05/08/2026
ছাত্ৰ ছাত্ৰীৰ ভালপোৱাত বন্দী এমুঠি শিক্ষকৰ গোট হৈছে
"সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ"❗️
আজি আমাৰ হিয়াৰ টুকুৰাবোৰ কষ্টত আছে,
ঘৰ হেৰুৱাইছে,
আপোনজনক হেৰুৱাইছে,
না ভালকৈ খাইছে, শুইছে বা পিন্ধিছে......❗️
খেলি থকা পথাৰ খন হঠাতে পোত খালে,
আপোন বিদ্যালয় খন ভাঙি পৰিলে,
নিজৰ বুলিবলৈ কোৱা কলম বহীবোৰ হেৰালে.....❗️
কাঢ়ি নিলে হাঁহিটো,
কাঢ়ি নিলে দুষ্টামিবোৰ,
কাঢ়ি নিলে মুখৰ মাতটো.....❗️
কিন্তু জানো এয়াই শেষ❓️
আমিবোৰ এতিয়াও আছো,
তোমালোকৰ বাবে বকুল বুটলিছিলো,
এইয়া বকুলৰ মালা গাঁঠিছো....❗️
কাইলৈ গৈ আছো আমি, বোকাৰ পদুম বুটলিবলৈ,
বকুলৰ সুগন্ধ বিলাবলৈ...❗️
কাৰন ❓️
তোমালোকক ভালপোৱাত বন্দী এমুঠি শিক্ষকৰ গোটেই যে হৈছে
"সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ"❗️
, ,