06/12/2023
কেতিয়াবা অলপ বেপৰোৱা হ'ৱৰ মন যায়...
চিন্তা, দায়িত্ববোৰক আওকাণ কৰি...
অলপ বেপৰোৱা হ'ৱৰ মন যায়...!!!
কাৰণ বেপৰোৱা মনটো সুখী আছিল, বেপৰোৱা জীৱনটো সুখৰ আছিল। আৰু সেই কালছোৱা শৈশৱ আছিল। সেইবাবেই চাগে "শৈশৱ সোণালী" বুলি কোৱা হয়। আচলতে আমাৰ প্ৰত্যেকৰে মাজত শৈশৱৰ কিছুমান অভ্যাস, খং, অভিমান, ঠেহ, দুষ্টালি শেষ নোহোৱাকৈ থাকি যায়। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে এই অভ্যাসবোৰ আমি এৰিব লগা হয়।
কিন্তু মনটোৱে এয়া মানিব নোখোজে।এই কৃত্ৰিম পৃথিৱীত অকৃত্ৰিম শিশু মনটোৱে জীয়াই থাকিব নাজানে। ই নাভাৱে ভৱিষ্যতৰ কথা, ই ল'ব নোখোজে দায়িত্বৰ বোজা, ই হ'ব নোখোজে গহীন....! সেয়ে আমি জোৰ কৰি বান্ধি ৰাখোঁ সেই মনটোক আৰু সময়ৰ সোঁতত ই ক'ৰবাত হেৰাই যায়। থাকি যায় কেৱল সোণালী শৈশৱৰ স্মৃতি।
কৃত্ৰিম পৃথিৱীত অকৃত্ৰিম হ'বৰ মন যায়.....
চিন্তা দায়িত্ববোৰক আওকাণ কৰি,
অলপ বেপৰোৱা হ'ৱৰ মন যায়.......
শৈশৱক এবাৰ ঘূৰাই পাবৰ মন যায়........!!!
বিচাৰোঁ মাথোঁ এটা দিন এনে হওঁক!
মই সাৰ পাই উঠো,
আৰু সেই দিনটো মোৰ শৈশৱৰ এটা দিন হওঁক।