19/04/2025
ৱাকফ বিলক কেন্দ্ৰ কৰি পশ্চিমবঙ্গত হোৱা হিংসাৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান।
আজি ইং ১৯/০৪/২৫ ইং শণিবাৰে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰিবাৰৰ সংগঠনৰ কাৰ্য্যকৰ্তা সকল একত্ৰিত হৈ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয়।ৱাকফ বিলক কেন্দ্ৰ কৰি মূলতঃ পশ্চিমবঙ্গত হোৱা হিংসাত্মখ ঘটনা আৰু পশ্চিমব্গৰ আইন শৃংখলা অৱনতি তথা হিন্দু সুৰক্ষাৰ হকে ৰাষ্ট্ৰব্যাপী প্ৰদৰ্শনৰ অংশ হিচাপে আজি বিশ্ব হিন্দু পৰিষদ, নলবাৰী জিলা সমিতিৰ আহ্বানত অন্যান্য সহাদৰ্শৰ সংগঠনৰ সহযোগত নলবাৰী জিলা পুথিভঁৰালৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি ৰাষ্ট্ৰপতি শাসন বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে মহামহিম ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।মূলত: পশ্চিমবংগত মমতা চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন,কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ জৰিয়তে প্ৰশাসনিক সুৰক্ষা,ভাৰত- বাংলাদেশৰ দীঘলীয়া সীমাত ফেন্সিংৰ ব্যৱস্থা,অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়া অনুপ্ৰবেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা আদি দাবী স্মাৰক পত্ৰত সন্নিবিষ্ট কৰা হয়। বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ ডেকা, বজৰংগ দল নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰ,ভাৰতীয় জনতা পাৰ্টি,নলবাৰী জিলাৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা, ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ সভাপতি মৃগাংক দাস, চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰিয়ংকু নাৰায়ণ বৰুৱা,বিশ্ব হিন্দু পৰিষদ, নলবাৰী জিলাৰ সহঃ সম্পাদক বিজু দত্ত, উপ-সভাপতি মানস পাটগিৰি, ৰাষ্ট্ৰীয় স্বয়ং সেৱকসংঘ নলবাৰীৰ ব্যৱস্থা প্ৰমুখ দিগন্ত লোচন শৰ্মা,নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম প্ৰচাৰ প্ৰমুখ ধৰ্মেশ্বৰ হালৈ আদি নেতৃত্বৰ লগতে শতাধিক সদস্যই পশ্চিমবংগত হিন্দুৰ ওপৰত অত্যাচাৰৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অপসাৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।