
01/07/2025
বীৰ গোৰ্খা শ্বহীদ দূৰ্গা মল্লৰ আজি জন্ম তীথি।তেখেতৰ জন্ম উত্তৰ প্ৰদেশৰ দেহেৰাদুন ( বৰ্তমান উত্তাৰন্চল) জিলাৰ ডোইবালা নামে ঠাইত১৯১৩ চনত হৈছিল। তেখেতে গোৰ্খা মিলিটেৰি মিডিল স্কুলৰ পৰা প্ৰাথমিক শিক্ষা আহৰন কৰিছিল। এতিয়া সেই স্কুলখনক গোৰ্খা মিলিট্ৰী ইন্টাৰ কলেজ নামে জনাযায়। ইংৰাজ শাসনৰ পৰা ভাৰতক মুক্তি দিয়াৰ বাবে বাল্য বয়সতে অহৰহ চিন্তা কৰিছিল।
১৯৪২চনত চিংগাপুৰত আজাদ হিন্দ ফৌজৰ গঠণ হয়। য'ত দূৰ্গা মল্লৰ ভুমিকা আছিল অতন্ত্য লেখত লৱ লগিয়া। য'ত আছিল তিনিটা প্ৰসিদ্ধ গোৰ্খা বেটেলিয়াণ ১৫০০০ চিপাহী উচ্চপদস্থ বিষয়া। সেই বাবে তেখেতক মেজৰ ৰূপে পদোন্নতি কৰা হল। দেশৰ যুৱ চামক আজাদ হিন্দ ফৌজত চামিল কৰোৱাত তেখেতৰ মহত্বপূৰ্ণ অৱদান আছে।
তেঁওৰ কাৰ্য্য কুশলতা দেখি নেতাজী সুভাষ চন্দ্ৰ বসুয়ে গুপ্তচৰ বিভাগৰ কাৰ্য্যভাৰ দি কেপ্টেইন বনাই এক বিশেষ অভিযানৰ বাবে ভাৰত_বাৰ্মা সীমাত পঠায়। মনিপুৰৰ উখৰুল নামৰ ঠাইত ২৭মাৰ্চ১৯৪৪ চনত শত্ৰুৰ জালত আবদ্ধ হয়। মল্ল দেৱক যুদ্ধবন্দী ৰূপে দিল্লিৰ লাল কিল্লাত গৃহবন্দী কৰি ৰাখা হয়। তেখেতৰ বিৰুদ্ধে সৈনিক আদালতত বিচাৰ চলোৱা হয় আৰু
২৫ আগষ্ট ১৯৪৪ চনত তেখেতক ফাঁচি দিয়া হয়। সেইদৰে তেঁও আজাদ হিন্দ ফৌজৰ প্ৰথম শ্বহীদ হোৱাৰ গৌৰৱ অৰ্জন কৰে।