
29/07/2025
হাঁহি হাঁহি য়েই এটা জীৱনৰ বন্তি শেষ কৰি দিয়া অভিনেত্ৰী নন্দিনী কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দূৰ্ঘটনাৰ পিছৰ সকলো ঘটনা আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াত গাপ লৈ আছিল যদিও ছামিউলৰ মৃত্যুৰ লগে লগেই সকলো উন্মোচন হৈ পৰিছে এটা এটাকৈ। ইতিমধ্যে সংবাদ মাধ্যমে উন্মোচন কৰিলে ২৪ঘন্টা নহওঁতেই নন্দিনীৰ গাড়ী MVIয়ে মুকলি কৰি দিয়াৰ পৰা দিশপুৰ থানাৰ সংশ্লিষ্ট যানবাহন আৰক্ষীয়ে উদ্ধতম কৰ্তৃপক্ষক দূৰ্ঘটনাৰ প্ৰসঙ্গত একো নজনোৱালৈকে সকলো তথ্য। সৰ্বসাধাৰণৰ মনত প্ৰশ্ন উঠিছে এনে এটা দূৰ্ঘটনা কৰাৰ পিছত কিয় নন্দিনীক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা যাবলৈ দিছিল?কিয় স্বাস্থ্য পৰীক্ষা কৰা নহ'ল? কেনেকৈ অভিনেত্ৰী গৰাকীয়ে অখৰাগৃহত কোনো বাধা নোহোৱাকৈ অখৰা কৰিবলৈ যাব পাৰিলে? কিয় এবাৰো আহত যুৱকজনক খবৰ লবলৈ যাবলৈ সাহস নকৰিলে ?
আইনৰ প্ৰতি এতিয়া সকলোৰে এটাই আহ্বান,"মৃতকে উচিত ন্যায় পাওঁক"