Aditya Payeng

Aditya Payeng Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aditya Payeng, Digital creator, Lakhimpur Ronganoi, North Lakhimpur.

আমাৰ ফেচবুক পেজলৈ আপোনাক স্বাগতম জনাইছো। আপোনাৰ কাষত যদিয়ে কোনো প্ৰতিভা থকা ব্যক্তি আছে অমাৰ সৈতে যোগাযোগ কৰক। আমি ভিডিঅ ৰ জৰিয়তে প্ৰচাৰ কৰিম।
যোগাযোগ:6003698731

03/08/2026

"উন্নয়নৰ" ভাষণ আৰু কিমান শুনিম?
মাজুলী–লোহিত খাৱলী আঞ্চল সংযোগী পথৰ আজিৰ অৱস্থাই বহু কথাই কৈ দিয়ে। বছৰ বছৰ ধৰি একেই সমস্যা, একেই দুখ-কষ্ট, কিন্তু সমাধান ক'ত? আজি এনে পৰিস্থিতি সৃষ্টি হৈছে যে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসাৰ বাবে ট্ৰেক্টৰত কঢ়িয়াই নিবলগীয়া হৈছে। এই দৃশ্য কেৱল এটা দুৰ্ভাগ্যজনক ঘটনা নহয়—ই দায়িত্বহীনতা আৰু অৱহেলাৰ এক জীৱন্ত প্ৰতিচ্ছবি।
মাজুলীৰ নিজা বিধায়ক থকাৰ পিছতো যদি ৰাইজে আজিও এনেকৈ জীৱনৰ বিপদ লৈ যাতায়াত কৰিবলগীয়া হয়, তেন্তে উন্নয়নৰ দাবী কেনেকৈ বিশ্বাস কৰিব? নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়াটো সহজ, কিন্তু সেই প্ৰতিশ্ৰুতি বাস্তৱায়ন কৰাটোৱেই হৈছে প্ৰকৃত দায়িত্ব। এটা ভাল ৰাস্তা কোনো বিলাসিতা নহয়। ই এজন গৰ্ভৱতী মাকৰ জীৱন, এজন ৰোগীৰ চিকিৎসা, এজন ছাত্ৰৰ শিক্ষা আৰু হাজাৰ হাজাৰ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত। মাজুলী–লোহিত খাৱলী আঞ্চল সংযোগী পথৰ এই দুৰৱস্থা আৰু কিমান দিন চলিব? ৰাইজে এতিয়া কেৱল আশ্বাস নহয়, দৃশ্যমান কাম বিচাৰে।

এয়া ৰাজনীতিৰ বিষয় নহয়, এয়া মানুহৰ জীৱন-মৰণৰ বিষয়।

Himanta Biswa Sarma
CMO Assam

31/07/2026

Zubeen Garg দাদাই কোৱা কথাটো আজিও মনত ৰাখিবলগীয়া।
আজি অসমৰ বিপদৰ সময়ত দূৰ পাঞ্জাবৰ পৰা আহি যিদৰে বহু স্বেচ্ছাসেৱকে সহায়ৰ হাত আগবঢ়াইছে, সেয়া সঁচাকৈয়ে মানৱতাৰ এক উজ্জ্বল নিদৰ্শন।
এই সহায় আৰু এই মানৱতাৰ বাবে সকলো স্বেচ্ছাসেৱকলৈ আন্তৰিক কৃতজ্ঞতা। ❤️🙏

29/07/2026

মানুহৰ দুখৰ সময়ত মানুহৰ কাষত থিয় হোৱাটোৱেই প্ৰকৃত মানৱতা। ❤️

28/07/2026

শিল্পীসকলৰ এই মানৱতা সঁচাকৈয়ে প্ৰশংসনীয়। নিজৰ ব্যস্ততাৰ মাজতো বানাক্ৰান্ত অসহায় মানুহৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়োৱাটো সমাজলৈ এক অনুকৰণীয় ,তেওঁলোকৰ এই মহানুভৱতা আৰু সহমৰ্মিতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে—মানৱতা আজিও জীয়াই আছে।
সকলো শিল্পীলৈ আন্তৰিক কৃতজ্ঞতা আৰু সন্মান। আশা কৰোঁ, এই মানৱীয় প্ৰচেষ্টাই আৰু বহু মানুহক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিব। 🙏❤️

Lekhan kumbang , Rupali Payeng , Satyajit Morang

সুৰেৰে হৃদয় জয় কৰা আপোনাৰ যাত্ৰা সদায় সফল হওক।গৌৰৱেৰে আগবাঢ়ি যাওক। ❤️
19/07/2026

সুৰেৰে হৃদয় জয় কৰা আপোনাৰ যাত্ৰা সদায় সফল হওক।
গৌৰৱেৰে আগবাঢ়ি যাওক। ❤️

18/07/2026

Pésodag asín agomsém lubisipé

💔আজিৰ এই পোষ্টটো কেৱল পঢ়ি নাথাকিব… অনুগ্ৰহ কৰি অলপ সময় উলিয়াই শ্বেয়াৰ কৰক।এজনী 19 বছৰীয়া ভণ্টীৰ জীৱন-মৃত্যুৰ যুদ্ধ…...
23/02/2026

💔আজিৰ এই পোষ্টটো কেৱল পঢ়ি নাথাকিব… অনুগ্ৰহ কৰি অলপ সময় উলিয়াই শ্বেয়াৰ কৰক।

এজনী 19 বছৰীয়া ভণ্টীৰ জীৱন-মৃত্যুৰ যুদ্ধ…
Parishmita Payeng মাত্ৰ 19 বছৰীয়া সৰু ছোৱালী। জীৱনৰ অসংখ্য সপোন এতিয়াও পূৰণ হ’বলৈ বাকী আছিল… কিন্তু নিষ্ঠুৰ ভাগ্যই তেখেতক Blood Cancer ৰ দৰে মাৰাত্মক ৰোগেৰে আক্ৰমণ কৰিলে।
যোৱা ২-৩ মাহ ধৰি তেখেত GMCH, Guwahati ত চিকিৎসাধীন হৈ আছে।
দুখৰ বিষয় — পৰিয়ালটো অত্যন্ত দৰিদ্ৰ। দিন হাজিৰাৰে কোনোমতে ঘৰ চলোৱা পৰিয়ালটোৱে এতিয়া চিকিৎসাৰ ভাৰী খৰচ বহন কৰিব নোৱাৰি দিশহাৰা হৈ পৰিছে।
হাসপাতালত এগৰাকী ককায়েকে অকলে সকলো দৌৰা-দৌৰি কৰি আছে। মই যিমান পাৰোঁ সহায় কৰি আছোঁ, কিন্তু মোৰো উপায় নোহোৱা অৱস্থা। সকলোফালৰ পৰা শাৰীৰিকভাৱে আৰু মানসিকভাৱে সম্পূৰ্ণ ভাগৰি পৰিছোঁ।
এই কঠিন সময়ত আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে আৰ্থিক সহায়ৰ। Blood Cancer ৰ চিকিৎসা অতি ব্যয়বহুল। প্ৰতিদিনে ঔষধ, টেষ্ট, ব্লাড, চিকিৎসাৰ বিভিন্ন প্ৰক্ৰিয়াত বহু টকাৰ প্ৰয়োজন হৈছে। পৰিয়ালটোৱে ইতিমধ্যে ধাৰ-দেনা কৰি যিমান পাৰে চেষ্টা কৰিছে, কিন্তু এতিয়া সেয়াও সম্ভৱ নহয়।
আপোনালোকৰ পৰা অহা সৰু সৰু সহায়ো এই সময়ত ডাঙৰ শক্তি হৈ পৰিব পাৰে। হয়তো এজন ব্যক্তিৰ বাবে সৰু টকা, কিন্তু এই পৰিয়ালটোৰ বাবে সেইটোৱেই জীৱন ৰক্ষাৰ আশাৰ পোহৰ।
👉 আৰ্থিক সহায়
👉 Blood Donate কৰা মানৱদৰদী ব্যক্তি
দুয়োটাৰে অতি প্ৰয়োজন।
🙏 আপোনাৰ অলপ সহায়েও এজনী ভণ্টীৰ জীৱনত পুনৰ আশাৰ পোহৰ জ্বলাই দিব পাৰে।

💳 Bank Details for Help:
Account Name: Mr. Prabitra Payeng
Bank: State Bank of India (SBI)
Branch: Nowboicha
Account No.: 42086956452
IFSC Code: SBIN0007412

মানৱতাৰ খাতিৰত আগবাঢ়ি আহক।
এটি জীৱন বচাওঁ আহক। 🩸🙏

21/02/2026

দোঁৱাৰ গাঁও আয়ে লৃগাং ৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত
পুৰণি সুৰৰ মাধুৰ্যৰে ৰাইজক মুগ্ধ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী Sarbeswar Kardong কাই এ।
তেখেতৰ কণ্ঠৰ সুৰে যেন সকলোকে উভতি নি গ’ল অতীতৰ স্মৃতিত,।

আলি আয়ে লৃগাং আহিছে… 🌾✨পৰম্পৰাগত সাজ-পাৰ পিন্ধি গৌৰৱেৰে নিজৰ সংস্কৃতি উদযাপন কৰাৰ সময় আহিল।মাটি, কৃষি আৰু আমাৰ পৰম্পৰা...
16/02/2026

আলি আয়ে লৃগাং আহিছে… 🌾✨
পৰম্পৰাগত সাজ-পাৰ পিন্ধি গৌৰৱেৰে নিজৰ সংস্কৃতি উদযাপন কৰাৰ সময় আহিল।
মাটি, কৃষি আৰু আমাৰ পৰম্পৰাৰ লগত জড়িত এই উৎসৱে আমাক একেলগে বান্ধি ৰাখে। ❤️🤍

Address

Lakhimpur Ronganoi
North Lakhimpur
787052

Alerts

Be the first to know and let us send you an email when Aditya Payeng posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share