
20/09/2025
এক বিশাল মনৰ সত্ত্বা তেওঁ
অনামিকাৰে আৰাম্ভ কৰি
নৱ প্ৰজম্নৰ বুকুত সংগীতৰ
এক আলোড়নৰ সৃষ্টি কৰিছিল তেওঁ
সংগীত বুলি ক'লে ,ভূল হ'ব
সংগীতৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ
আছিল তেওঁ । নিমিষতে সকলো শেষ হৈ গ'ল! আজি অসমৰ জনগণই নিয়তিৰ ওচৰত হাৰ মানিলে । কেনেকৈ মানিব,কোনে শুনাব ''হঠাতে হেৰাল কেনি... চোতালৰে জোনক...,, !
কোনে ক'ব "মই ভাগৰা নাই ..জীৱন হেৰুৱা নাই....!
সংগীতৰ মাজেৰে অসমবাসীক দি গৈছিল সুখ-দুখৰ মাজেৰে জীৱন যাপন কৰাৰ ক্ষমতা।আজি যেন ক'ব লৈ ভাষা হেৰাই থাকিল!