাৰ্ষিক অধিৱেশনত কিতাপ আকাৰে প্ৰকাশিত সকলো গ্ৰন্থ উন্মোচন কৰাৰ দিহা কৰা হ'ব লগতে বিজয়ীসকলক পুৰস্কৃত কৰা হ'ব।সকলো অংশগ্ৰহনকাৰীক মানপত্ৰ প্ৰদান কৰা হ'ব।
পাণ্ডুলিপি প্ৰেৰণৰ ঠিকনা-বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছ,হাজো ৰোড, নলবাৰী(এজিপি কাৰ্যালয়ৰ ওচৰত)
মাৰফৎ-প্ৰিয়ংকু নাৰায়ণ বৰুৱা
পোষ্ট অফিচ-নলবাৰী
পিন নং-৭৮১৩৩৫
ফোন নম্বৰ-৮৬৩৮৫৫৪৬৫৩
ই মেইল যোগে পাণ্ডুলিপি প্ৰেৰণৰ বাবে[email protected] এই ঠিকনা ব্যৱহাৰ কৰিব পাৰিব।
যোগাযোগৰ বাবে ফোন নম্বৰ-৮৬৩৮৫৫৪৬৫৩/ ৯৭০৬৪২৮১৯৯
Whatsapp যোগে বিতং তথ্যৰ বাবে ৮৬৩৮৫৫৪৬৫৩ এই নম্বৰত যোগাযোগ কৰিব পাৰিব।