
22/07/2025
মাজুলীত আজি সাংঘাতিক গৰম পৰিছে, আৰ্দ্ৰতা প্ৰায় ৮০%। এই গৰমত ঘামি-জামি OPD-ত ৰোগী চাই থাকোতে হঠাতে আমাৰ ষ্টাফ সুনীলে দৌৰি আহি ক’লে, “ছাৰ, DC ছাৰ আহিছে!”
মই অবাক, হতভম্ব হৈ উঠিলো। DC? জিলা উপায়ুক্ত আমাৰ এই সৰু ক্লিনিকত? প্ৰায় দৌৰি যোৱাৰ নিচিনাকৈ গৈ দেখিলো বাহিৰত VIP গাড়ী আৰু বহুকেইজন আৰক্ষী। চিৰিৰে নামি যাব খোজোতেই দেখিলো ইতিমধ্যে চিৰিৰে কেইজনমান ব্যক্তি উঠি আহিছে। একেবাৰে সন্মুখত হাঁহিমুখীয়া ব্যক্তি এজন। তেনেই মাৰ্জিত পোচাকত অহা ব্যক্তিজনক দেখিয়েই positive vibe এটা আহি গ’ল। আগতে কেতিয়াও লগ পোৱা নাই যদিও খাতাং হলো যে এখেতেই চাগে মাজুলী জিলাৰ সন্মানীয় জিলা উপায়ুক্ত শ্ৰীযুত ৰাতুল চন্দ্ৰ পাঠক ডাঙৰীয়া। মোৰ মুখেৰে লগে লগে ওলাই গ’ল, “জয় হিন্দ ছাৰ!”
তেখেতে হাঁহিমুখেৰে ক’লে, “আপোনাক লগ পাম বুলি আহিলো।” মই উত্তৰত কি ক’ম কি নক’ম ভাবিয়ে নাপালো।
তাৰ পাছত উপায়ুক্ত মহোদয়ক আমাৰ ক্লিনিক খনৰ ভিতৰলৈ আদৰি লৈ আনিলো। এজন এজনকে সকলো ষ্টাফৰ লগত চিনাকি কৰি দিলো। তাৰ পাছত ছাৰৰ লগত মোৰ চেম্বাৰৰ ভিতৰতে বহি বহু কথা পাতিলো। আচৰিত হোৱাতকৈ সুখী হলো এইটো গম পাই যে তেখেতৰ চিন্তাধাৰাৰ মোৰ লগত সম্পূৰ্ণ মিল আছে। তেখেতেও বিশ্বাস কৰে যে ৰোগবোৰক ঔষধ খাই পুহি থকাতকৈ নিজৰ দৈনন্দিন জীৱনশৈলীৰ কিছু সালসলনি কৰি ৰোগক প্ৰতিৰোধ কৰাটোৱেই শ্ৰেষ্ঠ। এনেদৰে উপায়ুক্ত মহোদয়ে তেখেতৰ বহুমূলীয়া কিছু সময় আমাক ধুনীয়া স্মৃতি স্বৰূপে উপহাৰ দি আমাৰ পৰা বিদায় ললে।
উপায়ুক্ত মহোদয়ক “দেৱোত্তম পৰিয়াল”ৰ ফালৰ পৰা হৃদয়ৰ পৰা ধন্যবাদ🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻।
(আমি একেবাৰে সাজু নাছিলো বাবে আপোনাক যথোপযুক্ত ভাৱে আপ্যায়ন কৰিব নোৱাৰিলো। তাৰ বাবে ক্ষমাপ্ৰাৰ্থী🙏🏻।)