Protibedok Live

Protibedok Live This is a blog for web portal news featuring content about positive and constructive thinking towards society.

অৱসৰপ্ৰাপ্ত অধ্যাপক সোমনাথ ডেকাক বিশিষ্ট শিক্ষাব্ৰতী উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা প্ৰদানপ্ৰতিবেদক লাইভ, ৫ ছেপ্টেম্বৰ, ...
05/09/2026

অৱসৰপ্ৰাপ্ত অধ্যাপক সোমনাথ ডেকাক বিশিষ্ট শিক্ষাব্ৰতী উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা প্ৰদান

প্ৰতিবেদক লাইভ, ৫ ছেপ্টেম্বৰ, ২০২৬

শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি নলবাৰী জিলাৰ টিহু নিৱাসী, টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজকৰ্মী সোমনাথ ডেকাক বিশিষ্ট শিক্ষাব্ৰতী তথা টিহু জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে টিহু জাতীয় বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাৰ পৌৰোহিত্যত হোৱা এখন সভাত বঁটা গ্ৰহণ কৰি বাৰুকৈয়ে আৱেগিক হোৱা দেখা যায় অৱসৰপ্ৰাপ্ত অধ্যাপক সোমনাথ ডেকাক । বঁটা গ্ৰহণ কৰি শিক্ষাৰ্থীসকললৈ দিয়া ভাষণত তেওঁ বিশ্ববন্দিত দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু আদৰ্শেৰে আগবাঢ়িবলৈ আহ্বান জনায় ৷ যশস্বী শিক্ষক উমাচৰণ শীলৰ শৈক্ষিক জীৱনৰ বন্দনা কৰি টিহু মহাবিদ্যালয়ৰ নৈশ শাখাৰ প্ৰথম দলৰ শিক্ষাৰ্থী হিচাপে পোৱাৰ বিষয়ে কৈ তেওঁ স্মৃতিকাৰ হয় । তেওঁ কয় যে, আমি জীৱনত সফল হ’বলৈ কষ্ট কৰিবই লাগিব । বিনা কষ্টত কোনেও ভাল ফল পাব নোৱাৰে । সভাত টিহু মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মায়ো প্ৰাসংগিক ভাষণ প্ৰদান কৰে । পূৰ্বাপৰ প্ৰদান কৰি অহা এই বঁটা প্ৰদান অনুষ্ঠান আৰু সভাখন আয়োজনৰ উদ্দেশ্য বিৱৰি কয় টিহু জাতীয় বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বিতোপন দাসে । ছাত্ৰ প্ৰধান মানস প্ৰতিম কলিতাই অনুষ্ঠানৰ আঁত ধৰি পৰিচালনা কৰে । শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ প্ৰতি শ্ৰেণীৰ শিক্ষাৰ্থীয়ে নানা গীত, নাচ, কবিতা আবৃত্তি পৰিৱেশন কৰাৰ লগতে অসমীয়া, ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত সৰ্বেপল্লী ৰাধাকৃষ্ণন আৰু শিক্ষক দিৱসৰ বিষয়ে ভাষণ দি সকলোকে আপ্লুত কৰে । শিক্ষাৰ্থীসকলে শিক্ষাগুৰুসকলক সেৱা জনাই আশিস লয় । ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাই সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিৱেদন কৰি দিৱসৰ পাতনি মেলে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 5, 2026

05/09/2026

চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সংবাদমেল সম্বোধন

05/09/2026

নৰোৰাম বৰ্মন ফুটবল টুৰ্ণামেণ্ট— নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ফাইনেলত

পাওঁ নেকি বিচাৰি— ড° নীলিমা গোস্বামী শৰ্মাবান্ধৈ অ'ব'লাঘূৰি যাওঁপুৰণি দিনলে'পাওঁ নেকি বিচাৰিসেই সুদিনঅতীতৰশুকাই যোৱা বনন...
05/09/2026

পাওঁ নেকি বিচাৰি— ড° নীলিমা গোস্বামী শৰ্মা

বান্ধৈ অ'

ব'লা
ঘূৰি যাওঁ

পুৰণি দিনলে'

পাওঁ নেকি বিচাৰি

সেই সুদিন
অতীতৰ

শুকাই যোৱা বননিত
গছৰ ডালত
চৰাইৰ কলৰৱত
আলিবাটৰ শিলগুটিত
নৈৰ সোঁতত
পৰ্দাৰ দোলনিত
বন্ধুৰ আড্ডাত
কেণ্টিনৰ টেবুলত
দহ পইচাৰ বেৰত
নিলিখা কবিতাটোৰ
শেষৰ শাৰীত ...

কবিৰ নাম আৰু ঠিকনা:

ড° নীলিমা গোস্বামী শৰ্মা

অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা অসমীয়া বিভাগীয় প্ৰধান

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়, মালিগাওঁ, গুৱাহাটী— ১১

ভ্ৰাম্যভাষ: ৯৪৩৫১৪৩৫৪৮

Home address:

C/o- Madhab Sarma, Hemalata heritage-B, 4(B), H.No.23, F.C.Road, Uzan Bazar, Guwahati-1

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 5, 2026

বাল্যবিবাহ বিষয়টোৱেই দুৰ্ভাগ্যজনক, বাল্যকালটো নিজৰমতে উপভোগ কৰিব দিব লাগে: ৰূপক বৈশ্য— শিক্ষক দিৱস উপলক্ষ্যে নলবাৰীৰ বনগ...
05/09/2026

বাল্যবিবাহ বিষয়টোৱেই দুৰ্ভাগ্যজনক, বাল্যকালটো নিজৰমতে উপভোগ কৰিব দিব লাগে: ৰূপক বৈশ্য— শিক্ষক দিৱস উপলক্ষ্যে নলবাৰীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন আৰু ‘বাল্য বিবাহমুক্ত ভাৰত’ বিষয়ক সজাগতা সভা

প্ৰতিবেদক লাইভ, ৫ ছেপ্টেম্বৰ, ২০২৬

বাল্যবিবাহ বিষয়টোৱেই দুৰ্ভাগ্যজনক, বাল্যকালটো নিজৰমতে উপভোগ কৰিব দিব লাগে ৷ এই বক্তব্য নলবাৰীৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যৰ ৷ ৫ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ দেশতেই শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ আজি পুৱা ১০.৩০ বজাত নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস তথা ‘বাল্য বিবাহমুক্ত ভাৰত’ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ কোচী লোক মঞ্চ(শিশুৰ বাবে নিখুঁত অধিকাৰসমূহ) নামৰ সংস্থাৰ উদ্যোগত আৰু বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শিক্ষক দিৱস তথা সজাগতা সভাখনত বিশেষ আমন্ত্ৰিত অতিথি বক্তা হিচাপে ‘বাল্য বিবাহমুক্ত ভাৰত’ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে নলবাৰীৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ, বনগাঁৱৰ জ্যোতি-কলা কেন্দ্র(জেকেকে) শিক্ষা প্রতিষ্ঠানৰ কাৰ্যবাহী পৰিচালন সঞ্চালক তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই ৷ ভাষণত অধ্যক্ষ ৰূপক বৈশ্যই শিক্ষক দিৱস তথা সজাগতা সভাৰ সমন্বয় ৰক্ষা কৰি ইতিবাচক দৃষ্টিভংগীৰে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অৰ্চনা ভট্টাচাৰ্যৰ সভাপতিত্ব তথা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আলাউদ্দিন আহমেদৰ পৰিচালনাত অনুষ্ঠিত শিক্ষক দিৱস তথা উক্ত সজাগতা সভাত জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ সচিব জুৰি দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত পৰামৰ্শমূলক ভাষণ প্ৰদান কৰে ৷ সভাত শিশু কল্যাণ সমিতিৰ সহায়ক শুভম বশিষ্ঠ, পীড়িতৰ সহায়ক ভাস্কৰ বৈশ্য, চাইল্ডলাইন সদস্য সঞ্জীৱ দত্ত(সমন্বয়কাৰী) আৰু ইন্দ্রজিৎ ৰাজবংশী, সামূহিক ক্ৰমে সনাতন হালৈ, প্ৰাণজিৎ বৰ্মন আৰু জীৱিতেশ কলিতাই অংশগ্ৰহণ কৰে ৷ সভাত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চিত্তৰঞ্জন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক কল্যাণ কুমাৰ ভট্টাচাৰ্য, নৃপেন চন্দ্ৰ ডেকাকে সামৰি বহুকেইগৰাকী শিক্ষকে ভাষণ দিয়ে ৷ শিক্ষয়িত্ৰী ৰঞ্জনা ভট্টাচাৰ্য নৃত্য পৰিৱেশন আৰু দীপশিখা তালুকদাৰ, শিক্ষক নিৰঞ্জন শৰ্মাৰ গীত পৰিৱেশনৰ উপৰি শিক্ষক-কৰ্মচাৰী গোটৰ সম্পাদক মনোজ কুমাৰ হালৈৰ বাঁহীবাদন, শিক্ষয়িত্ৰী মিতালী চক্ৰৱৰ্তীৰ ভাষণ, ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য পৰিৱেশন, নাট্যভিনয় আৰু ছাত্ৰ-ছাত্ৰীৰ ভাষণ আদিয়ে সামগ্ৰিকভাৱে অনুষ্ঠানটো জীপাল কৰি তোলে ৷ অনুষ্ঠানটোৰ আঁত ধৰে মেঘনা দাসে ৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে সৌৰভ ডেকা, ভাৰ্গৱ দত্ত, গুঞ্জন ডেকা, খঞ্জন ডেকা, নীলাভ শৰ্মা আৰু বিশাল মালাকৰে শিক্ষাগুৰুসকলক বিশেষভাৱে প্ৰণাম জনায় ৷

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 5, 2026

শিকোৱাজনেই শিক্ষক, শিক্ষক পোহৰমুখী প্ৰজন্মৰ মূল ইন্ধন: ৰূপক বৈশ্য— ব্যতিক্ৰমী প্ৰয়াসেৰে নলবাৰীৰ ভাৰত ডেকা একাডেমীত শিক্ষ...
05/09/2026

শিকোৱাজনেই শিক্ষক, শিক্ষক পোহৰমুখী প্ৰজন্মৰ মূল ইন্ধন: ৰূপক বৈশ্য— ব্যতিক্ৰমী প্ৰয়াসেৰে নলবাৰীৰ ভাৰত ডেকা একাডেমীত শিক্ষক দিৱস পালন

প্ৰতিবেদক লাইভ, ৫ ছেপ্টেম্বৰ, ২০২৬

শিকোৱাজনেই শিক্ষক, শিক্ষক পোহৰমুখী প্ৰজন্মৰ মূল ইন্ধন ৷ এই মন্তব্য কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যৰ ৷ আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো শিক্ষক দিৱস পালন কৰা হয় ৷ নলবাৰী জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীতো শিক্ষক দিৱস পালন কৰা হয় । সেই উপলক্ষে একাডেমীত জাক-জমকতাৰে অনুষ্ঠিত হোৱা শিক্ষক দিৱসত একাডেমীখনৰ অধ্যক্ষ ৰূপক বৈশ্যই শিক্ষক দিৱসৰ তাৎপৰ্যমূলক ভাষণ প্ৰদান কৰি শিক্ষকেই সমাজ পৰিৱৰ্তন কৰাব পাৰে আৰু নতুন প্ৰজন্মৰ সমাজ নিৰ্মাণত সৰ্বোচ্চ অৰিহণা যোগাব পাৰে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ লগতে অধ্যক্ষ ৰূপক বৈশ্যই শিক্ষক পোহৰমুখী প্ৰজন্মৰ মূল ইন্ধন বুলি ভাষণত উল্লেখ কৰি পণ্ডিতপ্ৰবৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে শিশু আৰু গোলাপ ফুল ভালপোৱাৰ কথা ব্যক্ত কৰাৰ লগতে প্ৰতিগৰাকী শিক্ষাগুৰুলৈ যথোচিত সন্মান জনায় ৷ তাৰ পূৰ্বে অধ্যক্ষ ৰূপক বৈশ্যই পণ্ডিতপ্ৰবৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত এগচি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে ৷ তাৰপিচত এটি কেক কাটি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই ৷ এক সুন্দৰ, মননশীল আৰু শৈল্পিক মানসম্পন্ন নিমন্ত্ৰণীৰে সমূহ শিক্ষক, কৰ্মচাৰীৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আটাইকে অনুষ্ঠানলৈ ছাত্ৰ প‌্ৰতিনিধি ক্ৰমে প্ৰক্ষা শৰ্মা, চয়নিকা গগৈ আৰু চন্দনা বৰুৱা সমন্বিতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ আৱাহন আৰু স্বাগতম জনায় ৷ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষ সমন্বিতে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীক গামোচা, কলম, ফুলৰ থোপা আদিৰে সাদৰ সম্বৰ্ধনা জনায় আৰু শিক্ষাগুৰুসকললৈ বিশেষভাৱে প্ৰণাম জনায় ৷ চাৰিটা পৰ্যায়ত পালন কৰা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিক্ষীতা শৰ্মা, চেমিম আখটাৰ, আদিল হুচেইন, আনহাজ হুছেইন, শ্ৰুতিজিনা ডেকা আৰু ঈশানী জামানে ভাষণ দিয়ে ৷ কণমানি ছাত্ৰী জৈষ্ণৱী ভৰালীৰ গীত পৰিৱেশন ছাত্ৰ দেৱাশিস তালুকদাৰৰ বাঁহীবাদনেৰে সকলোকে আপ্লুত কৰে ৷ আজিৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণীয় আছিল ৰিমলি বৈশ্য, সাৰিকা আফ্ৰিন, ৰোজলীন বেগমৰ দলীয় নৃত্য ৷ শিক্ষক দিৱসৰ ওপৰত বক্তৃতা প্ৰদান কৰে একাডেমীখনৰ সম্পাদক সুশান্ত শৰ্মা আৰু শিক্ষয়িত্ৰী লীলা বেজবৰুৱাই । লঘূ আহাৰ বিতৰণৰ অন্তত সামগ্ৰিকভাৱে শিক্ষক দিৱসৰ সফল সামৰণি পৰে ৷

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 5, 2026

নৰোৰাম বৰ্মন ফুটবল টুৰ্ণামেণ্ট— নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ফাইনেলতঅতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৫ ছেপ্টেম্বৰ, ২০২৬...
05/09/2026

নৰোৰাম বৰ্মন ফুটবল টুৰ্ণামেণ্ট— নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ফাইনেলত

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৫ ছেপ্টেম্বৰ, ২০২৬

চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত সংঘৰ নৱনিৰ্মিত ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, গ্ৰাম্যাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতা নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল টুৰ্ণামেণ্টৰ কালি নিশাৰ ভাগত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত দুটা শক্তিশালী দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু ডিবিআই স্পোৰ্টচ ক্লাব, সোণাপুৰ মুখামুখি হয় । চামতা আঞ্চলিক ক্রীড়া সংঘৰ দ্বাৰা পৰিচালিত অইল ইণ্ডিয়া, দুলীয়াজান আৰু এন আৰ এল, গুৱাহাটীৰ অৰ্থ সাহায্যৰে চলি থকা প্ৰতিযোগিতাখনৰ কালিৰ খেলখনত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ডিবি আই স্পোৰ্টচ ক্লাব, সোণাপুৰক ৪-০ গ’লৰ ব্যৱধানত সহজে পৰাজিত কৰি বিজয় সাব্যস্ত কৰে । বিজয়ী দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ হৈ তনবীৰে প্ৰথমাৰ্ধৰ ২৪ আৰু ৩৬ মিনিটত মুঠ ২ টা গ'ল, দ্বিতীয়াৰ্ধৰ ৩০ আৰু ৩২ মিনিটত যথাক্ৰমে টুভিহাং আৰু আথ্ৰিনৰানে এটাকৈ গ'ল দিয়ে ৷ খেলখন পৰিচালনা কৰে মনিপ্ৰিঞ্চ হাজৰিকাই । সহযোগ কৰে গকুল দাস, মইদুল ইছলাম আৰু নৱজিৎ কলিতাই । সংৰক্ষিত ৰেফাৰী হিচাপে থাকে জয়ন্ত দত্ত ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া সংগঠক ৰাজীৱ শৰ্মা, নলবাৰী জিলা ক্ৰীড়া বিষয়া লুটৰাজ বসুমতাৰী, নলবাৰী ক্ৰীড়া সংন্থাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামী আৰু অন্যান্যসকল । আনহাতে, ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ফাইনেল খেলখনত অইল ইণ্ডিয়া লিমিটেড এফ চি, দুলীয়াজানে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 5, 2026

04/09/2026

৪৬ সংখ্যক নৰোৰাম বৰ্মন ফুটবল— নৈশালোকত প্রথমখন ছেমি ফাইনেল— অইল ইণ্ডিয়া এফ চি, দুলীয়াজানৰ ফাইনেলত প্রৱেশ

অমিয় জীৱন(৯২)— চিৰঞ্জীৱ জৈন        ভয় কৰা ভালঅপৰূপ নদ নদীঅৰণ্য অপাৰতৃণ ভূমি শ্যামলিমাসোণালী পাহাৰৰাশি ৰাশি গছপোহৰ বতাহপ...
04/09/2026

অমিয় জীৱন(৯২)— চিৰঞ্জীৱ জৈন


ভয় কৰা ভাল

অপৰূপ নদ নদী
অৰণ্য অপাৰ
তৃণ ভূমি শ্যামলিমা
সোণালী পাহাৰ

ৰাশি ৰাশি গছ
পোহৰ বতাহ
প্ৰকৃতি সুধাৰ ভাণ্ডাৰ
মিতিৰালি ভাল

অম্লজানৰ অমিয় আঁকৰ
মিতিৰালি ভাল

নিছিঙিবা ধৈর্যৰ‌ বান্ধ
পৰিমিতি ভাল

সীমা পাৰ হ’লে
কৰে ছাৰখাৰ
ভয় কৰা ভাল

লেখকৰ নাম আৰু ঠিকনা:

চিৰঞ্জীৱ জৈন

শিক্ষা তথা সাহিত্য অনুৰাগী

অৱসৰপ্ৰাপ্ত অধ্যক্ষ,

মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়, নলবাৰী

গোপাল বজাৰ, নলবাৰী

ম’বাইল নং:-৯৮৬৪১৬৫১৫৯

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 4, 2026

৪৬ সংখ্যক নৰোৰাম বৰ্মন ফুটবল— নৈশালোকত প্রথমখন ছেমি ফাইনেল— অইল ইণ্ডিয়া এফ চি, দুলীয়াজানৰ ফাইনেলত প্রৱেশঅতুল ভূঞাৰ প্ৰতি...
04/09/2026

৪৬ সংখ্যক নৰোৰাম বৰ্মন ফুটবল— নৈশালোকত প্রথমখন ছেমি ফাইনেল— অইল ইণ্ডিয়া এফ চি, দুলীয়াজানৰ ফাইনেলত প্রৱেশ

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৪ ছেপ্টেম্বৰ, ২০২৬

চামতা আঞ্চলিক ক্রীড়া সংঘৰ দ্বাৰা পৰিচালিত ৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্রফী ফুটবলত অইল ইণ্ডিয়া এফ চি, দুলীয়াজানে ফাইনেলত প্ৰৱেশ কৰিছে । বৃহষ্পতিবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেল এন এফ ৰে'লৱে এফ চি, গুৱাহাটী আৰু অইল ইণ্ডিয়া এফ চি, দুলীয়াজানৰ মাজত অনুষ্ঠিত হয় ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত, অইল ইণ্ডিয়া, দুলীয়াজান আৰু এন আৰ এল, গুৱাহাটীৰ অর্থ সাহায্যৰে চামতা আঞ্চলিক ক্রীড়া সংঘৰ ষ্টেডিয়ামত চলি থকা ফুটবল প্রতিযোগিতাখনৰ বৃহস্পতিবাৰে প্রথমখন ছেমিফাইনেল খেল সন্ধিয়া ৮ বজাত নৈশালোকত অনুষ্ঠিত হয় ৷ উক্ত ছেমি ফাইনেল খেলখন উদ্বোধন কৰে সদৌ অসম অলিম্পিক সন্থাৰ উপ সভাপতি ভৱজ্যোতি গোস্বামীয়ে । অতিথি হিচাপে উপস্থিত থাকে ক্রীড়া সংগঠক মানিক গগৈ, সমাজকর্মী উপেন বর্মন আৰু বিশিষ্ট চিকিৎসক, ক্রীড়া সংগঠক ৰাজুমনি শর্মা ৷ খেলৰ প্রথমার্ধৰ ৪৫ মিনিটত অইল ইণ্ডিয়া এফ চি, দুলীয়াজানৰ আক্রমণ বিভাগৰ খেলুৱৈ আক্রাম নার্জাৰীয়ে দলটোৰ হৈ প্রথমটো গ'ল দি দলটোক আগবঢ়ায় ৷ খেলৰ দ্বিতীয়ার্ধত দুয়োটা দলে আক্রমণাত্মকভাৱে খেলে যদিও কোনো দলে গ'ল স্কোৰ কৰিব নোৱাৰিলে ৷ খেলৰ অন্তত অইল ইণ্ডিয়া এফ চি, দুলীয়াজানে ১-০ গ'লৰ ব্যৱধানত এন এফ ৰে'লৱে দলক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ খেলখন পৰিচালনা কৰে নৱজিৎ কলিতাই ৷ লাইনত সহায় কৰে মইদুল ইছলাম আৰু জয়ন্ত দত্তই ৷ চতুর্থ পৰিচালক হিচাপে থাকে মনিপ্রিন্স হাজৰিকা ৷ আজি দ্বিতীয়খন ছেমি ফাইনেল খেলত অংশগ্রহণ কৰিব ডি বি আই স্পোর্টছ ক্লাব, সোণাপুৰ আৰু নর্থ ইষ্ট ইউনাইটেড এফ চি, গুৱাহাটীয়ে ৷

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: September 4, 2026

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Protibedok Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Protibedok Live:

Shortcuts

Share