Pathsala Zubeen Fan Club

Pathsala Zubeen Fan Club Pathsala Zubeen Garg Fan Club - A Helping Hand

নতুন অসমীয়া কথাছবি "১৮ নৱেম্বৰ "ৰ  একক প্ৰচেষ্টাৰে আৰু সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ সহযোগত আয়োজন কৰা হৈছে জুবিন গাৰ্...
08/06/2026

নতুন অসমীয়া কথাছবি "১৮ নৱেম্বৰ "ৰ একক প্ৰচেষ্টাৰে আৰু সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ সহযোগত আয়োজন কৰা হৈছে জুবিন গাৰ্গ দেৱৰ গীতৰ আধাৰত "জুবিন গীত" শীৰ্ষক এখনি গীতৰ প্ৰতিযোগিতা । অহা ৫ জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা খনৰ প্ৰপত্ৰ দি থকা হৈছে । তলত সংলগ্ন কৰি দিয়া Poster খনৰ QR Code টো Scan কৰি Registration কৰক , আসন সীমিত।

06/06/2026

ধন্যৱাদ

06/06/2026

ধন্যৱাদ প্ৰতিদিন টাইম

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বজালীত  জুবিন ফেন ক্লাৱৰ ব্যাপক বৃক্ষৰোপণ কাৰ্যসূচীপাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱ আৰু বজালী ডাণ...
05/06/2026

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বজালীত জুবিন ফেন ক্লাৱৰ ব্যাপক বৃক্ষৰোপণ কাৰ্যসূচী

পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱ আৰু বজালী ডাণ্স একাডেমীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে বজালী জিলাতো বিভিন্ন কাৰ্যসূচীৰে দিৱসটো পালন কৰা হয়।

পৰিৱেশ সংৰক্ষণ,সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীৰ অধীনত বজালীৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী, শৈক্ষিক আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ চৌহদত নাহৰ গছৰ পুলি ৰোপণ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে পাঠশালাৰ জুবিন উদ্যান, বজালী জিলা আয়ুক্তৰ কাৰ্যালয়, বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, আনন্দৰাম বৰুৱা একাডেমীৰ চৌহদ, পাঠশালা শিক্ষাপীঠ, পাঠশালা পৌৰসভা, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ আৰু পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ চৌহদত নাহৰ পুলি ৰোপণ কৰা হয়।

অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত ৰাজ চৌধুৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ ড° নবনীতা দাস, আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষা নন্দিতা বৰ্মণ, উপাধ্যক্ষ মিন্টু কলিতা, পাঠশালা পৌৰসভাৰ পৌৰপতি জ্বলি চৌধুৰী, পাঠশালা খণ্ড আঞ্চলিক বন বিভাগৰ খণ্ড বন বিষয়া জয়ন্ত দাস আৰু জেষ্ঠ চিকিৎসক ডা° কুলেন কাকতিয়ে গছৰ পুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰে।

পাঠশালা জুবিন ফেন ক্লাৱৰ সভাপতি মৃন্ময় পাঠকে জানিবলৈ দিয়ে যে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য্য কেৱল এদিনীয়া কাৰ্যসূচীত সীমাবদ্ধ নহয়।

গছপুলি ৰোপণৰ লগতে সেইবোৰ সংৰক্ষণ, যত্ন লোৱা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হয়।

পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱে বিগত কেইবাবছৰ ধৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন জনকল্যাণ মূলক আৰু সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এইবাৰো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গৃহীত বৃক্ষৰোপণ কাৰ্যসূচীয়ে স্থানীয় ৰাইজৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰে আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হয়.

✅️
04/06/2026

✅️

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Pathsala Zubeen Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category