26/12/2023
মৰিগাঁৱৰ ছোৱালী এজনীৰ গাত কৃষ্ণই লম্ভা, আৰু মোৰ জীৱনত ঘটি যোৱা ভূত ভগৱানৰ সঁচা কাহানিঃ
••••••••••••••••••••••••••••••••••••••••••••
আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে যে মৰিগাঁৱৰ আহঁতগুৰিত কৃষ্ণৰ অভিনয় কৰা ছোৱালীজনীৰ গাত কৃষ্ণই লম্ভিছে । এই সংক্ৰান্তে বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে । বহুতে পজিটিভ আকৌ বহুতে নিগেটিভ মন্তব্যও আগবঢ়াইছে।আপোনালোকৰ প্ৰায় মন্তব্যবোৰ মই পঢ়ি চাইছোঁ । যিসকলে নিগেটিভ মন্তব্য আগবঢ়াইছে মই তেখেত সকলক ক'ব বিচাৰিছোঁ যে আচলতে যাৰ গাত ভগৱান বা ভূতে লম্ভে তেওঁহে বুজিব পাৰিব। যিজনে সেই পালত পৰা নাই তেওঁ হয়তো এশবাৰ বুজালেও বুজি নাপাব।।ময়ো অৱশ্যে আগতে এইবোৰ একেবাৰে বিশ্বাস কৰা নাছিলোঁ। ময়ো নাস্তিকে আছিলোঁ ।মোৰ পিতাই খুব ভগৱান বিশ্বাসী আছিল ।মোৰ পিতাইয়ে আঙুলি মূৰত কেৱল কৃষ্ণ কৃষ্ণ কৰি আছিল।মই পিতাইক গালি দি কৈছিলোঁ ভগৱান ক'ত আছে। নেদেখা ভগৱানক কিয় মাতি থাকিব লাগে। এইদৰে সকলো সময়তে মাতি থাকিলে তোৰ মগজুটো দেখোন যাব । আগতে পিতাইয়ে মাছ মাংস কণী খাইছিলে। কিছুদিন পিছৰ পৰা একেবাৰে মাছ মাংস কণী নুখুৱা হৈছিল।পিতাইৰ মাজে মাজে বেমাৰ হোৱাত তেজ দিব লগা হৈছিল।
এদিন মই শিঙি মাছৰ জোল বনাই পিতাইক খাব দিছিলোঁ । পিতাইয়ে আগতে যিহেতু মাছ মাংস খাই খুব ভাল পাইছিল ।মই চাকৰি পোৱাৰ পিছত ভগৱানৰ কথা সঘনাই ভাবি থকাৰ বাবে হঠাৎ এদিন মই আৰু আজিৰ পৰা মাছ মাংস কণী নাখাওঁ বুলি কৈ পিতাইয়ে নোখোৱা হৈছিল । পিতাইয়ে মই নাখাওঁ বুলি কৈ কৈছিল ভগৱানে মাছৰ অৱতাৰ ধৰিছিল। তুমি নাজানা নেকী?সেই কাৰণে মই নাখাওঁ। মই মোৰ খং উঠিলে তোৰ ভগৱানৰ মূৰত মোতি দিম বুলি কৈছিলোঁ। ভগৱান ক'ত আছে দেখুৱাই দিয়াচোন । কিন্তু আজিৰ পৰা প্ৰায় ৬ বছৰমান আগতে মোৰ লগত যিবোৰ ঘটনা ঘটি গৈছে ,সেইবোৰ জানিলে আপোনালোকে মোকো পাগলী বুলিয়ে ক'ব । মই আচলতে ইতিকিং খাব লাগিব বুলি লিখিব সাহস কৰা নাছিলো ।আপোনালোকে হয়তো বহুতে জানিছে যে মই পুলিচত চাকৰি কৰোঁ ।মই স্কুল, কলেজত পঢ়া দিনত আলোচনীত মোৰ লিখনি লিখি দিছিলোঁ। কিন্তু চাকৰি পোৱাৰ পিছৰ পৰা লিখিব বাদ দিছিলোঁ ।এতিয়া মোৰ বয়স ৪৯ বছৰ ।মই খুব ভয় ভয়কৈ মোৰ অকনমান জীৱন কাহিনী এটি লিখি গ্ৰন্থ সুৱাসত দিছিলোঁ ।আপোনালোকে উৎসাহ যোগোৱা বাবে পুনৰ এটা এটাকৈ প্ৰায় বহুত কেইটা কাহিনী মই লিখিলোঁ ।বানানো হয়তো বহুতো ভুল হৈছে । এজনে আকৌ কৈছে আপুনি কিয় অকল আপোনাৰ কথাকে লিখি থাকে ।আপোনাৰ কথা জহ গাই ভাল পাই নেকী? মই তেখেতক ক'ব খুজিছোঁ ,হেৰৌ মহাশয় মই জহ গাবলৈ কি দৰকাৰ আছে। গ্ৰন্থ সুবাস হৈছে এখন সুন্দৰ মুকলি মঞ্চ ।বহুতো গন্য মান্য গুণী জ্ঞানী মহান ব্যক্তিৰে ভৰি থকা এখন বিশাল মঞ্চ ।য'ত সুখ দুখৰ কথা হাজাৰ হাজাৰ জনক প্ৰকাশ কৰিব পাৰি। গ্ৰন্থ সুৱাসত মোৰ বৰ্তমান points হৈছে 41.270 । গ্ৰন্থ সুৱাসত মোৰ লিখাৰ এটাই উদ্দেশ্য হৈছে মোৰ জীৱনত মই ক'ব নোৱাৰাকৈ ঘটি যোৱা ভূত ভগৱানে লম্ভা কাহিনী আপোনালোকক বৰ্ণনা কৰা ।পিছে মই লিখিব আকৌ কৈছো সাহস কৰা নাই। কাৰণ মোৰ জীৱনত যিবোৰ ঘটনা ঘটি গৈছে আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব ।মোৰ অৱশ্যে প্ৰত্যিটো ঘটনাৰ প্ৰমান আছে । মোৰ বহুত কিবা কিবি অসমৰ ৰাইজে গম নোপোৱা কাহানি ঘটি গৈছে।যাৰ বাবে মই আধা ঘণ্টা সময় সূৰ্যক চাই বিশ্ব ৰেকৰ্ড কৰিবও পাৰিছোঁ । মোৰ মিছা কথা ক'বলৈ কোনো দৰকাৰ নাই। । সচৰাচৰ মই মিছা কথা বহুতো কমেই কওঁ ।কেতিয়াবা ডাঙৰ বিপদত পৰিলে দুই এটা মিছা কথা ক'ব লগা হয়। লিখাৰ বিনিময়ত মই কাৰো পৰা একো বিচৰা নাই বা কোনোৱে মোক একো নিদিয়ে । লিখাৰ কাৰণে মই টকা পইছাও নাপাওঁ। মাত্ৰ মই মোৰ জীৱনৰ সঁচা কাহিনীবোৰ এফালৰ পৰা লিখি গৈছোঁ ।বহুতে মোৰ সৰুকালৰ কথা মানে মই লিখা সৰুতে আইয়ে মোক চাউল খুজি ভাত খুৱাইছিল। মই বহুত দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ । ক'বলৈ লাজ বা বেয়া লগা কথাবোৰ লিখাৰ বাবে মোৰ পৰিয়ালৰ মানুহেও মোক মানা কৰিছে।মানুহে ইতিকিং কৰিব বুলিও কৈছে । এতিয়া তোৰ কি নাই। কিয় আগৰ কথাবোৰ মনত পেলাব লাগে বুলিও কৈছে। কাৰণ এতিয়া মোক ভগৱানে কি দিয়া নাই ।সকলো মোৰ প্ৰয়োজনীয় বস্তু ভগৱানে দিছে ।মানুহৰ জীৱনত প্ৰয়োজনীয় সকলোখিনি মোৰ আছে । মাটি,ঘৰ,গাড়ী সকলো মোৰ আছে ।সৰু চাকৰিৰে মই অট্ৰালিকা বনাইছোঁ। মই যিটো অট্টালিকা বনাইছোঁ হয়তো বহুত ডাঙৰ চাকৰিয়ালেও বনাব পৰা নাই ।মোৰ শহুৰে আগতে কমদামত মাটি কিনি থৈ গৈছিলে ।এতিয়া সেই মাটিৰ কঠা প্ৰায় ৫০ লাখ । ওচৰতে মেডিকেল কলেজ মানে নগাওঁ মেডিকেল কলেজ স্থাপিত হোৱাৰ পিছত মাটিৰ মূল্য সোণৰ দৰে হৈছে । গাড়ী চাৰিখন আছে । ডাঙৰ পুখুৰীটো আছেই ইত্যাদি ইত্যাদি ।মোৰ ছোৱালী এজনী আছিল । ল'ৰা নাছিল।এতিয়া ১৪ বছৰৰ মূৰত ল'ৰা এজন হৈছে ।মোৰ স্বামী খুব সহজ সৰল মৰমীয়াল । আমাৰ এখন সুন্দৰ সুখৰ সংসাৰ । ছোৱালী ডিম্পীয়ে ইত্যিমধ্যে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ আমাৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।মই বিশ্ব ৰেকৰ্ড কৰাৰ লগতে বিভিন্ন বঁটা আৰু সূৰ্য কণ্যা, মহীয়সী নাৰী, আদৰ্শ মাতৃ, বসুন্ধৰাৰাণী, বীৰংগনা, আকাশী গংগা, ধৰিত্ৰীৰাণী, ইত্যাদি ইত্যাদি সন্মান বহুতো সন্মানীয় মঞ্চৰ পৰা পাবলৈ সক্ষম হৈছোঁ ।বিভিন্ন চেনেলত মোৰ বাতৰি ওলাইছে । বিভিন্ন চেনেলে মোৰ সাক্ষাৎতকাৰ লৈছে। বহুতো সন্মানীয় কবিয়ে মোক লৈ কবিতা লিখিছে ।বিভিন্ন চিত্ৰ শিল্পীয়ে মোক লৈ ছবি আকিছে । আহঁতৰ পাততো মোৰ ছবি অংকন কৰি পঠিয়াই দিছে ।বৰ্তমান মই ৰাষ্ট্ৰপতি মেডেলৰ বাবেও নিৰ্বাচিত হৈ আছোঁ। ঈশ্বৰে মোক একো কমি দিয়া নাই । মোৰ মৃত্যুৰ পিছত মোক আপোনালোকে দলিয়াই দিবওঁ নোৱাৰিব ।ফুলেৰে সজোৱা স্বৰ্গ ৰথৰ বাহনৰে চকুলো টুকি বিদায় দিব লাগিব ।মই যিমানখিনি অসমবাসী ৰাইজৰ বাবে দি থৈ যাব বিচাৰিছোঁ ইমানে যথেষ্ট বুলি ভাবিছোঁ মই ।কাৰণ আধা ঘণ্টা সময় চকু টিপ নমৰাকৈ জ্বলন্ত সূৰ্যক চাই বিশ্ব ইতিহাসত অসমৰ নাম উজ্জ্বলাই আনিব সক্ষম হৈছোঁ ।এগৰাকী সাধাৰণ মহিলা পুলিচ হৈ অসমবাসী ৰাইজক ইয়াতকৈ আৰু কি উপহাৰ দিব পাৰিম ।মোৰ স্বামীয়ে শৰীৰৰ তেজ দি বহুত জনৰ জীৱন বচাই থৈছে ।শৰীৰৰ তেজ দিবলৈ মই স্বামীক পৰামৰ্শ দিছিলোঁ । ময়ো দিবলৈ গৈছিলোঁ যদিও মোৰ হিমোগ্লবিন কম থকাৰ বাবে আজিলৈকে দিব পৰা নাই । এইটো মোৰ মনত দুখ লাগে।ঘৰৰ সকলো পৰিয়ালে আমাৰ মৃত্যুৰ পিছত অসমবাসী ৰাইজ প্ৰয়োজনীয় আমাৰ অংগখিনি উচ্ছৰ্গা কৰি থৈ যাম বুলি মুকলিকৈ অংগীকাৰ কৰি থৈছো ।গতিকে মোৰ এই বয়সত ম'বাইলত টিপি টিপি সময় নষ্ট কৰি মোৰ অতীতৰ কাহিনী লিখি থকা কোনো প্ৰয়োজন নাই বুলি ভাবোঁ । কিন্তু ঈশ্বৰে যে মোক সুধাই নেৰিব । ঈশ্বৰে মোক ইমানখিনি দিয়াৰ পিছত তুমি মোৰ বাবে কি প্ৰচাৰ কৰিলা বুলি প্ৰশ্ন কৰিব ।মই তেতিয়া ঈশ্বৰক কি উত্তৰ দিম ।আজিকালি মানুহে কয় বৈজ্ঞানিক যুগত এইবোৰ কোনে বিশ্বাস কৰিব। এইবোৰ অন্ধ বিশ্বাস ।পিছে বৈজ্ঞানীকজনক দেখোন ঈশ্বৰেই সৃষ্টি কৰি পঠিয়াই দিছে ।তাকে বৰ্তমান সমাজে মানিব লব নিবিচাৰে ।হিমালয়ৰ সু উচ্চ পৰ্বত বৈজ্ঞানীকে বগাব পাৰিছে আজিলৈকে দেখোন কৈল্যাশতে যাবলৈ সক্ষম হোৱা নাই বৈজ্ঞানিক।ইমান ধুনীয়াকৈ দূৰৰ পৰা জিকমিকাই থকাকৈ ইমান ধুনীয়া কৈল্যাশখন কোন খন্দিকৰে বনাইছে বৈজ্ঞানিকে কিয় আজিলৈকে নাম প্ৰকাশ কৰিব সক্ষম হোৱা নাই ।নেপালত ভুমিকম্প হওঁতে কিয় আগতীয়াকৈ বৈজ্ঞানীকে ক'ব নোৱাৰিলে যে ভুমিকম্প হ'ব ।বৈজ্ঞানীকে তেখেত সকলৰ শক্তিৰে সূৰ্যটোক দেখোন তলৰ লৈ ৰাতি হ'লে নুমুৱাই আনিব পাৰে আকৌ দিনত ওপৰত উঠাই দিব পাৰে। কামাখ্যা মন্দিৰৰ মূৰত মোতি দিম বুলি কিমানজনে ক'ব পাৰিব।আছে নেকী তেনেকৈ ক'ব পৰা ব্যক্তি।অৱশ্যে মই বৈজ্ঞানীকক উপলুঙা কৰা নাই। । কাৰণ এজন বৈজ্ঞানীক ঈশ্বৰৰ অন্য এটি ৰূপ ।তেখেত সকলক ভগৱান বুলি কলেওঁ ভুল নহ'ব বা ভগৱানৰ দূত বুলি কলেওঁ ভুল নহ'ব।তেখেতসকলক ভগৱানে একো একোজনক একোটা শক্তি দি থৈছে । যিমানখিনি শক্তি প্ৰয়োগ কৰিব দিছে সিমানখিনি প্ৰয়োগ কৰিব পাৰিব ।বৈজ্ঞানীকেও দেখোন ঈশ্বৰক পূজা কৰিহে কামত আগভাগ লয় ।যদি ঈশ্বৰ আছে বুলি যিসকলৰ বিশ্বাস নহয় তেনেহ'লে অদৃশ্য শক্তিক ইমান টকা পইচা খৰচ কৰি কিয় পূজা কৰি থাকিব লাগে ।কিয় শিৱ লিংগত গাখীৰ ঢালিব লাগে । কিয় ভগৱান, ভূত, জখুনী, পৰি, দেৱতা, দুৰ্গা, লক্ষী, সৰস্বতী, কালি ইত্যাদি নামবোৰ মানুহৰ মুখে মুখে প্ৰচাৰ হৈ আহিছে। ময়ো এটা সময়ত এমাহ ভাত নোখোৱাকৈ অকল পানী খাই জীয়াই আছিলোঁ ।ঘিউ চাঁকি দিনে ৰাতি জ্বলাই থৈছিলোঁ। হৰি নামৰ কেচেত লগাই কেৱল নাচি আছিলোঁ । সদায় তাল নাগাৰা বজাই নাম ধৰি আছিলোঁ। মোৰ লগত মোৰ ভাগিন ছোৱালী দুজনীও আছিল ।মই তেতিয়া মঙ্গলদৈ ৰিৰ্জাভৰ কোৱাটাৰত আছিলোঁ ।আমি সদায় হুলস্থুল কৰি থকাৰ কাৰণে আমাৰ ৰিজাৰ্ভৰ মানুহে আমাক গালিও পাৰিছিল । কাৰণ ল'ৰা ছোৱালীবোৰৰ পঢ়াত দিকদাৰ হৈছিল । একো ওলোটাকৈ নোকোৱাকৈয়ে কেৱল হাঁহি আছিলোঁ। এসময়ত গালি পাৰি পাৰি মানুহে গালি নাপাৰা হৈছিলে।কাৰো কথা মন কৰা নাছিলোঁ । সেই সময়ত মোক ডিউটি কৰিবও দিয়া নাছিলে। মন্দিৰে মন্দিৰে চাঁকি জ্বলাই ফূৰিছিলোঁ । সেই সময়ত মোৰ স্বামীয়ে গুৱাহাটীত চাকৰি কৰি আছিলে। মোৰ ছোৱালী ডিম্পীক খ্ৰাইজ্যোতি স্কুলৰ হোষ্টেলত থৈছিলে । স্বামীয়ে গম পাই প্ৰথমে ডক্টৰক পিছত বহুতো পূজা দি চোৱাচিতা কৰিছিলে।স্বামীয়ে বহুতো পূজা দি চোৱা চিতা কৰিও মোক ভাল কৰিব পৰা নাছিলে।অৱশেষত মই স্বামীৰ পৰা বৰ বেয়াকৈ মাৰ খাব লগা হৈছিলে। স্বামীৰ মাৰৰ কোবত বহুতো ঠাইত ক'লা পৰি গৈছিলে মোৰ গা-শৰীৰ।সেই স্বামীৰ মাৰৰ কোবৰ বিষে এতিয়াও মোক উক দিয়ে। মই স্বামীৰ ওপৰত থানাত গৈ এজাহাৰো দিছিলোঁ যে স্বামীৰ লগত আৰু নাথাকো বুলি। কিন্তু মই জানো মোৰ স্বামী বেয়া মানুহ নহয়। মোৰ স্বামী এজন বহুতো গুণৰ অধিকাৰী ব্যক্তি ।মোৰ স্বামী এজন ভগৱান তুল্য লোক ।মই স্বামীক লৈ গৌৰৱ কৰিব পাৰোঁ ।মোৰ স্বামী হৈছে মোৰ বাবে দেৱতা । স্বামীক পূজা কৰিব পাৰিলে ভগৱানক পূজা কৰিব নালাগে বুলিওঁ মই জানো।মই স্বামীক এৰি থৈ গুচি যাম আকৌ ভাবি ভাবি কান্দি পেলাইছিলোঁ ।যাৰ বাবে মই ৰেজিষ্টাৰ কৰিব দিয়া এজাহাৰখন উঠাই লৈছিলোঁ ।মোৰ ছোৱালী এজনীয়েই আছিল। ল'ৰা নাছিল । এজন আগতে জন্ম হৈ মৃত্যু হৈছিল । তাৰ পিছত মোৰ মাহেকীয়া বন্ধ হৈ গৈছিল । মই আৰু কোনো দিনে সন্তানৰ কথা ভবা নাছিলোঁ ।মোৰ গাত সদায় কিবা মই দেখা নোপোৱা বস্তু আহি লৰাই আছিল। কেতিয়াবা বিচনা লৰাই দিয়ে ।কেতিয়াবা কাণে কাণে কিবা কিবি কৈ থাকে ইত্যাদি ইত্যাদি বহুতো ।মই নিজক নিজে সুধি চাইছিলোঁ। তুমি কোন হয়? কিয় মোক এইদৰে আমনি কৰি আছা। ময়েই মোক উত্তৰ দিছিলো, আৰু শুনা পাইছিলোঁ (মই শিৱ) । কেতিয়াবা কৃষ্ণ, কেতিয়াবা বিষ্ণু, কেতিয়াবা নাৰায়ণ, কেতিয়াবা গনেশ ইত্যাদি ইত্যাদি সকলো দেৱতাৰ নাম কোৱা শুনিছিলোঁ ।মোৰ মগজুৱে কাম নকৰা হৈছিল । মই নিজকে ভাবিছিলোঁ মই পাগলী হৈছোঁ নেকী। কেতিয়াবা আকৌ মই কোন মই নিজকে পাহৰি গৈছিলোঁ।কাক কম কোনে শুনিব মোৰ কাহিনী । কোনেও বিশ্বাস নকৰিব ক'লেও। তথাপিওঁ মই ধৈৰ্য আৰু সাহস হেৰুৱা নাছিলোঁ । মোৰ এটাই বিশ্বাস আছিল যে হে ভগৱান বহুতো বিশ্বাসত হৃদয়ত থাপনা পাতি লৈছোঁ মই তোমাক ভগৱান। যি কৰা তুমিয়ে কৰিবা। মই এটা নগন্য প্ৰাণী । মই একো কৰিব নোৱাৰোঁ ।এই স্বাৰ্থপৰ পৃথিৱীত বহুতে হয়তো বিপদৰ সময়তহে তোমাৰ নাম লয়।আৰু বহুতে তোমাৰ নামতে জীৱন উৰ্চগা কৰি দিছে তথাপিও তোমাক বিচাৰি নাপায় ।মইনো কি ইমান মহান কাম কৰিছোঁ তুমি যে মোক লগ দিবা ।মই দেখোন আগতে কেতিয়াও তোমাৰ নামত চাঁকিয়ে জ্বলোৱা নাছিলোঁ ।তেতিয়া মোৰ হৃদয়ৰ পৰা ঈশ্বৰে মাত দিছিল। চাঁকি জ্বলালে ঈশ্বৰক বিচাৰি পোৱা নাযায় আই ।নামঘৰত মই সুমাই বহি নাথাকো নহয় । মই পঠিয়াই দিয়া মোৰ ভকত বৈষ্ণৱক বহুতে শুশ্ৰুষা কৰিব নাজানে আৰু মোক পূজা কৰিব আহে ।মই ভিক্ষাৰীৰ ৰূপত ধনী মানুহৰ ঘৰত সুমাই যাওঁ মোকে চিনি নাপায় বেয়া ব্যৱহাৰ কৰে আকৌ মোকে নামঘৰত পূজা কৰে ।মই কিছুমানক বহুতো দিওঁ চাওঁ আকৌ কিছুদিনৰ পিছত মই লৈয়ো যাওঁ।বহুতো ডাঙৰ ডাঙৰ মানুহে ঘৰৰ সন্মুখত কুকুৰ পুহি ৰাখে কিন্তু এজন দুখীয়া মানুহ গলে পিয়াহৰ পানী খাব দিয়াতো দূৰৰ কথা বহিবলৈ আসন এখনো নিদিয়ে ।সেইজনে আকৌ দেৱী পূজাৰ নামত কামাখ্যা মন্দিৰত গৈ ছাগলী বলী দিয়ে ।পৃথিৱীৰ সকলো প্ৰাণীয়ে যে দেৱীৰ সন্তান হয় সেই মূৰ্খ কেইজনে কিয় নাজানে। নিজৰ সন্তানক বধ কৰি কিমানজন পিতৃ মাতৃয়ে খাব পাৰিব। যদি দেৱীয়ে ছাগলীৰ বলী খাই ভাল পাই তেনেহ'লে দেৱীৰ আসনত ছাগলী বধ নকৰি কিয় বেলেগ সুকীয়া ঠাইত ছাগলী বধ কৰিব দিয়ে। যদি কাৰোবাৰ সাহস আছে ক'ব পাৰিব নেকী দেৱীৰ আসনত গৈ ছাগলী বলি দিব।সেই ছাগলীৰ বলিৰ তেজবোৰ দেখি দেৱী কান্দি উঠে । এজন কাম কৰা মানুহ হাজিৰা কৰিব ঘৰৰলৈ মাতিলে বহুতে বহুতো ভাত খাই পেলালে বুলি কয়, বা বহুতে আধা পেট ভৰাকৈ পঠিয়াই দিয়ে।সেই কাম কৰা মানুহজনৰ লগতে যে মায়া ধৰি ময়ো খাই আছিলোঁ চিনি নাপাই আকৌ মোক আগলতী কলপাত ভৰাই মাহ প্ৰসাদ ফলেৰে পূজা দিয়ে। পিতৃ মাতৃ স্বামী শিক্ষাগুৰুক সেৱা কৰিব নাজানে আকৌ মোক নেদেখা অদৃশ্য শক্তিক পূজা কৰিব আহে । ডাঙৰ ডাঙৰ ভি আই পি বিয়াত দুখীয়াই নিমন্ত্ৰন নাপাই ।বহুতো এতিয়াও পৃথিৱীত দুখীয়া মানুহ আছে পেটৰ তাড়নাত কান্দি থাকে ।সেইসকলক খাবলৈ নিদি ৰাস্তাৰ কাষত দ'ম দ'ম কৈ পেলাই দিয়ে ।তেতিয়া লক্ষী দেৱীয়ে কিমান কষ্ট পাই বুজি নাপাই। কিন্তু জাকজমকতাৰে মাটিৰ মুৰ্তি লৈ লক্ষ্মী বিচাৰি লক্ষী দেৱীক পূজা কৰে । ইত্যাদি ইত্যাদি বিভিন্ন কথাই কৈছিল মোক ।মোক কিয় এইবোৰ কথা কৈছে প্ৰভু আচলতে মই কোন।
মোৰ পাগলামীবোৰ দিনক দিনে বাঢ়িব ধৰা দেখি স্বামীয়ে মোক আইৰ ঘৰত যাবলৈ দিছিলে। পিছে আমাৰ আইৰ ঘৰ আছিল আৰু চ'ৰা ।আমাৰ আইৰ ঘৰ শঙ্কৰী ধৰ্মৰ।এইবোৰ আৰু বিশ্বাস নকৰে ।কাকাহঁতে মোক গালি দিছিলে ।মই খঙতে ঘৰৰ নাম ঘৰৰ আসনত গৈ মোতি দিছিলোঁ । আৰু ভাগৱতত গচকি দিছিলোঁ।আমাৰ গাঁৱৰ গোটেই অঞ্চলৰ মানুহ গোট খাইছিলে ।ৰাইজে আলোচনা কৰি মানসিক ডক্টৰক দেখাব পৰামৰ্শ দিছিলে ।পিছে মানসিক ডাক্তৰে মোৰ বেমাৰ ধৰিব পৰা নাছিলে । ৰাতি ভালকৈ টোপনি অহা টেবলেট হে দি পঠিয়াই দিছিলে ।কিছুদিন পিছত মোৰ আৰু উৎপাত বাঢ়িব ধৰিছিলে । মই কি কৰোঁ নিজে ক'ব নোৱাৰা হৈ পৰিছিলোঁ । স্বামীয়ে কালি মন্দিৰত পাৰ চৰাই, শিৱ মন্দিৰত গৰু দান দিছিলে।তথাপিও মই একেই অৱস্থাত আছিলোঁ ।তাৰ কিছুদিন পিছত সপোনত মোৰ লগত নাগ দেৱতাই সংগম কৰি আছিলে। আৰু সপোনতে কৈছিলে তোমাৰ পেটত সন্তান হৈছে ।মই ভয়ে ভয়ে স্বামীক কথাটো কৈছিলোঁ। স্বামী মোক গালি দিয়াৰ লগতে কৈছিলে সপোনৰ কথা দিঠকত হোৱা ক'ত শুনিছা । তোক তেজপুৰৰ পগলা ফাটেকত থৈ আহিব লাগিব । সেই ৰাতিয়ে বোলে স্বামীয়ে আকৌ সপোনত দেখিছিলে যে মই বানপানীত এটি পদুম ফুলৰ পাতত উটি উটি গৈ আছিলোঁ ।স্বামীয়ে মোক ধৰিব খুজিও ধৰিব পৰা নাছিলে। কোনোবাই স্বামীক কৈছিলে জুনু মনিক নধৰিবা তাইক উটি যাবলৈ দিয়া ।তাইৰ পেটতত ল'ৰা সন্তান এটা আছে ।তাই আনন্দত ক'ব নোৱাৰা হৈ পৰিছে। কিন্তু সেই সময়ত স্বামীয়ে পোৱা সপোনটোৰ বিষয়ে মোক অকনো কোৱা নাছিলে। ভাবিছিল মোক ক'লে মই আৰু বেচি পাগলামী কৰিম। ডাক্তৰৰ ওচৰত মই নিজে গৈ প্ৰেগনেচিৰ পৰীক্ষা কৰিছিলোঁ ।ডাক্তৰে মোৰ পেটত সন্তান আছে বুলি কৈছিলে।মই কৈছিলোঁ ছাৰ সাপৰ পোৱালী হৈছে নেকী? আপুনি মোক চাই দিয়ক ছাৰ । কাৰণ মই নাগদেৱতাৰ লগত সংগম কৰা সপোন দেখিছিলোঁ ।ডাক্তৰে হাঁহিছিল ।মানুহৰ পেটত সাপৰ পোৱালী হোৱা ক'ত শুনিছা তুমি । স্বামীক আহি কথাটো কৈছিলোঁ ।স্বামীয়ে ভয় খাইছিল যদিও মোক ডাক্তৰে ভুল ৰিজাল্ট দিছে বুলি কৈ পুনৰ ডাক্তৰৰ ওচৰত পৰীক্ষা কৰাব লৈ গৈছিল।মই স্বামীক কৈছিলোঁ মোৰ ল'ৰা এটা হ'ব। সাত মাহত চিজাৰিং নকৰাকৈ হ'ব ।আগৰ মাইনা মোৰ চিজাৰিং আছিল । স্বামীয়ে কৈছিল ব্ৰহ্মা, বিষ্ণু মহেশ্বৰে ক'ব নোৱাৰিলে জন্ম মৃত্যুৰ কথা ।তই কোন ? তই দেৱী নেকী? তই মনতে তোৰ ল'ৰা নাই যে তাকে ভাবি থকা সেই কাৰণে তোক সপোনত দেখা দিছে। এইবোৰ মিছা সপোন।
কিন্তু মোৰ সাত মাহতে চিজাৰিং নকৰাকৈ ল'ৰাটোৰ জন্ম হৈছিল। সিদিনাখন মই ঘৰত ভকত মাতি ভাগৱত পাঠ পঢ়াইছিলোঁ । পূজাৰ সময় আছিল। সিদিনাখন আছিল মহালয়া ।মোৰ কোনো বিষ অহা নাছিল । মাত্ৰ পানী ভাঙি পানী বিলাক গৈ আছিল । ভকত কেইজনক বিদায় দি মোৰ স্বামীয়ে ততাতয়াকৈ মোক ডাক্তৰৰ ওচৰত লৈ গৈছিল ।
মোক চাই উঠি ডাক্তৰে কৈছিল পানীবোৰ ভাঙি গ'ল যেতিয়া ইয়াক ৰখাব পৰা একো মেডিচিন নাই ।বাচ্চাটো একেবাৰে সৰু থাকিল ।বাচ্চাটো পেটৰ ভিতৰত যত স্থিতাপি লৈ থাকে সেইটো এটা বেলুন হয়। বেলুনটো ফুটি গৈছে ।গতিকে দেলিভাৰী যিকোনো উপায়ে খালাচ কৰিব লাগিব। ডাক্তৰে মোক কৈছিল, তোমাৰ আজি সন্তান নহয় অহাকালিহে হ'ব । তুমি অলপ কষ্ট সহ্য কৰিব লাগিব। বেবীটো একেবাৰে সৰু যেতিয়া চিজাৰিং কৰিব নালাগে। মই বিষ অহা বেজি চেলাইন লিখি দিছোঁ , বাকী খিনি নাৰ্চে কৰি দিব।তুমি বিষ মাৰি থাকিব লাগিব। মই আজি ৰাতি নাথাকো। মই অহাকালি ৰাতিপুৱা আহিম বুলি কৈ ডাক্তৰজন ঘৰৰলৈ গুছি গৈছিল ।ডক্তৰজনে কোৱা মতে তেওঁ গৈ গাড়ীখন ঘৰৰ গেৰেজত সুমাইছিল মাত্ৰ।মোৰ কোনো বিষ নোহোৱাকৈ মোৰ সন্তানে মোৰ পেচাবৰ দুৱাৰ মুখত মূৰ পাতি লৈছিল ।নাৰ্চজনীয়ে দেখা পাই ডাক্তৰজনক লগে লগে ফোন কৰি খবৰ দিয়াত সেইজনী পেচেন মোৰ নহয় তুমি ভালকৈ চাই লোৱা । প্ৰথমে ডক্তৰে নাৰ্চজনীক ধমকি দিছিল ।পিছত নাৰ্চ জনীয়ে ভালকৈ বুজাই কোৱাত ডাক্তৰজনে ঘূৰি আহি মোৰ সন্তান আধা জন্ম হোৱাৰ পিছত পাই খালাচ কৰি দিছিল । ডাক্তৰ আহি পোৱালৈকে নাৰ্চজনীয়ে মোক লগাই থোৱা চেলাইনটো কমাই দিছিল। মোক ডাক্তৰজনে কৈছিল। তুমি বৰ ভাগ্যৱতী তিৰোতা ।এই সময়কণ বৰ ভাল সময় ।দূৰ্গাদেৱী নামি অহাৰ সময় ।এই সময়ত সন্তান জন্ম হোৱাটো বৰ সৌভাগ্যৰ কথা । জীৱনত বহুতো দেলিভেৰী খালাচ কৰিলোঁ ।কিন্তু তোমাৰ ক্ষেত্ৰত মই বৰ আচৰিত পালোঁ। তোমাৰ সন্তানটো ভৱিষ্যতে বহুতো ভাল মানুহ হ'ব ।সচৰাচৰ ডাক্তৰে পেচেণ্টৰ লগত ইমান কথা নাপাতে ।মোৰ লগত বহুতো কথাই পাতিছিল ডক্টৰজনে। ডাক্তৰজন আছিল নগাওঁ কপিলি নাৰ্চিং হমৰ। সেইদিনাখন মোৰ স্বামীয়ে থৰথৰ কৈ কঁপি উঠিছিল। ঘৰৰ পৰা কাকাই ফোন কৰাত কৈছিল,
দাদা জুনুয়ে বহুতো পাগলামী কৰি মোৰ পৰা বহুতো মাৰ খালে ।কিন্তু আজি মই বিশ্বাস কৰি লবলৈ বাধ্য হৈছোঁ ,যে তাই কোৱা কথাবোৰ সঁচা আছিল। উল্লেখ থাকে যে এতিয়াও মোক ৰাতি ৰাতি সপোনত কেতিয়াবা কেতিয়াবা স্বামীৰ ৰূপলৈ যৌন সংগম কৰে ।কিন্তু সেইটো কি বস্ত হয় মোৰ হাততো কোনো উত্তৰ নাই। মই সপোনত আত্মহাৰা হৈ পৰোঁ ।সাৰি পোৱাৰ পিছতো এক দুই মিনিত থাকি যায় । মই স্বামী বুলি ভাবি লাৰি চালে স্বামীয়ে মোৰ কাষত হে টোপনি গৈ থকা দেখিব পাওঁ। এইবোৰ কি হৈ থাকে মোৰ ।কোনোবাই মই মিছা কৈছো বুলি ভাবিব পাৰে ।মই ভগৱানৰ শপত খাই কৈছোঁ । মই মিছা কৈছোঁ যদি ভগৱানে মোক মাৰি লৈ যাব।সপোনত মই বহুতো বন ঔষধী পাইছোঁ ।মই কবিৰাজী নহয় ,মই পুলিচ ।সেই কাৰণে মই কবিৰাজী কাম নকৰোঁ কিন্তু চকুৰ আগত কিছুমান বেমাৰি কান্দি থকা দেখিব পালে মই ঔষধ দি পাইছোঁ।বেমাৰিয়ে ভাল পোৱা বুলি কয় মোক । মোৰ আইৰ বয়স প্ৰায় ৮০ বছৰ। আই এজনী একেবাৰে সহজ সৰল হোজা তিৰোতা। আজিৰ পৰা প্ৰায় ৫ বছৰমান আগতে মোৰ আইৰ ভৰি ভাঙি গৈছিল ।মই গুৱাহাটীত লৈ গৈ অপাৰেচন কৰি দিছিলোঁ । ৰ'দ লগোৱা আছে।তাৰ কিছুদিন পিছত আকৌ তিনি ঠাইত ভৰি ভাঙিল ।ডাক্তৰে ভাল কৰিব নোৱাৰিম বুলি কৈছিল ।বাহিৰত লৈ যাব দিছিল ।পিছে ৰাতি মোক সপোনত এবিধ ঔষধ দিছিল । মই ঔষধ বিধ লগাই দিয়াৰ পিছত আই এতিয়া সুস্থ্য । কিন্তু বিশ্বাস থাকিব লাগিব ।বিশ্বাসে মিলাই হৰি ।
পিছত মই একেথৰে সূৰ্যক চাই থাকিব পাৰিম মোৰ বিশ্ব ৰেকৰ্ড হ'ব বুলি সপোনত দেখুৱাইছিল । সপোনৰ কথা মতে মই প্ৰথমে India book of record তাৰ পিছত বিশ্ব ৰেকৰ্ড কৰোঁ।কিছুদিন পিছত মই ডক্টৰেট ডিগ্ৰী পাবলৈ সক্ষম হওঁ। বিভিন্ন নেচনেল আৰু ইণ্টানেচলেন বঁটা পাবলৈও সক্ষম হওঁ ।
গতিকে এই ভগৱানে লম্ভা কথাটোত মই ক'ব বিচাৰিছোঁ যে এইটো এটা বতাহৰ দৰে নেদেখা বস্তু।কেতিয়াবা স্থান, কাল পাত্ৰ লৈ মানুহৰ আত্মাত সুমাই যায় ।কিন্তু মানুহজনৰ শুদ্ধ অন্তৰ হ'ব লাগিব । মোৰ ঘটি যোৱা ঘটনাৰ বিষয়ে বহলাই আপোনালোকে জানিব ইচ্ছা প্ৰকাশ কৰিলে পিছত মই সকলোখিনি বহলাই লিখিম । যিহেতু মই লিখিব সময় নাপাওঁ । বহুতো ব্যস্ততা ভৰা মোৰ জীৱন । লাহে লাহে লিখিব পাৰিম।আপোনালোকে কমেণ্ট কৰি জনালে মই সুখী হম। জয় কৃষ্ণ🙏 আপোনালোকে বেয়া মন্তব্য দিলেওঁ মোৰ কথাখিনি যেন বিশ্বাসত লয়।
ড° জুনু মনি বৰা
world record holder.