Sarat Bharali FC

Sarat Bharali FC Official page only for Sarat Bharali
Assistant Teacher under DEE, Govt.of Assam. Ed. teachings points, political analyse

quality - BA (ECO), DElEd, DEd, DCA
কবিতা ভাল পাওঁ৷ অনুভৱে লৈ যায় বিশাল কবিতাৰ সাগৰখনলৈকে

Big shout out to my newest top fans! 💎 Jadumoni Bhuyan, Ranjit RBDrop a comment to welcome them to our community,  fans
18/09/2025

Big shout out to my newest top fans! 💎 Jadumoni Bhuyan, Ranjit RB

Drop a comment to welcome them to our community, fans

17/09/2025

লিফ্‌ট
----------------
অন্তহীন ব্যস্ততাবোৰ সাৱতি
এজাক ব্যস্ত মানুহক কান্ধত লৈ
দিনে-ৰাতিয়ে সময়ে-অসময়ে
কেৱল মাত্ৰ উঠা-নমা কৰে
মেডিকেলৰ ভিতৰৰ পৰা বাহিৰলৈ
আৰু বাহিৰৰ পৰা ভিতৰলৈ ৷
কেতিয়াবা কঢ়িয়াই ৰোগৰ মোনাবোৰ
কেতিয়াবা কঢ়িয়াই ৰোগীৰ উশাহবোৰ৷
দায়িত্ব বোৰ পালন কৰিছে
আপত্তিবিহীন ভাৱে ৷
কেতিয়াবা যাত্ৰাৰ পথত
ভাঙি পৰে কাষৰ দাঁতি
তথাপিও বিৰামহীন গতি
অপেক্ষা মাথোঁ ৰোগী৷
সকলোৱে বাট চাই
ৰোগী,ডাক্তৰ কিম্বা নাৰ্ছ
লিফ্‌টৰ কৰ্তব্যক৷
দুহাতৰ দৰবৰ টোপোলা
যি কঢ়িয়াই জীৱন্তৰ এখন লেফাফা ৷
+ + +শৰৎ ভৰালী

17/09/2025


17/09/2025

Happy to all of you.

মাক মেডিকেল হস্পিতালৰ হেমাট’লজি লেবত এৰি থৈ দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত ঘৰ পালোঁহি ৷
16/09/2025

মাক মেডিকেল হস্পিতালৰ হেমাট’লজি লেবত এৰি থৈ
দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত ঘৰ পালোঁহি ৷

16/09/2025

ভোকাতুৰ ৰে’লখন
------------------------------
উজনিমুৱা ৰে’লখনে বৰকৈ চিঞৰিছে
পাৰহৈ গৈছে নামনিমুৱা ৰে’লখনো
প্ৰতিটো ষ্টেচন দেখিলেই চিঞৰে
বিকট চিঞৰ ৷
ৰে’লখনে কঢ়িয়াই নিছে
এজাক ভোকাতুৰ মানুহ
তেওঁলোকৰ টোপনি কাঢ়িছে
হৈ নুঠা কামৰ বোজাত৷
কাৰোবাৰ ৰোগীক
বগা বিচনাখনত এৰি অহাৰ কথা
কাৰোবাৰ অফিচত
এৰি অহা ফাইলটোৰ কথা
অলেখ অনন্য চিন্তাত
মানুহবোৰ ভোকাতুৰ ৷
এন্ধাৰ ফালি আগুৱাই যোৱা ৰে’লখনৰ
ভিতৰখন ম্ৰিয়মাণ ৷
কাৰণ ৰে’লৰ প্ৰতিটো চিঞৰে
উচ্‌পিচীয়া মনবোৰ কাঙাল কৰিছে ৷
ষ্টেচনবোৰত এজাক শিশুক
উঠাই লয় ৰে’লগাড়ীখনে৷
সিহঁতবোৰৰ হাতে হাতে
খাদ্যৰ বজাৰ৷
কাৰোবাৰ আকৌ লঘোনে থকা মাক
হাতৰ মুঠিতলৈ আগবঢ়াই
কোনোবা দুৰ যাত্ৰীলৈ৷
প্ৰচণ্ড চিঞৰি এনেকৈয়ে
চলি আছে ৰে’লগাড়ীখন৷
এনেদৰেই এজাক ভোকাতুৰক
পেটত ভৰাই ৰে’লখনে চিঞৰিছে ৷
আচলতে ৰে’লখনৰ ভিতৰত
এতিয়াও অ’ত ত’ত খালীহৈ আছে
ভোকৰ ঠাই
সেয়ে ৰে’লখন ভোকাতুৰ৷
+ + + +শৰৎ ভৰালী

14/09/2025

লিমাৰিক
--------------------
স্তৱক ( ১)
তেওঁৰলোকৰ মুখবোৰ ক’লা
উশাহবোৰ ছুটী
মেডিকেলৰ কোনোবা খন বিচনাত
পৰি আছে অঙহী-বঙহী ৷
স্তৱক (২)
পৰিৱৰ্তীত সময়ৰ পাখি কাড় পাত
গ’ল যি গ’ল নাই কাৰো মাত ৷
কঁপি উঠা নগৰ খন ধুৱাই ল’লে
সঁহাৰি নাই কাৰো প্ৰকৃতিয়ে ক’লে ৷
স্তৱক (৩)
বিচিন্ন কোলাহলত হাজাৰটা ঘোঁৰা
ৰণ জয় কৰিব খুজি
কিয় পালে সকলো বুজি ??
+ + + শৰৎ ভৰালী

 #জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছাৰে
14/09/2025

#জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছাৰে

আজি এই বিশেষ পৱিত্ৰ দিনটোত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত গভীৰ বিশ্বাস আৰু আশ্বাসেৰে সেৱা নিৱেদিছোঁ৷ অপায়-অমঙ্গল , দুৰ্দিন আৰু স...
14/09/2025

আজি এই বিশেষ পৱিত্ৰ দিনটোত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত গভীৰ বিশ্বাস আৰু আশ্বাসেৰে সেৱা নিৱেদিছোঁ৷ অপায়-অমঙ্গল , দুৰ্দিন আৰু সকলো অপশক্তিক তেৰাৰ দৃষ্টিৰে নাশ কৰিব৷
#জন্মাষ্টমী

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Sarat Bharali FC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share