Assam Front 24X7

Assam Front 24X7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam Front 24X7, News & Media Website, P. N. C Road, NALBARI, Nalbari.

16/05/2025

পঞ্চায়ত নিৰ্বাচনত সফল ভূমিকা পালন। এতিয়া বিভাগীয় দায়িত্বক গতিশীল কৰাৰ সময়।আজি গুৱাহাটীত কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত এক্সন মুডত দেখা গ'ল অসম চৰকাৰৰ গৃহনিৰ্মাণ আৰু নগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক।

06/05/2025

পোহনীয়া কুকুৰক ধ*ৰ্ষ*ণ কৰি আৰক্ষীৰ জালত মৰিগাঁৱৰ বিশিষ্ট ব্যৱসায়ী নাৰায়ণ দাস ওৰফে নাৰু

বিগত ডেৰ বছৰ ধৰি তিনিটা পোহনীয়া কুকুৰৰ সৈতে নাৰুৱে কৰি আহিছিল অপকৰ্ম

02/05/2025

নলবাৰীত সাধাৰণ জনতাই কলা পতাকা জোঁকাৰি কিয় আৱাজ দিলে- গৌৰৱ গগৈ মূৰ্দাবাদ।

26/04/2025
25/04/2025

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ধিক্কাৰ দি পাকিস্তান মুৰ্দাবাদ,শীঘ্ৰে সন্ত্ৰাস দমন কৰক, পাকিস্তান হায় হায় আদি শ্লোগানেৰে নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত বৃহৎ প্ৰতিবাদ

23/04/2025

প্ৰতিশোধ লবলৈ সাজু। সেনাৰ অভিযান আৰম্ভ। পেহেলগামত ড্ৰোণ হেলিকপ্টাৰেৰে শক্তিশালী ৰূপত অভিযান। মোতায়ন বৃহৎ সংখ্যক ভাৰতীয় সেনাৰ জোৱান। এতিয়ালৈ কাশ্মীৰৰ বাৰামুল্লাত দুই সন্ত্রাসবাদীক হত্যা ।।

19/04/2025

ৱাকফ বিলক কেন্দ্ৰ কৰি পশ্চিমবঙ্গত হোৱা হিংসাৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান।

আজি ইং ১৯/০৪/২৫ ইং শণিবাৰে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰিবাৰৰ সংগঠনৰ কাৰ্য্যকৰ্তা সকল একত্ৰিত হৈ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয়।ৱাকফ বিলক কেন্দ্ৰ কৰি মূলতঃ পশ্চিমবঙ্গত হোৱা হিংসাত্মখ ঘটনা আৰু পশ্চিমব্গৰ আইন শৃংখলা অৱনতি তথা হিন্দু সুৰক্ষাৰ হকে ৰাষ্ট্ৰব্যাপী প্ৰদৰ্শনৰ অংশ হিচাপে আজি বিশ্ব হিন্দু পৰিষদ, নলবাৰী জিলা সমিতিৰ আহ্বানত অন্যান্য সহাদৰ্শৰ সংগঠনৰ সহযোগত নলবাৰী জিলা পুথিভঁৰালৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি ৰাষ্ট্ৰপতি শাসন বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে মহামহিম ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।মূলত: পশ্চিমবংগত মমতা চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন,কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ জৰিয়তে প্ৰশাসনিক সুৰক্ষা,ভাৰত- বাংলাদেশৰ দীঘলীয়া সীমাত ফেন্সিংৰ ব্যৱস্থা,অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়া অনুপ্ৰবেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা আদি দাবী স্মাৰক পত্ৰত সন্নিবিষ্ট কৰা হয়। বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ ডেকা, বজৰংগ দল নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰ,ভাৰতীয় জনতা পাৰ্টি,নলবাৰী জিলাৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা, ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ সভাপতি মৃগাংক দাস, চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰিয়ংকু নাৰায়ণ বৰুৱা,বিশ্ব হিন্দু পৰিষদ, নলবাৰী জিলাৰ সহঃ সম্পাদক বিজু দত্ত, উপ-সভাপতি মানস পাটগিৰি, ৰাষ্ট্ৰীয় স্বয়ং সেৱকসংঘ নলবাৰীৰ ব্যৱস্থা প্ৰমুখ দিগন্ত লোচন শৰ্মা,নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম প্ৰচাৰ প্ৰমুখ ধৰ্মেশ্বৰ হালৈ আদি নেতৃত্বৰ লগতে শতাধিক সদস্যই পশ্চিমবংগত হিন্দুৰ ওপৰত অত্যাচাৰৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অপসাৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

14/04/2025

নলবাৰীৰ পাগলাদিয়া নদীৰ ঘাটত গৰু- গা ধুৱাই গৰু বিহু উদযাপন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সৰ্বস্তৰৰ ৰাইজক বাপতি সাহোন বিহুৰ সম্ভাষণ জনায়।নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত এই আয়োজন কৰা হয়।

নলবাৰী জিলালৈ সৰ্বভাৰতীয় সন্মান!অসমীয়া গল্পৰ বাবে ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ 'যুৱ পুৰস্কাৰ সন্মান' লাভ কৰি নলবাৰীলৈ ...
10/04/2025

নলবাৰী জিলালৈ সৰ্বভাৰতীয় সন্মান!

অসমীয়া গল্পৰ বাবে ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ 'যুৱ পুৰস্কাৰ সন্মান' লাভ কৰি নলবাৰীলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে গল্পকাৰ পাপৰি বৰ্মনে। উল্লেখযোগ্য যে পাপৰিয়ে কিছুদিনৰ আগতে 'পৰুৱা পোহনীয়া' গ্রন্থৰ বাবে সন্মানীয় মুনীন বৰকটকী বঁটা লাভ কৰিছিল

10/04/2025

গুৱাহাটীৰ গেমছ ভিলেজৰ সমুখত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ডাম্পাৰে দুজন পথচাৰীক খুন্দি থিতাতে প্ৰাণহানিৰ ঘটনা ঘটায়। দুৰ্ঘটনাৰ পাছতে উত্তেজিত স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

10/04/2025

শ্বহীদ ভৱন বাকৰিত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী মহাবিদ্যালয় আছু গোটৰ সহযোগত অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালাৰ সামৰণি

10/04/2025

আজি এ আই ইউ ডি এফৰ কোকৰাঝাৰ জিলা সমিতিয়ে কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ৱাকফ সংশোধনী আইনৰ পুনৰ বিবেচনাৰ আহ্বান জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচত উপস্থিত থাকে এ আই ইউ ডি এফৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইন , সম্পাদক ফখৰুদ্দিন আহমেদে,যুৱ মৰ্চাৰ কোকৰাঝাৰ জিলা সভাপতি সাহানুৰ হক , মহিলা মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভানেত্ৰী মফিদা বেগম আদিকে ধৰি আন কেবাজনো নেতা উপস্থিত আছিল।

Address

P. N. C Road, NALBARI
Nalbari
781335

Telephone

+916002690209

Website

Alerts

Be the first to know and let us send you an email when Assam Front 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Front 24X7:

Share