Axom 360

Axom 360 Axom 360 News is a digital news platform delivering truthful and real-time news from Assam and North-East India.
(2)

12/09/2026

অসমীয়া চুটি ছবি ‘মৰমবোৰ’ৰ শুভ মুক্তি অনুষ্ঠান আজি অনুষ্ঠিত হয় Assam Front NE Digital Mediaৰ কাৰ্যালয়ত।
নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী গৌৰাঙ্গ ৰাজে আনুষ্ঠানিকভাৱে চুটি ছবিখনৰ শুভাৰম্ভণি কৰে।

09/09/2026

যাযাবৰী শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ পালন ডিব্ৰুগড় জিলা সাহিত্য সভাৰ

08/09/2026

বিশ্ব ফিজিঅ'থেৰাপি দিৱস উপলক্ষে অল আসাম এছ'চিয়েশ্যন অৱ ফিজিঅ'থেৰাপিষ্টৰ সজাগতা কাৰ্যসূচী.... চিকিৎসাত কোনো ধৰণৰ ঔষধ অন্তৰ্ভুক্ত নকৰাকৈ আৰু পেশীৰ চলাচলৰ জৰিয়তে শৰীৰৰ ত্রুটি সংশোধন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা -ফিজিঅ' থেৰাপিষ্টৰ কামক স্বীকৃতি দিবলৈ উদযাপন কৰা হয় 'বিশ্ব ফিজিকেল থেৰাপি দিৱস' - । প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত পালন কৰা হয় ফিজিঅ' থেৰাপি দিৱস -আজি ডিব্ৰুগড়ৰ মিলন নগৰ স্থিত আৰোগ্য কেন্দ্ৰত উদযাপন কৰা হয়।
ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত শইকীয়ৰ ৰিৰ্পট অসম ৩৬০

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Prasanta Saikia, Hemanta Kr Das, Sankar ...
08/09/2026

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Prasanta Saikia, Hemanta Kr Das, Sankar Kalita Sankar Kalita, Faruk Hussian, Bimal Roymedhi, Mahesh Kalita, Bitopan Deka, Abinash Sarma, Jeet Patgiri, Manoj Baishya

লুইতৰ পাৰৰ পৰা বিশ্ব দৰবাৰলৈ অসমীয়াৰ স্বাভিমান আৰু জাতীয় সত্তাক কঢ়িয়াই নিয়া যুগদ্ৰষ্টা শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিক...
08/09/2026

লুইতৰ পাৰৰ পৰা বিশ্ব দৰবাৰলৈ অসমীয়াৰ স্বাভিমান আৰু জাতীয় সত্তাক কঢ়িয়াই নিয়া যুগদ্ৰষ্টা শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ পৱিত্ৰ জন্মজয়ন্তীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো।

07/09/2026

📌পবিত্ৰ ভাদ মাহত হৰিনামেৰে মুখৰিত নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ, অংশগ্ৰহণ কৰিব ৫ শতাধিক দিহানামৰ দলে
📌অসম ৩৬০ ৰ পৰিচালন সম্পাদক হেমন্ত কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন

ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
07/09/2026

ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

06/09/2026

ডিব্ৰুগড়ৰ সামাজিক শৈক্ষিক পবিত্ৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা এজন বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক- চাবুৱা-নিৰ্বাসী ভাগ্যেশ্বৰ গগৈক- অসম সাহিত্য সভাৰ বিশেষ সন্মান-----

এখন প্ৰগতিশীল দেশ তথা সমাজ নিৰ্মাণত শিক্ষকসকলৰ দায়িত্ব অপৰিসীম----

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক দেশৰ একোজন সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ প্ৰয়াস কৰা শিক্ষক ভাগ্যেশ্বৰ গগৈক- অসম সাহিত্য সভাই ৬৫ সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি- অৱসৰপ্ৰাপ্ত -ৰাজ্যিক কৃতি শিক্ষক,বৰ্তমান ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক, ভাগ্যেশ্বৰ গগৈৰ সফলতা বাবে অসম সাহিত্য সভাই বিশেষ সেৱা সন্মান প্ৰদান কৰিছে--। অসম সাহিত্য সভাৰ সভাপতি ড°বসন্ত কুমাৰ গোস্বামী , উপ-সভাপতি পদুম ৰাজখোৱা আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই স্বাক্ষ্যৰে প্ৰেৰণ কৰা সম্বৰ্ধনা পত্ৰ লাভ কৰাত গগৈৰ লগতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সদস্য সকল উৎফুল্লিত হৈছে।
/
ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত শইকীয়াৰ ৰিৰ্পট অসম ৩৬০

06/09/2026

৩১ বছৰৰ বিনাবেতনৰ সেৱাৰ স্বীকৃতি: অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ ডেকাক নলবাৰী আছুৰ সম্বৰ্ধনা

: শিক্ষক দিৱসৰ তাৎপৰ্যপূৰ্ণ ক্ষণত এগৰাকী নিঃস্বাৰ্থ শিক্ষকৰ প্ৰতি সন্মান জ্ঞাপন কৰি এক অনন্য দৃষ্টান্ত দাঙি ধৰিলে নলবাৰী জিলা ছাত্ৰ সন্থাই।

বৰভাগ অঞ্চলৰ উখুৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ ডেকাক তেওঁৰ বাসগৃহত উপস্থিত হৈ আছুৰ নলবাৰী জিলা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

দিলীপ কুমাৰ ডেকাৰ শিক্ষকতাৰ যাত্ৰা বিশেষভাৱে উল্লেখযোগ্য। দীৰ্ঘ ৩১ বছৰ ধৰি বিনাবেতনে শিক্ষকতা কৰি অসংখ্য ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে।

আৰ্থিক লাভ-লোকচানৰ ঊৰ্ধ্বত গৈ শিক্ষাৰ প্ৰতি দায়বদ্ধতা আৰু সমাজৰ প্ৰতি সেৱাৰ এই নিদৰ্শনক শিক্ষক দিৱসৰ দিনা স্বীকৃতি জনোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

সম্বৰ্ধনা কাৰ্যসূচীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল কলিতা, সভাপতি নিৰুজউদ্দিন আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন কলিতা, সহঃ সাধাৰণ সম্পাদক বিশ্বজিৎ মল্ল বুজৰবৰুৱা আৰু বিশাল বিক্ৰম চৌধুৰী, শিক্ষা সম্পাদক ধীৰাজ কলিতা, ক্ৰীড়া সম্পাদক মুন্না আহমেদ, তথ্য সম্পাদক তন্ময় শৰ্মা, প্ৰচাৰ সম্পাদক কল্পমনি কাকতিৰ লগতে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকল উপস্থিত থাকে।

এগৰাকী শিক্ষক, ৩১ বছৰৰ এক নীৰৱ ত্যাগ

দিলীপ কুমাৰ ডেকাৰ এই সেৱাই পুনৰবাৰ উজলাই তুলিলে—শিক্ষকতা কেৱল এটা বৃত্তি নহয়, ই সমাজ নিৰ্মাণৰ এক মহান দায়িত্ব। বিনাবেতনে তিনিটা দশকৰো অধিক সময় শিক্ষাৰ পোহৰ বিলাই যোৱা ডেকাৰ দৰে শিক্ষকৰ অৱদানৰ স্বীকৃতিয়ে নতুন প্ৰজন্মকো সমাজৰ প্ৰতি দায়বদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিতসকলে।

05/09/2026

ক্ষুদ্ৰ বিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়লৈ গৌৰৱ: জিলা পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা লাভ গৌতম গোস্বামীৰ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত ক্ষুদ্ৰ বিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে সহকাৰী শিক্ষক গৌতম গোস্বামীয়ে। ২০২৬ বৰ্ষৰ জিলা পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ।

আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰী আয়ুক্ত নিবেদন দাস পাটোৱীৰ এই বঁটা উপস্থিতিত অতিৰিক্ত আয়ুক্ত সুপৰ্ণা দে‌ই এই বটা প্ৰদান কৰে।

উল্লেখযোগ্য যে ক্ষুদ্ৰ বিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়খনে প্ৰতিবছৰে গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰি আহিছে। বিদ্যালয়খনৰ সকলো দিশতে উন্নয়নৰ ধাৰা অব্যাহত আছে। শিক্ষক গৌতম গোস্বামীৰ এই কৃতিত্বই সমগ্ৰ অঞ্চলটোলৈ আনন্দৰ জোৱাৰ আনিছে।

এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য বৰ্মনে কয়, "এই বঁটা লাভে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এয়া আমাৰ বাবে অতি আনন্দৰ বতৰা।"

আনহাতে বঁটা প্ৰাপক গৌতম গোস্বামীয়ে কয়, "এই বঁটা মই অকলে পোৱা নাই, সমগ্ৰ বিদ্যালয়খনে লাভ কৰিছে। এই বঁটাৰ বাবে কেৱল মোৰ কৃতিত্ব নহয়, সকলোৰে কৃতিত্ব আছে। অনাগত দিনত অধিক প্ৰেৰণা লাভ কৰিম।"

বিদ্যালয় খনৰ ছাত্ৰছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অঞ্চলবাসীয়ে শিক্ষকগৰাকীক শুভেচ্ছা জনাইছে।

নলবাৰীৰ পৰা শংকৰ কলিতা প্ৰতিবেদন

Address

Hajo Road
Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Axom 360 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share