28/09/2025
নলবাৰীৰ নিজ পকোৱাত ৩৩ বছৰৰ অন্তত গুৰু-শিষ্যৰ মহামিলন— বিশ্বকণ্ঠ জুবিন গাৰ্গক স্মৰণ, স্মৃতিগ্ৰন্থ উন্মোচন
ৰূপক বৈশ্য, সম্পাদক প্ৰধান, প্ৰতিবেদক লাইভ, ২৮ ছেপ্টেম্বৰ, ২০২৫
সুদীৰ্ঘ ৩৩ বছৰৰ অন্তত আজি মহামিলন ঘটিল গুৰু-শিষ্যৰ । গুৰু শিষ্যৰ মহামিলনত মুখৰ হৈ পৰিল নলবাৰীৰ পকোৱা হাইস্কুল বাকৰি । ১৯৯১-৯২ চনত পকোৱা হাইস্কুলত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ আজি অনুষ্ঠিত সতীৰ্থ সন্মিলনত দেখা গ'ল এক বিশেষ পৰিবেশ । পুৱাৰ ভাগত সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন কৰে সতীৰ্থ সন্মিলনৰ সভাপতি অখিল চন্দ্ৰ ডেকাই । সতীৰ্থ সন্মিলনৰ সম্পাদক তথা সাংবাদিক মজিবুৰ ৰহমানে পৰিচালনা কৰা অনুষ্ঠানটোত হিয়াৰ আমঠু বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলায় পকোৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুমুদ মল্ল বৰুৱাই । তাৰপিচতে প্ৰয়াত শিক্ষাগুৰু, কৰ্মচাৰী আৰু প্ৰয়াত সতীৰ্থসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ লগতে পুষ্পমাল্য প্ৰদান কৰে প্ৰয়াত শিক্ষাগুৰুৰ পৰিয়াল আৰু সতীৰ্থসকলে । গছপুলি ৰোপণ কাৰ্যসূচী ৰুপায়ণ কৰে সতীৰ্থ সন্মিলনৰ উপ সভাপতি উৎপল সাউদ, প্ৰাণজিৎ দত্ত, তপন দাস আৰু আয়ুৱ আলীয়ে । ইয়াৰ পিচতে অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিল্পী ৰঞ্জিত কুমাৰ শৰ্মাৰ কথা আৰু সুৰেৰে ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণি গীত পৰিৱেশন কৰে । পকোৱা হাইস্কুলৰ ইতিহাস বিজড়িত শীৰ্ষ গীতটোৰে উপস্থিত সকলোৰে মন-প্ৰাণ ভৰাই তোলে শিল্পী, কলা-কুশলীসকলে । গুৰু বন্দনা, গুৰু পূজন কাৰ্যসূচীৰ জৰিয়তে শিক্ষাগুৰুসকলৰ আশিস লয় সতীৰ্থ সন্মিলনত আজি মিলিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে । উক্ত অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে পকোৱা হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষক মইনুৰ হুছেইনে । তিনিগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুমুদ মল্ল বৰুৱা, গজেন্দ্ৰ ৰাম সাউদ আৰু অশোক কুমাৰ কলিতাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক বিৰাজ কুমাৰ শৰ্মা(শাস্ত্ৰী), উমেশ দত্ত, অনিল সাউদ, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কৰ্মচাৰী গিয়াচুদ্দিন আহমেদ, কৰ্মৰত শিক্ষক মণ্টু কুমাৰ শৰ্মাকে ধৰি বিভিন্নজনে মনোগ্ৰাহী অনুষ্ঠানটোৰ শলাগ লোৱাৰ উপৰি ধন্যবাদ জ্ঞাপন কৰে । সতীৰ্থ সন্মিলন উপলক্ষে পকোৱা হাইস্কুল আৰু নিজ পকোৱাৰ ইতিহাস সম্বলিত তথা তথ্য সমৃদ্ধভাৱে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমল নয়ন পাটোৱাৰীয়ে । স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত অধ্যক্ষ ডঃ কমল নয়ন পাটোৱাৰীয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এই অনুষ্ঠানে উঠি অহা প্ৰজন্ম আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিব বুলি তাৎপৰ্যমূলক বক্তব্য প্ৰদান কৰে । লগতে ভাষণত গুৰু-শিষ্যৰ মহামিলন আৰু গুৰুসকলৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তিৰ এক উৎকৃষ্ট নিদৰ্শন বুলি মত ব্যক্ত কৰে অধ্যক্ষ ডঃ কমল নয়ন পাটোৱাৰীয়ে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাই এই অনুষ্ঠানৰ জৰিয়তে পকোৱা হাইস্কুলৰ একালৰ ছাত্ৰ-ছাত্ৰীসকলে সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰে । স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক চম্পক কুমাৰ গোস্বামীয়ে গুৰু-শিষ্যৰ সম্পৰ্কৰ ওপৰত তত্বগধুৰ বক্তব্য আগবঢ়াই এই সতীৰ্থ সন্মিলনৰ জৰিয়তে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে বিশেষ অনুপ্ৰেৰণা লাভ কৰিব বুলি উল্লেখ কৰে । বিয়লিৰ ভাগত পকোৱা হাইস্কুলৰ বৰ্তমানৰ শিক্ষাগুৰুসকলক স্মাৰক, ফুলাম গামোচা আৰু গছপূলিৰে সম্ভাষণ জনায় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ৷ তাৰপিচত সতীৰ্থসকলৰ স্মৃতি ৰোমন্থন কাৰ্যসূচী আৰু সম্ভাষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সতীৰ্থ সন্মিলনৰ সভাপতি অখিল চন্দ্ৰ ডেকা, উৎপল সাউদ, প্ৰাণজিৎ দত্ত, আয়ুব আলী, তপন দাস, বিনোদ সাউদ, হৰেণ হালৈ মজনুৰ আহমেদকে ধৰি অন্যান্য প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে । অনুষ্ঠানটোত সতীৰ্থসকলক ফুলাম গামোচা, স্মাৰক আৰু গছপূলিৰে সম্ভাষণ জনোৱা হয় । শেষত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা বাবে শিক্ষাগুৰু, অতিথি সমন্বিতে আটাইবোৰ সতীৰ্থক শলাগৰ শৰাই আগবঢ়ায় সতীৰ্থ সন্মিলনৰ সম্পাদক মজিবুৰ ৰহমানে ।
(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)
Protibedok Live: September 28, 2025