06/05/2021
ওদালগুৰি জিলাত ক্ৰমাৎ বৃদ্ধি কভিড ৰোগীৰ সংখ্যা। সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা প্ৰশাসনৰ। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো কভিড১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ওদালগুৰি স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি জিলাখনত আজি নতুনকৈ ৪২ গৰাকী কভিড ৰোগী চিনাক্ত হোৱাৰ লগতে ৩৫ গৰাকী ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ জিলাখন সক্ৰিয় কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ২৮২ জনলৈ বৃদ্ধি পায়। অন্যহাতে কভিডৰ দ্বিতীয় ঢৌত জিলাখনত আক্ৰান্ত ৰোগীৰ সংখ্যা আজিৰ দিনটোত ৬২৪ গৰাকীলৈ বৃদ্ধি পায়। জিলাখনত ধাৰাবাহিকভাৱে কভিড ৰোগী বৃদ্ধি পোৱাৰ ফলস্বৰূপে ওদালগুৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই সমগ্ৰ জিলাখনত বলবৎ হোৱাকৈ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইফালে জিলাখনত কালিৰে ১৮ ৰ পৰা ৪৪ বয়সৰ ব্যক্তিসকলৰ টীকাকৰণ আৰম্ভ হ'ব। কাইলৈ জিলাখনৰ ৬ টা স্থানত এই টীকাকৰণ অভিযান চলাব জিলা স্বাস্থ্য বিভাগে।