Jiten vlogs

Jiten vlogs .সকলোৱে page টো Follow কৰিব।এই page ত Motivation ভিডিঅ'আপোনালোকে চাবলৈ পাব, ধণ্যবাদ, জয় আই অসম।

24/10/2025

23/10/2025
    ।    ।    ।    ।   ।    ।                               ।    ।    ।    ।   ।    ।                               ।   ...
22/10/2025

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

। । । । । ।

School time 🏫🏫
17/10/2025

School time 🏫🏫

16/10/2025

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ

বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক্ষা-নিৰীক্ষা কৰিছে নিজৰ ফেচবুক একাউন্টৰ পৰা। আনকো তেওঁ আহ্বান জনাইছে তেওঁৰ দৰে কৰিবলৈ।

তেওঁ লিখিছিল - পৰীক্ষা কৰি চালো। এটা পোষ্টত ৩০ বাৰ লিখিব পাৰি। আপোনালোকেও মোৰ পোষ্টটো কপি কৰক আৰু নিজৰ নিজৰ ফেচবুক একাউন্টত পোষ্ট কৰক। আমাৰ প্ৰাণৰ প্ৰিয় জুবিন দাই ন্যায় পাবই লাগিব। জয় জুবিন দা।

তাৰ পাছত তেওঁ লেখিছে ৩০ বাৰ। এয়াই হৈ আছে এতিয়া সামাজিক মাধ্যম ফেচবুকত। কেৱল ৰাজপথতে এই প্ৰতিবাদ সাব্য়স্ত হোৱা নাই, নিজ নিজ সামাজিক মাধ্যমৰ জড়িয়তেও এক বৃহৎ ডিজিটেল কেম্পেনিং চলি আছে সমান্তৰালভাৱে।

ইতিমধ্যে ১ মিলিয়ন অৰ্থাত ১০ লাখ লোকে ১৫ অক্টোবৰ ২০২৫ লৈকে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু জুবিন গাৰ্গৰ ন্য়ায় বিচাৰি এই আন্দোলন অব্যাহত ৰাখিছে। ৰে ভৰি পৰিছে সামাজিক মাধ্যম।

মানুহে এতিয়া উঠি-পৰি লাগিছে জুবিন গাৰ্গৰ পক্ষত। মানি ল'ব খোজা নাই কোনো বিকল্প কথা। এনে খবৰো আহিছে যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱেঙৰ ফেচবুক প্ৰফাইলটো জুবিন অনুৰাগীয়ে ভৰাই দিছে ৰে।

যাৰ বাবে বিদেশী ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতত নিস্ক্ৰিয় কৰিব লগা হৈছে তেওঁৰ ফেচবুক একাউন্ট। অৱশ্যে এই খবৰ কিমান সত্য আনুষ্ঠানিকভাৱে ছিংগাপুৰ চৰকাৰে প্ৰকাশ কৰা নাই। কিন্তু এইটো সঁচা যে জুবিন গাৰ্গৰ মৃত্যুক লৈ ক্ষোভিত লাখ লাখ লোক ক্ষান্ত হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ ফেচবুক একাউন্টটো একেই তিনিটা শব্দ- জুবিনৰ বাবে ন্যায় লাগে।

গুৱাহাটী মহানগৰীৰ উপকন্ঠ অঞ্চল জুবিনৰ শেষকৃত্য সম্পন্ন হৈছিল। তাৰ সমীপৱৰ্তি ডিম'ৰিয়াৰ পৰাও জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰ চৰকাৰলৈ ই-মেইল প্ৰেৰণ কৰা হৈছে। এই অনলাইন আৱেদন দিয়া হৈছে ছিংগাপুৰ আৰক্ষীৰ মুৰব্বীলৈ।

তেওঁলোকৰ এটাই কথা ছিংগাপুৰ চৰকাৰে সহায় কৰিব লাগে জুবিনক ন্য়ায় প্ৰদানৰ ক্ষেত্ৰত। এই আৱেদনৰ কথা ছিংগাপুৰৰ সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। ১৩ অক্টোবৰত ছিংগাপুৰৰ এটা পৰ্টেলত প্ৰকাশ পোৱা এটা খবৰৰ শিৰোনাম আছিল- Assam citizens petition Singpore for transparency over Zubeen Garg's deaths.

ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে ছিংগাপুৰৰ গৃহমন্ত্ৰী কে ছানমুগাম,ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ড০ ভিভিয়ান, ছিংগাপুৰৰ এটৰ্ণি জেনেৰেল লুছিয়ান ৱাং আৰু দেশখনৰ মুখ্য ন্যায়াধীশলৈ। ৰাকেশ হাজৰিকাৰ নেতৃত্বত এই অনলাইন আৱেদন প্ৰেৰণ কৰা হৈছে ছিংগাপুৰলৈ।

বাতৰি,চেনেল বা সংবাদ মাধ্যমত এতিয়া কেৱল জুবিন গাৰ্গৰ খবৰ। সেই চেনেল বা কাকতবোৰৰ অনলাইন সংস্কৰণত মাজেমধ্যে আন কিছু গুৰুত্বপূৰ্ণ খবৰে স্থান পাইছে। তাতো মানুহৰ এটাই মন্তব্য- জুবিন গাৰ্গৰ বাবে ন্যায় লাগে। সেই একেই ।

এনে ডিজিটেল কেম্পেইন অসমত আগতে হোৱা নাই। এয়া অভূতপূৰ্ব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা তদন্তকাৰী বিশেষ গোটৰ ওপৰতো ৰাইজৰ আছে পছন্দ হেঁচা। অলপ ইফাল-সিফাল হ'লেই ৰাইজে ক্ষমা নকৰিব কাকো।

বাধ্যত পৰি বা আন কিছু কাৰণত তদন্তকাৰী সন্থাই সকলো নীতি-নিয়ম পৰিহাৰ কৰি বিশিষ্ট লোকক মতাই নি আলোচনাত বহিব লগা পৰিৱেশ সৃষ্টি হৈছে। অৱশ্যে ইয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত আৱেগিক পোষ্ট দি ন্যায় দাবীত এক নতুন মাত্ৰা দিছে।

১৫ অক্টোবৰ ২০২৫,বুধবাৰ। ফেচবুকত গৰিমাই দুখৰ মাজতে লিখিলে- "একো বুজা নাই। ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই, ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায়।" এয়াইতো হৈ আছে এতিয়া।

কোনে কৰি আছে এইবোৰ? কিছুমান সঁচা,কিছুমান মিছা। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ কথা এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিছে।

তাৰ পাছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন মৰণোত্তৰ প্ৰতিবেদন। ৫ পৃষ্ঠা জোৰা এই প্ৰতিবেদনত জুবিনৰ মৃত্যুৰ কাৰণ উল্লেখ কৰা হ'ল। মানুহ আচৰিত। পি এম আৰ নম্বৰ ২৭০৬/২৫ প্ৰতিবেদনখন সঁচাকৈ জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ নে?

কেনেকৈ বাহিৰ হ'ল এই গোপন প্ৰতিবেদন? একাংশ সংবাদ মাধ্যমেও সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিলে খবৰ। পাছত আৰক্ষীয়ে স্পষ্ট কৰি দিবলগীয়া হ'ল। সেয়া ভুৱা। কোনোবাই জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামতো কৰিছে ল'ৰা-ধেমালী।

সতৰ্ক কৰি দিলে চি আই ডি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। সেই প্ৰতিবেদনত নাছিল কোনো চিকিতসকৰ চহী। এইবোৰ কৰি আছে কোনে? কাৰ কি লাভ হৈছে? কিয় ৰহস্যঘন কৰি থকা হৈছে কথাবোৰ? নিশ্চয় তাতো কাৰোবাৰ উদ্দেশ্য আছে। সেই উদ্দেশ্যলোভীবোৰে জুবিনৰ ন্যায় বিচৰাৰ নামত বিচাৰি আছে নিজৰ মুনাফা।

ইয়াৰ বাবেও সাৱধান আৰু সতৰ্ক হোৱাৰ দৰকাৰ। ১৪ দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ শেষ হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। তেওঁলোক দুয়োৰ লগতে এই গোচৰত গ্ৰেপ্তাৰ কৰা সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই দেহৰক্ষীক আদালতত হাজিৰ কৰাই লৈ যোৱা হৈছিল বাক্সা জিলাৰ নৱনিৰ্মিত কাৰাগাৰলৈ।

১৫ অক্টোবৰ,২০২৫ ত জুবিন গাৰ্গৰ মৃত্যুত ক্ষোভিত হৈ থকা অনুৰাগীৰ ক্ষোভৰ জুইকুৰা জ্বলিল মুছলপুৰত। কাৰাগাৰৰ সন্মুখ পাইছিলগৈ শ্যামকানু মহন্ত হঁতক কঢ়িয়াই দিয়া কনভয়। হাতত শিল তুলি ল'লে অনুৰাগীয়ে। লক্ষ্য এই কনভয়ৰ গাড়ী।

আৰক্ষীয়ে জানে এয়া বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰা পৰিৱেশ নহয়। তথাপিও লাঠি ঘূৰাব লগা হ'ল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। তেওঁলোকক কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱা হৈছিল। যিখন কাৰাগাৰ ২০২৫ ৰ ২১ জুনত উদ্বোধন কৰা হৈছিল।

অত্যাথুনিক সা-সুবিধা থকা কাৰাগাৰখনৰ নিৰ্মাণত ব্যয় হৈছিল ৫৩.৮৬ কোটি টকা। প্ৰায় ৫০০ কয়দীৰ বাবে এই কাৰাগাৰ। বাক্সাৰ স্থানীয় লোকৰ ক্ষোভ কিয় আনিব এই মহাপাপী সকলক বাক্সালৈ। পাপী বুলি আখ্যা দি তেওঁলোকক তাৰ পৰা উলিয়াই নিবলৈ অব্যাহত ৰাখিছিল প্ৰতিবাদ।

আহত হ'ল আৰক্ষী,সাংবাদিক,প্ৰতিবাদকাৰী। আৰক্ষীৰ দুখনকৈ বাহন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে । ইফালে দিল্লীত আছিলগৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ছিংগাপুৰলৈ অসম আৰক্ষী দল প্ৰেৰণৰ আলোচনাৰ বাবেই বিদেশ মন্ত্ৰী-গৃহ মন্ত্ৰী আদিক সাক্ষাতৰ বাবে আছিল সেই যাত্ৰা।

বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দোৱা গেছ আৰু শূণ্যলৈ গুলি নিক্ষেপ কৰিবলগীয়া হৈছিল। প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিছিল আৰক্ষী। কেবাখনো বাহন ক্ষতি হৈছিল। আকৌ এবাৰ অকল্পনীয় পৰিস্থিতি বাক্সাত। প্ৰতিবাদত অংশ লোৱা আদহীয়া মহিলাই ক'লে গুৰুত্বপূৰ্ণ কথা- বাক্সাত জুবিনক ভাল পোৱা মানুহ নাই বুলি ভাৱিছিল হ'বলা...

ন্যায় দিবই লাগিব জুবিনক। কিন্তু সেই ন্যায় কোনে কেনেকৈ দিব আৰু কেনেকৈ আহিব? সেইটোৱে এতিয়া ডাঙৰ প্ৰশ্ন। যিসকল জুবিনৰ মৃত্যুৰ বাবে পৰোক্ষ-প্ৰত্যক্ষভাৱে দায়ী সেই সকলৰ কঠোৰ শাস্তি হ'বই লাগিব। এয়া ৰাইজৰ দাবী। তাৰ লগতে সংস্কৃতি সাহিত্য সমাজ আদি অন্যান্য ক্ষেত্ৰত পিয়াদি ফুৰা অপশক্তিবোৰৰো বিনাশ নিশ্চিত হ'ব লাগিব। তেতিয়াহে জুবিন গাৰ্গৰ প্ৰতি ন্যায় কৰা হ'ব।

জুবিনৰ শাৰিৰীক অনুপস্থিতিত জুবিন নামৰ এক শক্তিশালী শক্তিয়ে আত্মপ্ৰকাশ কৰিছে। যি শক্তিয়ে বহু আঁৰ কাপোৰ খহাই সত্য আৰু ন্যায়ৰ অন্বেষণৰ বাট মুকলি কৰি দিছে। সেয়েহে সকলোৰে মুখত এটাই কথা- । ইয়াৰ বাবে অৱশ্যে সংযমতা ৰক্ষা কৰাতো জুবিনপ্ৰেমী সকললো দায়িত্ব আৰু কৰ্তব্য।

13/10/2025





13/10/2025



13/10/2025
Justice for Zubeen da        Jiten vlogs
11/10/2025

Justice for Zubeen da



Jiten vlogs

✅Jai Zubeen da ✅ Good morning 🌄😊🌞️🌈
08/10/2025

✅Jai Zubeen da ✅ Good morning 🌄😊🌞️🌈

06/10/2025

📌 জুবিন দা আৰু আমি বোৰ!!




Jiten vlogs

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Jiten vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share