25/08/2025
১ ডলাৰৰ চোলাটো ২০০০ ডলাৰত বিক্ৰী কৰা বিশ্ব বিখ্যাত খেলুৱৈজন৷
ল’ৰা জনৰ দেউতাকে এদিন কোনোবা ধনী মানুহৰ ঘৰত কাম কৰিবলৈ গৈ তেওঁলোকে পুৰণা বুলি এৰি থোৱা চোলা এটা ঘৰলৈ লৈ আহি ল’ৰাটোক ওচৰলৈ মাতি আনি সুধিলে- বেটা, এই T-Shirt টোৰ দাম কিমান হ’ব? সি টপৰাই উত্তৰ দিলে- দেউতা এইটো পুৰণা চোলা৷ বিক্ৰী কৰি ১ ডলাৰ মান পোৱা যাব৷ দেউতাকে আকৌ কলে- তই যি কোনো প্ৰকাৰে এইটো ২ ডলাৰত বিক্ৰী কৰি আনা৷ সি পুৰণা চোলাটো ভালকৈ ধুইপখালি এদম কাপোৰৰ তলত ৩-৪ ঘন্টা ৰাখি ইষ্ট্ৰি কৰাৰ দৰে কৰি ওচৰৰ ৰেল ষ্টেচনটোত প্ৰায় ৭ ঘন্টা নেৰা-নেপেৰা চেষ্টা কৰি ২ ডলাৰত বিক্ৰী কৰি ৰাতি দেউতাকক ২ ডলাৰ জমা দিছিলহি৷ দেউতাক অতি আনন্দিত হ’ল৷ ১৫ দিনৰ পিছত দেউতাকে ঠিক তেনেকুৱা এটাই T-Shirt দেখুৱাই আগৰ দৰেই সুধিলে আৰু ২০ ডলাৰত বিক্ৰী কৰি আহিবলৈ ক’লে৷ সি দেউতাকক একো নক’লে আৰু কেনেকৈ ১ ডলাৰৰ চোলাটো ২০ ডলাৰত বিক্ৰী কৰিব, তাৰেই চিন্তাত লাগিল৷ বহু সময় মাথা মৰাৰ পিছত লগৰ এজনৰ লগত ওচৰৰ সৰু চহৰখনলৈ গৈ মিকি মাউচৰ ষ্টীকাৰ এটা আনি যি কোনো প্ৰকাৰে চোলাটোত সংলগ্ন কৰিলে আৰু চহৰৰ এখন স্কুলৰ গেটত ৰৈ থাকিল৷ যি খন স্কুলত ধনী মানুহৰ সন্তানে পঢ়িছিল৷ সি চিঞঁৰিবলৈ লাগিল- “মিকি মাউচৰ চোলা মাত্ৰ ২০ ডলাৰত” তাৰে এজন সৰু ল’ৰাই দেউতাকক চোলাটো কিনি দিবলৈ ক’লে ৷ সেইমতে দেউতাকে ২০ ডলাৰত চোলাটো কিনি দিলে আৰু ৫ ডলাৰ অতিৰিক্ত দিলে৷ ঘৰলৈ আহি দেউতাকক গোটেই কাহিনীটো কোৱাত দেউতাকৰ আনন্দৰ সীমা নাইকিয়া হ’ল৷ কেইদিনমানৰ পিছত দেউতাকে আকৌ এটা T-Shirt দিলে আৰু সেইবাৰ ২০০ ডলাৰত বিক্ৰী কৰি অনাৰ কথা ক’লে৷ প্ৰায় তিনিদিন চিন্তা কৰাৰ পিছত হাতত এটা কলম আৰু সেই T-Shirt টো লৈ ৰাতিয়েই নগৰলৈ বুলি ৰেলত উঠি দিছিল৷ কিয়নো সেইদিনা হলিউদৰ অভিনেত্ৰী তথা মহাতাৰকা ফাৰ্ৰাহ ফাউছেট এটা অনুষ্ঠানত উপস্থিত হৈছিলহি৷ পুলিচৰ বাধাকো নেওচি মানুহৰ মাজে মাজে গৈ ফাৰ্ৰাহ ফাউছেটৰ নিচেই কাষ পালে আৰু চোলাটোত অট’গ্ৰাফ দিবলৈ কাকূতি-মিনতি কৰিবলৈ ধৰিলে৷ সৰু ল’ৰাটোৰ অনুৰোধক অবজ্ঞা নকৰি ফাৰ্ৰাহ ফাউছেটে অট’গ্ৰাফ দিছিল৷ পিছদিনা ৰাতিপুৱাই নগৰৰ জনসমাগম হোৱা ঠাইখনত চিঞঁৰিবলৈ ধৰিল
“ মহাতাৰকা ফাউছেটৰ অট’গ্ৰাফ থকা চোলা মাত্ৰ ২০০ ডলাৰত”৷ কেইমিনিটমানৰ পিছতেই চোলাটো নিলামলৈ পৰিৱৰ্তন হ’ল৷ এজন মানুহে ১০০০ ডলাৰ দিবলৈ প্ৰস্তুত হ’ল৷ আন এজনে ১৫০০ ডলাৰ আৰু এজনে দুখোজ আগলৈ গৈ ২০০০ (দুই হাজাৰ) ডলাৰত চোলাটো কিনি লৈ গ’ল৷ সন্ধিয়া দে