29/03/2025
কিতাপ সকলোৰে বাবে,কিতাপ সমাজৰ বাবে, কিতাপ বিকাশৰ বাবে, কিতাপ প্ৰগতিৰ বাবে। অসমৰ গ্ৰন্থ আন্দোলনৰ এক সক্ৰীয় অংশীদাৰ নৰ্থ লখিমপুৰ কলেজ। বিগত ছটা বছৰতে কলেজখনত কলেজৰ নিজা প্ৰচেষ্টাত বৰ্ণাঢ্য কাৰ্যসূচীৰে গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে। বিভিন্নজন ব্যক্তিৰ নিৰৱচ্ছিন্ন কষ্টৰ ফলতেই ২০২৫ বৰ্ষটো সপ্তমবাৰৰ বাবে নৰ্থ লখিমপুৰ কলেজত গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ'ল ।সপ্তম গ্ৰন্থমেলাৰ পৰিসৰ পৰৱৰ্তী গ্ৰন্থমেলাৰ তুলনাত যথেষ্ট বহল। ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ঘনিষ্ঠ।এটা বাক্যত ক'বলৈ গ'লে গ্ৰন্থমেলাৰ প্ৰস্তুতিৰ পৰা সামৰণীলৈকে, ব্যৱস্থাপনাৰ পৰা অংশগ্ৰহণলৈকে ছাত্ৰ-ছাত্ৰীসকল ওতঃপ্ৰোতভাৱে জড়িত। কলেজৰ বাহিৰৰ পৰাও যথেষ্ট ব্যক্তিয়ে গ্ৰন্থমেলাখনিত উপস্থিত থকাৰ লগতে বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গ'ল।
১৮ মাৰ্চ পৰা ২৫ মাৰ্চ ২০২৫ তাৰিখলৈকে অনুষ্ঠিত কৰা সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাত অন্যান্য বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে কেবাখনো আলোচনা চক্ৰও অনুষ্ঠিত কৰা হৈছিল। ইয়াৰে শেষৰ দিনাৰ শেষৰটো বৌদ্ধিক কাৰ্যসূচী হিচাপে এখনি আলোচনা-চক্ৰ অনুষ্ঠিত কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় টাই আহোম ছাত্ৰ-সমাজে।আলোচনা-চক্ৰখনিৰ বিষয় আছিল ' অসমত বুৰঞ্জী চৰ্চা'। টাই আহোম ছাত্ৰ সমাজৰ সভাপতি উদ্ধৱ তামুলী ফুকন আৰু সম্পাদক কৃষ্ণকান্ত সন্দিকৈ সমন্বয়ক হিচাপে থকা এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বুৰঞ্জীবিদ তথা লেখক নবীন বুঢ়াগোহাঁই।অনুষ্ঠানটি সঞ্চালনা কৰে নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ স্বপ্নালী গগৈয়ে।
আলোচনা-চক্ৰখনিৰ আৰম্ভ কৰা হয় কলেজৰ ছাত্ৰীসকলৰ দ্বাৰা এটি কোৰাছ পৰিৱেশনৰ মাজেৰে।য়াছিকা বৰগোঁহাইৰ নেতৃত্বত দলটিয়ে এটি টাই কোৰাছ পৰিৱেশন কৰে। ইয়াৰ পিছতেই সমল ব্যক্তি, সঞ্চালক আৰু অতিথিসকলৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে সঞ্চালিকা ড° স্বপ্নালী গগৈয়ে বুৰঞ্জীৰ সম্পৰ্কে দুআষাৰ বক্তব্য ৰাখে। বুৰঞ্জীৰ সৃষ্টি আৰু ক্ৰমবিকাশ, বিকৃতি, মানৰ আক্ৰমণৰ ফলত অসমত হোৱা পৰিৱৰ্তন, বুৰঞ্জী অধ্যয়নৰ প্ৰাসংগিকতা আদি বিভিন্ন গুৰুতত্বপূৰ্ন বিষয় তেওঁৰ বক্তব্যই সামৰি লয়।
তেওঁৰ বক্তব্যৰ পিছতেই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰবিন্দ ৰাজখোৱাই নবীন বুঢ়াগোঁহাইৰ বিষয়ে পৰিচয়সূচক বক্তব্য আগবঢ়ায়। তেওঁ কয় যে অসমত বুৰঞ্জী চৰ্চাৰ লগতে বুৰঞ্জীৰ সমলসমূহক সমাজৰ আগত উপস্থাপন কৰাটো এক জাতীয় দায়িত্ববোধসম্পন্ন কাম আৰু এই ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত নবীন বুঢ়াগোহাঁই এজন আগৰণুৱা ব্যক্তি।
ড০ ৰাজখোৱাৰ বক্তৃতাৰ পিছতেই অনুষ্ঠিত হয় সভাখনৰ মূল কাৰ্যসূচী, সমল ব্যক্তিৰ বক্তৃতা। সমল ব্যক্তি নবীন বুঢ়াগোহাঁয়ে 'অসমত বুৰঞ্জী চৰ্চা' শীৰ্ষক এক অতীৱ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষনীয় বক্তৃতা আগবঢ়ায়।চাওলুং চুকাফাই অসমলৈ কৰা যাত্ৰাৰ সময়ৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে বুৰঞ্জী চৰ্চাৰ বিষয়টোক সামৰি লৈ আগবঢ়োৱা বক্তৃতাটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰে। তেওঁ কয় যে, বুৰঞ্জী লিখা প্ৰথা প্ৰথম চীন দেশত আৰম্ভ হৈছিল। বুৰঞ্জীত যে কেৱল সত্য আৰু প্ৰকৃত কথাসমূহ লিপিবদ্ধ কৰা হয় তাৰে বাখ্যা চীনৰ দেশৰ এটা কাহিনীৰ আধাৰত আগবঢ়ায়। আহোমসকল অসমলৈ আহোঁতে বৰ্তমানৰ ম্যানমাৰৰ নাউং ইয়াং হৃদ (Leak of no return)ৰ পাৰতেই প্ৰথম বুৰঞ্জী লিখা হৈছিল বুলি তেওঁ কয়। বুৰঞ্জীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পুৰাকথা আৰু জনশ্ৰুতিৰ মাজৰ পাৰ্থক্যও তেওঁ উল্লেখ কৰে।এনেদৰে তেওঁৰ বক্তৃতাটোত আলোকপাত কৰা কেইটামান মূল বিষয় হৈছে-
ক) বুৰঞ্জীৰ বিকৃতকৰণআৰু শুধৰণিৰ উপায়।
খ) অসমৰ স্থাপত্য-ভাস্কৰ্য্য আৰু ইয়াৰ পৰিস্থিতি।
গ) সাম্প্ৰতিক সময়ৰ আহ্বান হিচাপে অসমৰ প্ৰাচীন ইতিহাস বিচাৰি উলিওৱা।এই ক্ষেত্ৰত অসমৰ ডিব্ৰুগড় জিলাৰ ৰৌমৰিয়া, কাৰ্বি আংলং, গোৱালপাৰা আদি জিলাত উদ্ধাৰ হোৱা প্ৰত্ন-প্ৰস্তৰ শিল,পেট্ৰ’গ্লিফ আৰু সমলসমূহৰ বিষয়ে কয়।
ঘ) অসমৰ নদীসমূহৰ ভূগোলৰ বিষয়ে তেওঁ বিশদ বিৱৰণ দিয়ে। বুৰঞ্জীৰ অধ্যয়নত নদীসমূহৰ প্ৰাচীন ভূগোলৰ অধ্যয়নৰ যে প্ৰাসংগিকতা আছে তাক বৰ্তমান আৰু অতীতৰ দিখৌমুখীয়া নদীক উদাহৰন হিচাপে লৈ বাখ্যা আগবঢ়ায়।
ঙ) তেওঁ বুৰঞ্জী অধ্যয়ন আৰু চৰ্চাৰ সৈতে জড়িত হোৱা ব্যক্তিগত জীৱনৰ অভিজ্ঞতা।
তেওঁৰ বক্তব্যৰ শেষত বুৰঞ্জীৰ অধ্যয়নত সকলো কলাই জড়িত হৈ আছে বুলি কোৱাৰ লগতে কয় যে,বুৰঞ্জী চৰ্চা এক সাধনাৰ বিষয়। ছাত্ৰ-ছাত্ৰীক বুৰঞ্জীৰ অধ্যয়নৰ লগত জড়িত হ'বলৈ তেওঁ আহ্বান জনায়।
এইদৰে বুৰঞ্জীৰ চৰ্চাৰ বিভিন্ন আনুষংগিক বিষয় উত্থাপন কৰি বুঢ়াগোহাঁই নিজৰ বক্তব্য সামৰে। তেওঁৰ বক্তব্যৰ পাছতেই সঞ্চালিকা ড° স্বপ্নালী গগৈয়েদুআষাৰ প্ৰেৰণামূলক বাৰ্তা প্ৰেৰণ কৰি দৰ্শকৰ মাজলৈ মাইক্ৰফোন এৰি দিয়ে।
দৰ্শকৰ তৰফৰ পৰা কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে নিজৰ প্ৰশ্নসমূহৰ উত্থাপন কৰি সমল ব্যক্তিৰ পৰা তথ্যসমূহ আহৰণ কৰে। ইয়াৰ লগতে ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিগন্ত হাতীবৰুৱাই নিজৰ বক্তব্যৰ ৰখাৰ লগতে প্ৰশ্নও উত্থাপন কৰে।
আলোচনাৰ চক্ৰখন চলি থকাৰ মাজতেই লখিমপুৰ কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা নৰ্থ লখিমপুৰ কলেজৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ড০ হেমন্ত কুমাৰ বৰুৱা উপস্থিত হয়। তেওঁক উক্ত আলোচনা চক্ৰৰ আয়োজক সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰি সম্বৰ্ধনা জনোৱা হয়।
শতাধিক অধ্যাপক-অধ্যাপিকা,গৱেষক-গৱেষীকা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। এই সুযোগতে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আমাৰ আমন্ত্ৰণক্ৰমে অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থকা নবীন বুঢ়াগোঁহাই মহোদয়লৈ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় টাই আহোম ছাত্ৰ সমাজৰ তৰফৰ পৰা আগবঢ়ালোঁ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই।