Lakhimpur times

Lakhimpur times আপোনাৰ সহযাত্ৰী, প্ৰতিটো খবৰ সততাৰে ।

02/09/2026

ঢকুৱাখনা সম জিলাৰ অগ্ৰণী বেচৰকাৰী সাংস্কৃতিক সংগঠন ৰংগভূমি"ৰ উদ্যোগত শাস্ত্ৰীয় নৃত্য প্ৰশিক্ষণ মংগলবাৰৰ পৰা শুভাৰম্ভ হয়।
শুভাৰম্ভ কৰি উদ্বোধন কৰে ঢকুৱাখনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈয়ে।

02/09/2026

লখিমপুৰ জিলাৰ ভীমপৰা মঠাউৰিৰ NHPC ৰ প্ৰটেকচন বান্ধত সুৰঙ্গ ওলোৱাৰ লগতে সৃষ্টি হৈছে খহনীয়া ।

02/09/2026

লখিমপুৰ জিলাৰ ৰামপুৰ মঙ্গলবৰীয়া বজাৰৰ সমিপত চুৰি ছাগলী সহ এখন বলেৰ' বাহন জব্দ চিলনীবাৰী আৰক্ষীৰ, গাড়ী এৰি পলায়ন চোৰৰ ।

02/09/2026

লখিমপুৰত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ ।
লখিমপুৰৰ জিলাৰ তিনিটা সমষ্টি ক্ৰমে ২৫ নং বিহপুৰীয়া,
২৬ নং তেলাহী কেকুৰী আৰু ২৭ নং বগীনদী সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে জিলা আয়ুক্তই ।
এইবাৰ বিহপুৰীয়া সমষ্টিত মুঠ ভোটাৰ ৪২৮২ গৰাকী,
তেলাহী কেকুৰীত ৪২৬৬ গৰাকী আৰু বগীনদীত ৪৪৭৩ গৰাকী৷৷
জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ১৩০২১ গৰাকী ।

02/09/2026

লখিমপুৰৰ ইউ এছ পিজাত গেলা মাংস গ্ৰাহকক বিক্ৰী কৰাৰ অভিযোগত জিলা খাদ্য সুৰক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ।

01/09/2026

লখিমপুৰ জিলাৰ বগীনদীৰ মঙ্গলবৰীয়া সাপ্তাহিক বজাৰত লখিমপুৰ সদৰ আৱকাৰী বিভাগৰ অভিযান,
অভিযানত নষ্ট কৰে অবৈধ ভাৱে বিক্ৰী কৰি থকা চুলাই মদ....

01/09/2026

লখিমপুৰৰ কদম জৰাধৰাত মধু বৰুৱাৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা দুই যুৱকক ৰাইজে আটক কৰি গটালে বগীনদী আৰক্ষীক , মধু বৰুৱাই ড্ৰাগছ বিক্ৰী কৰাৰ কথা স্বীকাৰ পত্নীৰ,
বগীনদী আৰক্ষীয়ে মধু বৰুৱাৰ ঘৰত তালাচি চলাই উদ্ধাৰ কৰে দুটা চুৰি হোৱা পানীৰ মটৰ ।

01/09/2026

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত গুৰুজনাৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি পালন ...

01/09/2026

লখিমপুৰ জিলাৰ ২ নং সোণাপুৰৰ ৰচিদুল ইছলামৰ বাসগৃহত বঙালমৰা আৰক্ষীৰ অভিযান, উদ্ধাৰ নকল সোণৰ নাওঁ ।

01/09/2026

লখিমপুৰত বেটেলিয়ানত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৩ লাখ টকা সংগ্ৰহৰ অভিযোগ ভাইকণ শইকীয়াৰ বিৰুদ্ধে,
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল ভুক্তভোগীৰ ।

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Lakhimpur times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimpur times:

Shortcuts

Share