Promod Pawe

Promod Pawe Nothing to say
(1)

16/08/2025

चोरी चोरी, चुपके चुपके…
अब और नहीं, जनता जाग गई है।

অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ আজি পূণ্য মৃত্যু তিথিত গভীৰ  শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏...
05/08/2023

অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ আজি পূণ্য মৃত্যু তিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏🙏

 #প্ৰতিষ্ঠান_বিৰোধী_ঢৌত_বিজেপি_দলৰ_চৰকাৰ #মূল্যবৃদ্ধিঃ চাউল, শাক-পাচলি, ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰ'ল, ডিজেল, ঔষধ আদি নি...
14/07/2023

#প্ৰতিষ্ঠান_বিৰোধী_ঢৌত_বিজেপি_দলৰ_চৰকাৰ

#মূল্যবৃদ্ধিঃ চাউল, শাক-পাচলি, ৰন্ধন গেছৰ চিলিণ্ডাৰ,
পেট্ৰ'ল, ডিজেল, ঔষধ আদি নিত্য ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোগত চৰকাৰ সফল হৈছেনে?
#বানপানীঃ নেৰাৰেপেৰা বৰষুণৰ ফলত হোৱা নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বানপানীৰ ফলত বিভিন্ন ঠাইত জলমগ্ন হৈয়েই আছে, মথাউৰি চিগিয়েই আছে অথচ উজনি অসমত বানপানী শেষ কৰি দিলো বুলি দম্ভালি মৰা চৰকাৰখন বানপানীৰ সমস্যা সমাধানত সফল হৈছেনে?
#নিযুক্তিঃ বছৰি গণি গণি এক লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰি দিম বুলি কোৱা চৰকাৰৰ দুবছৰীয়া বৰ্ষপুৰ্তি মহা ধুমধামেৰে পাতিলে, কিন্তু দুবছৰত দুই লাখ চাকৰি দিব পাৰিলে নে?
#জনজাতিকৰণঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ল নে?
#সমষ্টিৰ_পুণৰগঠনঃ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা কোৱা চৰকাৰে ৯৫ শতাংশ জনজাতীয় লোকৰ গাওঁসমূহ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিত, ৯৯ শতাংশ অ-জনজাতীয় বসতি প্ৰধান গাওঁসমূহ জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিত অন্তৰ্ভুক্ত কৰিলেই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হয়নে?
#হিতাধিকাৰীঃ অৰুণোদয়ৰ দৰে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা বিনামূলীয়া হিতাধিকাৰী সৃষ্টি কৰিলেই ৰাইজৰ উন্নতি সম্ভৱ নে?
#সুৰাৰ_প্ৰচলনঃ সুৰাৰ অতিমাত্ৰা প্ৰচলনৰ ফলত বৃটিছে ভাৰতীয়সকলক কানীয়া কৰাৰ দৰে খিলঞ্জীয়া অসমীয়া সকলো সুৰাপায়ী নহ'বনে?

এনেধৰণৰ বহুতো কথাই ৰাইজৰ মনত খেলিমেলিৰ সৃষ্টি কৰিছে, আৰু চৰকাৰখনৰ কথা-বতৰা, কাম-কাজত ৰাইজৰ মাজত ভিতৰি ভিতৰি এক চৰকাৰ বিৰোধী ঢৌ চলি আছে।

কংগ্ৰেছ দলৰ নেতৃত্বত ১১টাকৈ ৰাজনৈতিক দল একত্ৰিত হোৱাত অতিকৈ শংকিত হোৱা বিজেপি দলে অহা ২৪ৰ নিৰ্বাচনত গৰিষ্ঠসংখ্যক লোকসভাৰ আসন হেৰুওৱাৰ আশংকাত ভূগি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু তেখেতৰ এজেন্ট আজমল ডাঙৰীয়াই আবোল-তাবোল কথা কৈ ৰাইজৰ সমস্যাসমূহ অন্য দিশলৈ ডাইভাৰ্ট কৰিব খুজিছে।

ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমীয়া জীয়ৰী উমা চেত্ৰীয়ে। প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে হৰমন...
03/07/2023

ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমীয়া জীয়ৰী উমা চেত্ৰীয়ে। প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে হৰমনপ্ৰীত কৌৰ নেতৃত্বত বাংলাদেশ ভ্ৰমণ কৰিবলগা ভাৰতীয় টি-২০ আৰু এদিনীয়া দুয়োটা দলতে বোকাখাতৰ উমা চেত্ৰীয়ে স্থান লাভ কৰিছে। এয়া সমগ্ৰ অসমবাসীৰ বাবে অতি সুখৰ খবৰ। উমালৈ অশেষ শুভকামনা জনাইছোঁ। উমা চেত্ৰীৰ এই সাফল্যই নৱ প্ৰজন্মৰ মহিলাক অনুপ্ৰাণিত কৰক।

আশা কৰো, অনাগত দিনত দেশৰ পুৰুষ দলটো এজন অসমীয়াই সোনকালে স্থান পাব।

ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্ত হৈছে সুৰঞ্জনা দত্ত বাইদেউ। এই পদত নিযুক্ত বাইদেউ প্ৰথমগৰাকী অস...
14/06/2023

ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্ত হৈছে সুৰঞ্জনা দত্ত বাইদেউ। এই পদত নিযুক্ত বাইদেউ প্ৰথমগৰাকী অসমীয়া মহিলা। সুৰঞ্জনা দত্ত বাইদেউৰ বাবে আজি প্ৰত্যেকজন অসমীয়া গৌৰৱান্বিত। তেখেত অসম আৰু অসমীয়াৰ গৌৰৱ। আমি বাইদেউলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

আজি বিশ্ব ৰক্তদাতা দিৱস। মহানুভৱতাৰ ৰক্ত সঞ্জীৱনীৰে ৰোগীক নতুন জীৱন দান দিয়া প্ৰতিজন মহান ৰক্তদাতালৈ এই প্ৰবিত্ৰ দিনটোত ...
14/06/2023

আজি বিশ্ব ৰক্তদাতা দিৱস। মহানুভৱতাৰ ৰক্ত সঞ্জীৱনীৰে ৰোগীক নতুন জীৱন দান দিয়া প্ৰতিজন মহান ৰক্তদাতালৈ এই প্ৰবিত্ৰ দিনটোত আন্তৰিক শ্ৰদ্ধা তথা সেৱা নিৱেদিছোঁ। লগতে সমূহ ৰক্তদাতাক আন্তৰিক অভিনন্দন জনাইছোঁ । সকলো সুস্থ আৰু কুশলে থাকক ।

#ৰক্তদান_জীৱনদান
Promod Pawe Promod Pawe Promod Pawe

ড্ৰাইভিং লাইচেন্সৰ পৰা পেন কাৰ্ডলৈকে,হাইস্কুল শিক্ষান্তৰ এডমিট কাৰ্ডৰ পৰা আধাৰ কাৰ্ডলৈকেসকলোৱে প্ৰমাণ কৰা তথ্য অনুসৰি পৃ...
31/05/2023

ড্ৰাইভিং লাইচেন্সৰ পৰা পেন কাৰ্ডলৈকে,
হাইস্কুল শিক্ষান্তৰ এডমিট কাৰ্ডৰ পৰা আধাৰ কাৰ্ডলৈকে
সকলোৱে প্ৰমাণ কৰা তথ্য অনুসৰি পৃথিৱীৰ ওজন বঢ়াবলৈ আজিৰ দিনটোতেই এইজন অমুকা মনুষ্য হিচাপে ভূমিষ্ঠ হৈছিলো।

একে লগে সুখে-দুখে এক দশক অতিক্ৰম কৰিলোঁ
13/12/2022

একে লগে সুখে-দুখে এক দশক অতিক্ৰম কৰিলোঁ

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিৰপেক্ষ বিচাৰ বিশ্লেষণেৰে সমাজ, দেশ তথা জাতিক সেৱা আগবঢ়াই অহা প্ৰতিজন সংবাদ কৰ্মীলৈ "ৰা...
16/11/2022

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিৰপেক্ষ বিচাৰ বিশ্লেষণেৰে সমাজ, দেশ তথা জাতিক সেৱা আগবঢ়াই অহা প্ৰতিজন সংবাদ কৰ্মীলৈ "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস"ত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 #বিমুদ্ৰাকৰণ    #15লাখ২০১৬ চনৰ ৮ নৱেম্বৰ,  ঠিক ছবছৰ আগৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক অপ্ৰত্যাশিত ঘোষণা...
08/11/2022

#বিমুদ্ৰাকৰণ #15লাখ
২০১৬ চনৰ ৮ নৱেম্বৰ, ঠিক ছবছৰ আগৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক অপ্ৰত্যাশিত ঘোষণা কৰি দেশত চলি থকা ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ একে ৰাতিৰ ভিতৰতে নিষিদ্ধ কৰি দিছিল। সমগ্ৰ দেশতে হাহাকাৰ লাগিছিল। সকলোৰে মনত অনিশ্চয়তাৰ ভাৱ। তাৰ মাজতো ৰাজনৈতিক দল-শ্ৰেণী নিৰ্বিশেষে অধিকাংশ জনতাই প্ৰধানমন্ত্ৰীৰ কামত আস্থা ৰাখি দেশৰ ভালৰ কাৰণেই এনে কৰা হৈছে বুলি ভাবি ব্যক্তিগত অসুবিধাৰ কথা আওকাণ কৰি ইয়াক সমৰ্থন দিলে।

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডীয়ে বিমুদ্ৰাকৰণৰ কাৰণ হিচাপে চাৰিটা উদ্দেশ্য ঘোষণা কৰিলে। বিমুদ্ৰাকৰণৰ জৰিয়তে দেশত থকা সকলো ক’লাধন নোহোৱা কৰা হ’ব আৰু ক’লাধনৰ গৰাকীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা হ’ব। দ্বিতীয়তে, দেশত নগদ ধনৰ ব্যৱহাৰ কমাই দুৰ্নীতি কম কৰা। তৃতীয়তে, দেশত থকা সকলো জাল নোট নোহোৱা কৰি দেশলৈ অৰ্থনৈতিক সুস্থিৰতা অনা। চতুৰ্থতে, সন্ত্ৰসবাদীৰ হাতত থকা ধন মূল্যহীন কৰি দেশৰ এনে অপশক্তিক কাবু কৰা।

জনতাৰ হাতত থকা পুৰণা ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ সলনি কৰাৰ সময়সীমা বান্ধি দিয়া হ’ল। দেখা গ’ল বেংকৰ সন্মুখত দীঘলীয়া শাৰী। চৰকাৰে বান্ধি দিয়া সময় ওকলি গ’ল। ইফালে পাঁচ-ছদিন বেংকলৈ তাঁত-বাটি কৰি ভোকে-পিয়াহে, ৰ’দে-বৰষুণে শাৰী পাতিও নিজৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন সলনি কৰিব পৰা নাই। সময় যোৱাৰ লগে লগে বাঢ়ি গৈছে দুৰ্ভাৱনা। শংকা, কষ্ট, অনিশ্চয়তাৰ চাপ সহিব নোৱাৰি দেশৰ ডেৰশমান লোকৰ মৃত্যু হ’ল। ইফালে বেংকতো কৰ্মচাৰীয়ে দিন-ৰাতি একাকাৰ কৰি ধন বিনিময় কৰিলে। কামৰ হেঁচাত কেইবাজনো বেংক কৰ্মী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে।

ইমানৰ পাছতো জনতাই মোডী ডাঙৰীয়াক সমৰ্থন কৰি থাকিল। কাৰণ ভাৰতীয় জনগণই জানে যে আৰ্থিক সংস্কাৰে ফল দিবলৈ সময় লয়। সেয়ে জনতাই অপেক্ষা কৰিলে। এমাহ, দুমাহ, এবছৰ, দুবছৰ , তিনিবছৰ।... কিন্তু জনতাই তিনিবছৰ পাছত কি পালে? ঘোষিত লক্ষ্যত চৰকাৰ উপনীত হ’লনে?
👉 বিমুদ্ৰাকৰণৰ প্ৰথম লক্ষ্য আছিল ক'লাধন নোহোৱা কৰা। কিন্তু ই নোহোৱা হ’লনে? নাই হোৱা। নোহোৱা হ’বই বা কেনেকৈ! যেতিয়ালৈকে ক’লাধনৰ উৎসবোৰ নোহোৱা কৰিব নোৱাৰি তেতিয়ালৈ ক’লাধন নোহোৱা কৰিবই নোৱাৰি। গতিকে ক’লাধনৰ কাৰখানাবোৰ বন্ধ নকৰাকৈ ক’লাধন নোহোৱা কৰিব বিচৰাটো অৰ্থনৈতিক অপৰিপক্কতাৰ চিন।
👉 দ্বিতীয় লক্ষ্য আছিল নগদ ধনৰ ব্যৱহাৰ কমাই দুৰ্নীতি হ্ৰাস কৰা। চৰকাৰী-বেচৰকাৰী আদান-প্ৰদান যদি নগদবিহীনভাৱে কৰা হয়, তেন্তে সকলো তথ্য চৰকাৰৰ ওচৰত থাকিব আৰু মানুহে দুৰ্নীতি কৰিবলৈ ভয় কৰিব। চৰকাৰৰ উদ্দেশ্য ভালেই যেন লাগিছিল। কিন্তু ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি ২০০০ টকীয়া নোটৰ প্ৰচলন কৰাত চৰকাৰৰ যে দুৰ্নীতি হ্ৰাস কৰাৰ কোনো সৎ উদ্দেশ্য নাই তাকেই প্ৰমাণ কৰিলে। কাৰণ ৫০০ বা ১০০০ টকীয়া নোটেৰে এক কোটি টকাৰ উপঢৌকন দিবলৈ যাওঁতে এই টকাখিনিৰ সৰবৰাহত যিমান অসুবিধা, ২০০০ টকীয়া নোটত এই অসুবিধাৰ পৰিমাণ আধালৈ হ্ৰাস পালে।
👉 তৃতীয় উদ্দেশ্য আছিল জাল নোট নোহোৱা কৰা। এই উদ্দেশ্যত চৰকাৰ সাময়িকভাৱে সফল হ’ল পুৰণি নোটৰ ক্ষেত্ৰত। কিন্তু জাল নোটৰ সমস্যা বিমুদ্ৰাকৰণৰদ্বাৰা সম্ভৱ নহয়। ইয়াৰ দেখ দেখ প্ৰমাণ পোৱা গ’ল নতুন ২০০০ টকীয়া নোট জাৰিৰ সময়তে বহুতো ২০০০ টকীয়া জাল নোটো দেশৰ বিভিন্ন অঞ্চলত উদ্ধাৰ হোৱাটোত।
👉 চতুৰ্থ তথা অন্তিম লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ পুঁজি সংগ্ৰহত বাধা প্ৰদান। হ্ৰস্বম্যাদীভাৱে সন্ত্ৰাসবাদী বা বিচ্ছিন্নতাবাদী সংগঠনৰ অসুবিধা নিশ্চয় হৈছিল। সেই সময়ত আমিও এই বিষয়ে শুনিছিলোঁ। অসম-নাগালেণ্ড সীমান্তৰ কোনো কোনো অঞ্চলত বিমুদ্ৰাকৰণৰ পাছতে উগ্ৰপন্থী সংগঠন আলফাৰ সদস্যই নগদ ধনৰ অভাৱত সীমান্তৱৰ্তী অঞ্চলৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰপৰা ৰচিদ-পাতি সংগ্ৰহ কৰিছিল। কিন্তু নোটৰ নিষিদ্ধকৰণে সন্ত্ৰাসবাদীক শ’লঠেকত পেলাইছে বুলি মানি ল’ব নোৱাৰি। কাৰণ জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী, মধ্য ভাৰতৰ মাওবাদী বা উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰ কাৰ্য-কলাপ বিমুদ্ৰাকৰণৰ পূৰ্বৰ তুলনাত এতিয়াও কোনো গুণে কমা নাই।

এই সমুদায় উদ্দেশ্য বিফল হোৱাৰ পাছত চৰকাৰে বিমুদ্ৰাকৰণৰ উদ্দেশ্য সলনি কৰি ইয়াক নগদবিহীন লেন-দেন বৃদ্ধিৰ বাবে কৰা হৈছিল বুলি ঘোষণা কৰিলে। পিছে, আমি দেখিছোঁ যে চৰকাৰৰ সেই কামৰ উদ্দেশ্যও সাধন নহ’ল। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে চৰকাৰে যি ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল, তাৰে ৯৯.৯৭ শতাংশ মূল্যৰ নোট ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিল। অৰ্থাৎ চৰকাৰে যি ক’লাধনৰ ভূত দেখি বিমুদ্ৰাকৰণ কৰিছিল, সেইটো ভূত নাছিল, কিহবাৰ ছায়াহে আছিল।

সংগ্ৰহৰ অন্ততঃ ফলাফলে তাকেই কয়।
সত্য কেতিয়াও লুকাই নাথাকে ।
সত্যৰ সদায় জয়
সত্যমেৱ জয়তে
সত্যমেৱ জয়তে

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Promod Pawe posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Promod Pawe:

Share