23/02/2023
আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস , জাতিগত ভাষাপ্ৰীতি আৰু ধৰ্মীয়
এই বিষয়টো মনলৈ আহিলেই সততেই মনলৈ অহা দুটামান প্ৰশ্ন আৰু খুদুৱনি -
১) মানুহে কিয় মাতৃভাষা দিৱস পাতিব লাগে !
২) এটা বিশেষ দিনত সোঁৱৰাই দিলেহে মানুহ নিজৰ ভাষাটোৰ প্ৰতি সচেতন হয় নেকি ! বছৰৰ বাকী ৩৬৪ দিন কি কৰে ?
৩) কোনো ধৰণৰ ভাষাৰ জ্ঞান, ব্যাকৰণৰ জ্ঞান ,শব্দৰ জ্ঞান নোহোৱাকৈয়ে কিবা এটা লিখি সামাজিক মাধ্যমত কবিতা বা অণুগল্প অথবা লিমাৰিক বুলি দি দিব । লাইক কমেণ্টে উৎসাহিত কৰিলে সাহসী হৈ উঠা এনে নাগৰিকে আচলতে প্ৰতিদিনে মাতৃভাষা মৃত্যু দিৱস উদযাপন কৰাৰ নিচিনা হৈছে ।
৪) এইটো অনস্বীকাৰ্য্য যে ভুল সকলো মানুহৰে হ'য় । কিন্তু এই ভুলবোৰৰ সংখ্যা কমাব পাৰি এখন ভাল অভিধান অনুসৰণ কৰি লগতে মাজে সময়ে কিছু সময় উলিয়াই ভাল ভাল সাহিত্যিকৰ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলি নিজৰ লগতে সাহিত্যৰো উৎকৰ্ষ সাধন কৰা হব ।
৫) জাতিগত ভাষাপ্ৰীতি যদি মন কৰা যায় , তেতিয়া দেখা যায় যে অসমীয়া মানুহতকৈ বেংগলী মানুহৰ মাতৃভাষাপ্ৰীতি অত্যাধিক । অসমীয়া মানুহে অতি সহজতেই আনৰ ভাষা,সাহিত্য , সংস্কৃতি অনুকৰণ কৰি লয় যাৰ কাৰণে আমাৰ ভাষা সংস্কৃতিত বাহিৰাগতৰ প্ৰভাৱ অতি স্পষ্টৰূপত পোৱা যায়। অসমৰ মাতৃভাষা চৰকাৰী ভাৱে অসমীয়া হোৱা কাৰণে বহুতো অসমীয়াই শিক্ষাগ্ৰহণ কৰাৰ মাধ্যম অসমীয়া লয় যদিও ঘৰত ব্যৱহাৰ কৰা মাধ্যম বেংগলী ভাষা হোৱাৰ বাবে তেনেক্ষেত্ৰত অসমীয়াৰ মাতৃভাষা দিৱসৰ অৰ্থ সভা-সমিতি পাতি গামোছা পিন্ধোৱাৰ বাহিৰে একো নহয় ।
৬) জাতিগত ভাষাপ্ৰীতিৰ কথা উল্লেখ কৰোতে আৰু এটা কথা উল্লেখ কৰাটো সমীচিন যে আমাৰ কাষৰীয়া ৰাজ্য বেংগলৰ জনগণে কিন্তু কেতিয়াও মাতৃভাষাৰ ওপৰত হেচা প্ৰয়োগ কৰি আনক কিবা কবলৈ অথবা বাখ্যা কৰিবলৈ নাযায় । নিজৰ ভাষাতো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অতি সচেতন তেওঁলোক ।
৭) ধৰ্মীয় বিভেদতাৰ কথা এই কথাখিনিৰ লগত এটা বিশেষ কথাৰ কাৰণে সাঙুৰিব লগা হ'ল । আমি সকলোৱে অসমত বাস কৰো আৰু অসম আমাৰ মাতৃভুমি অকপটে স্বীকাৰ কৰো লগতে আমি জানো যে প্ৰত্যেক মাতৃৰে নিজা ভাষা আছে । ......