ASSAM SPOT NEWS

ASSAM SPOT NEWS Daily new breking news will come on this channel. Assam spot news is a Assamese digital news channel

01/09/2026

কাছাৰত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু: চালকৰ অমানৱীয় কাণ্ডক লৈ ড’লু ঘাইপথত উত্তাল প্ৰতিবাদ।
বিৱৰণ: কাছাৰ জিলাৰ ড’লু ঘাইপথত সংঘটিত এক হৃদয়বিদারক পথ দুৰ্ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বৰখলাৰ কালিনগৰৰ ৬০ বছৰীয়া পূৰ্ণিমা সিঙক এখন তীব্ৰবেগী অট’ই খুন্দা মাৰি পেলাই দিয়ে। দুৰ্ভাগ্যজনকভাৱে, চালকজনে তেওঁক চিকিৎসালয়লৈ নিয়াৰ ভাও ধৰি হাবিত পেলাই থৈ পলায়ণ কৰে।
নিশা পৰিয়ালৰ লোকৰ তৎপৰতাত তেওঁক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীৰ মৃত্যু হয়। এই অমানৱীয় কাণ্ড আৰু মহিলাগৰাকীৰ মৃত্যুক লৈ স্থানীয় ৰাইজে শুকুৰবাৰে দিনৰ ১ বজাৰ পৰা ড’লু ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ৰাইজে দোষী চালকজনক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে।

27/08/2026

নেপালৰ বিধ্বংসী বানপানীৰ বিভীষিকা: আটাইতকৈ ভয়ংকৰ দৃশ্য!

কাছাৰৰ পৰা উদ্ধাৰ ১৬৮ কোটি টকাৰ ইয়াবা টেবলেট।আছাম ৰাইফলছে এক বিবৃতিত জনোৱা মতে, ২৫ আৰু ২৬ আগষ্ট আছাম ৰাইফলছ আৰু ডি আৰ আ...
27/08/2026

কাছাৰৰ পৰা উদ্ধাৰ ১৬৮ কোটি টকাৰ
ইয়াবা টেবলেট।
আছাম ৰাইফলছে এক বিবৃতিত জনোৱা মতে, ২৫ আৰু ২৬ আগষ্ট আছাম ৰাইফলছ আৰু ডি আৰ আইয়ে কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ জুঝাং পাহাৰ অঞ্চলত যৌথ অভিযান চলাইছিল।
এই অভিযানত প্ৰায় ৫.৬ লাখ ইয়াবা টেবলেট উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা ঔষধসমূহৰ আনুমানিক বজাৰ মূল্য ১৬৮ কোটি টকা।
এই অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা এখন টাটা ট্ৰাকও জব্দ কৰা হৈছে।

24/08/2026

📌 নলবাৰীত চাঞ্চল্য! জয়মংলাৰ জমিৰ আলীয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক, থানাত প্ৰাক্তন স্বামীৰ এজাহাৰ।
👉🏾বাউসীয়াপাৰাৰ পূৰ্বৰ স্বামী
আব্দুল মোবাৰকে নলবাৰীৰ থানাত দাখিল কৰে এজাহাৰ৷

23/08/2026

"থানাৰ ইনচাৰ্জ অমিত শ্বাহ নেকি?"— থানাত গৈ কিয় জ্বলি উঠিল ৰাহুল গান্ধী?
FIR ৰেজিস্টাৰ কৰিবলৈ গৈ থানাত কি দেখিলে ৰাহুল গান্ধীয়ে? কটু প্ৰশ্ন গৃহমন্ত্ৰীক লৈ!

23/08/2026

📌 মহাৰাষ্ট্ৰৰ ছত্রপতী সম্ভাজিনগৰৰ তিসগাঁৱত সংঘটিত এক মর্মান্তিক ঘটনাই আমাক গভীৰভাৱে চিন্তিত কৰিছে। কেৱল এটি আইফোন বা মোবাইলৰ বাবে হোৱা অভিমানৰ ফলত এটা পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল। পুত্ৰক বচাবলৈ গৈ পিতৃৰ পিছে পিছে মাতৃয়েও দিলে চৰম সিদ্ধান্ত। এই দুখদ ঘটনাই সোঁৱৰাই দিয়ে যে ধৈর্য আৰু পৰিয়ালৰ মাজত নিবিড় সংবাদৰ কিমান প্রয়োজন। আপোনাৰ কাষত থকা প্ৰিয়জনৰ মূল্য বুজি পাওক, খং আৰু অভিমানতকৈ জীৱন বহুত বেছি মূল্যবান। শিক্ষাৰ্থীয়ে সমস্যাৰ মুহূৰ্তত ধৈর্য্য ৰাখিব লাগে, নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি প্ৰয়োজনত আপোনজনৰ সহায় ল’ব লাগে।

22/08/2026

📌 আৰ্তজনৰ কাষত অসম স্পট নিউজ: বানাক্ৰান্তক সাহায্য বিতৰণ।
📌 শিৱসাগৰৰ দিখৌ নৈৰ পাৰত বানপীড়িতৰ মাজত সাহাৰ্য প্ৰদান।

Address

Nalbari

Telephone

+18453539586

Website

Alerts

Be the first to know and let us send you an email when ASSAM SPOT NEWS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM SPOT NEWS:

Shortcuts

Share