Words & Worlds by Lakhimi Gogoi

Words & Worlds by Lakhimi Gogoi এখন ধুনীয়া পৃথিৱীৰ পোহৰে সকলোৰে জীৱনবোৰ আলোকিত কৰি তোলক । মৃত্যু চিৰশাশ্বত হ'লেও আকাশ হওঁক আকাংক্ষাৰ শেষ সীমা ।

(কোনে লিখিছে নাজানো৷লিখাজনলৈ প্ৰণাম৷)*বুঢ়া বয়সত অকলে নপৰিবলৈ আৰু কাৰো ওপৰত বোজা নহ'বলৈ এই কথাবোৰ এতিয়াই বুজি লওক*  *ম...
19/06/2026

(কোনে লিখিছে নাজানো৷
লিখাজনলৈ প্ৰণাম৷)

*বুঢ়া বয়সত অকলে নপৰিবলৈ আৰু কাৰো ওপৰত বোজা নহ'বলৈ এই কথাবোৰ এতিয়াই বুজি লওক*

*মাটিৰ কাজিয়াত নোসোমাব।* কেৱল চুবুৰীয়াক শিকনি দিবলৈ গৈ নিজৰ জীৱন আদালত-কাছাৰীৰ চিৰিত নষ্ট নকৰিব। হ'ব পাৰে গোচৰ শেষ হোৱাৰ আগতেই আপুনি এই পৃথিৱী এৰি যাব লাগিব। আৰু যদি যুঁজি মাটি জিকিলেও, তাত আপুনি নহয়, উকীলহে বাস কৰিব।

*পুৰণি গাড়ী বোজা হ'ব পাৰে।* পাঁচ লাখ লাভ হ'ব বুলি ভাবি পুৰণি গাড়ী ঘৰলৈ নানিব। যদি ৰাস্তাত চলাতকৈ গেৰেজত বেছি সময় থাকে, তেন্তে হাৰ্ট এটেক গাড়ীৰ নহয়, আপোনাৰহে হ'ব।

*সম্পত্তি ল'ৰা-ছোৱালীৰ নামত দিবলৈ খৰখেদা নকৰিব।* আজি সিহঁত ভগৱান যেন লাগিলেও, এবাৰ সকলো সম্পত্তি সিহঁতৰ নামত কৰি দিলে, সেই ঘৰতে আপুনি অপ্ৰয়োজনীয় হৈ পৰিব পাৰে। ল'ৰা-ছোৱালী বেয়া নহয়, কিন্তু পৃথিৱীখন নিৰ্দয়। শেষ উশাহলৈকে নিজৰ নামত অলপ হ'লেও ৰাখিব।

*নিজৰ শেষ সঞ্চয় সুৰক্ষিত ৰাখক।* জীৱনৰ উপাৰ্জনেৰে গঢ়া পেঞ্চন ল'ৰা-ছোৱালীৰ ব্যৱসায়ত নলগাব। শেষত দৰৱৰ বাবে সেই ল'ৰা-ছোৱালীৰ আগতে হাত পাতিব লগা হ'ব পাৰে।

*ল'ৰা-ছোৱালীৰ ঘৰত লাগি নাথাকিব।* "সিহঁত মোৰেই ল'ৰা-ছোৱালী" বুলি কৈ সিহঁতৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰিব। বেছি ওচৰ-চাপিলে আপোনাৰ মৰম সিহঁতৰ বাবে বোজা হৈ পৰিব পাৰে। নিজৰ বাবে এটা সৰু ঠাই বনাওক আৰু স্বাধীন জীৱন কটাওক।

*তীৰ্থযাত্ৰাৰ বাবে ল'ৰা-ছোৱালীলৈ বাট নাচাব।* "সিহঁতে ছুটি পালে মোক লৈ যাব" বুলি ভাবি ৰৈ নাথাকিব। সিহঁতে সময় পাওঁতে হয়তো আপুনি খোজ কাঢ়িব পৰা অৱস্থাতেই নাথাকিব। যেতিয়ালৈকে গাত শক্তি আছে, নিজৰ ভাল লগা ঠাইলৈ যাওক, অকলে যাব লগা হ'লেও।

*আজি যি খাবলৈ মন গৈছে সেয়াই খাওক।* জীৱন সংগীক আজিয়েই তেওঁৰ প্ৰিয় বস্তু খুৱাওক। শ্মশানত খোৱাৰ থাল লৈ কান্দি কান্দি "তেওঁৰ এইটো বৰ প্ৰিয় আছিল" বুলি কোৱাটো কেৱল দেখুৱনি।

*নিজৰ বাবে জিৰণিৰ ব্যৱস্থা কৰক।* মৃত্যুৰ দিনলৈকে কামৰ বোজা ব'ব নালাগে। যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দৌৰিয়েই থাকিল, তেন্তে শেষত একোৱেই জীয়াই থকা নহ'ব। শৰীৰক প্ৰয়োজনীয় জিৰণি দিয়ক। টোপনিতকৈ ডাঙৰ দৰৱ নাই। অযথা টোপনি খতি নকৰিব আৰু শান্তিৰে শুব।

*যেতিয়া আপুনি অসুস্থ হ'ব, তেতিয়া বিষ ভগাবলৈ কোনো নাহে।* সেই বিষ আপুনি অকলেই সহিব লাগিব। এইটো কেতিয়াও নাপাহৰিব যে আপুনি অকলে আহিছে। কোনোবাই আপোনাৰ বাবে সকলো কৰি দিব বুলি বেছি আশা নকৰিব।

*এদিন আপোনাৰ ছাঁয়েও আপোনাৰ সংগ এৰি দিব।* মৃত্যুও অকলশৰীয়া। সেয়েহে অকলে থাকিবলৈ আনন্দেৰে শিকক। সুখ এনেকুৱা বস্তু নহয় যিটো কোনোবাই আপোনাক দিয়ে। সুখ আপুনি নিজেই সৃষ্টি কৰিব লাগে।

*যেতিয়ালৈকে স্বামী-স্ত্ৰী সুস্থ হৈ থাকে, সৰু-ডাঙৰ সকলো কাম নিজে কৰিবলৈ শিকক।* লাজ নকৰিব। উইল লিখিলেও সেইখন সলনি কৰাৰ সম্পূৰ্ণ অধিকাৰ আপোনাৰ আছে।

*যদি কোনোবাই আপোনাক আমনি কৰে বা কষ্ট দিয়ে, মনত ৰাখিব, আজি আইন আৰু জিলা প্ৰশাসন আপোনাৰ লগত আছে।*

*প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰক।* আৰু যদি পুৰণি বন্ধু বা আত্মীয় থাকে, তেওঁলোকৰ লগত ডেকা কালৰ স্মৃতি ভগাই ল'ব।

*সদায় মনত ৰাখিব, এদিন জীৱনৰ হিচাপ পূৰ হ'ব।* সেই শেষ দিনটোৰ বাবে মানসিকভাৱে সাজু থাকক। শেষত এইটো জানি লওক যে আপুনি একো লগত লৈ নাযায়।

*সকলোৰে লগত প্ৰেম আৰু বন্ধুত্বৰে ব্যৱহাৰ কৰক।* প্ৰয়োজনীয় লোকক সহায় কৰক আৰু নিজকে এজন ভাল মানুহ কৰি তোলক।

নিজে পঢ়ি ভাল লগাত ৰাইজলৈও আগবঢ়ালোঁ।

On a scorching sunny day, a tiny bulbul bird flying with its companion accidentally hit a parked car on our college camp...
13/06/2026

On a scorching sunny day, a tiny bulbul bird flying with its companion accidentally hit a parked car on our college campus and fell unconscious. 🐦☀️💔

We rescued it, gave it some water, and after a few minutes it regained consciousness. Soon, it spread its wings and flew back to its loved one waiting on a nearby tree branch. ❤️🌳

A beautiful reminder that even the smallest act of kindness can make a difference.

NatureLovers AnimalRescue KindnessMatters Compassion CollegeCampus SaveWildlife WildlifeConservation BirdWatching LoveInNature Environment GoodDeeds Hope RescueStory NaturePhotography SpreadKindness

12/06/2026
বিশ্ব কবিতা দিৱসৰ লগত সংগতি ৰাখি মোৰ ভাললগা  এখন ফটো ...
21/03/2026

বিশ্ব কবিতা দিৱসৰ লগত সংগতি ৰাখি মোৰ ভাললগা এখন ফটো ...

বিশ্বৰ উদ্ভিদ জগতত নতুন সংযোজন — Osbeckia zubeengargiana 🌿প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে চিনাক্ত হ’ল এই নতুনকৈ আৱিষ্ক...
15/03/2026

বিশ্বৰ উদ্ভিদ জগতত নতুন সংযোজন — Osbeckia zubeengargiana 🌿

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে চিনাক্ত হ’ল এই নতুনকৈ আৱিষ্কৃত ধুনীয়া উদ্ভিদ প্ৰজাতি। অসমীয়া সংস্কৃতি আৰু সংগীতৰ প্ৰতি তেওঁৰ অৱদানৰ এক বিশেষ স্বীকৃতি যেন এই নামকৰণ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক দলটিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই গৌৰৱৰ বাবে।

অসমৰ নাম, অসমৰ মানুহৰ নাম — এতিয়া উদ্ভিদ জগততো উজলিল। 💚

Address

Guwahati
North Gauhati

Alerts

Be the first to know and let us send you an email when Words & Worlds by Lakhimi Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Words & Worlds by Lakhimi Gogoi:

Shortcuts

Share