Aparupa TV

Aparupa TV Assamese News & Entertainment Channel # Please subscribe our channel.

15/08/2023
সাংবাদিক পৰিষদ অসম মৰিগাঁও জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা, কাৰ্যকৰী সভাপতি যুগেশ মজুমদাৰ...
31/10/2022

সাংবাদিক পৰিষদ অসম মৰিগাঁও জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা, কাৰ্যকৰী সভাপতি যুগেশ মজুমদাৰ আৰু গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক মনোজ ডেকাৰ উপস্থিতিত মৰিগাঁওত ৰবিবাৰে এখন বিশেষ সভা অনুস্থিত হৈ যায় । এই সভাৰ সিদ্ধান্ত মৰ্মে অহা ডিচেম্বৰ মাহৰ ২য় সপ্তাহত সাংবাদিক পৰিষদ অসম'ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভাখন দুই দিনীয়া কাৰ্যসূচীৰে মৰিগাঁওত অনুস্থিত কৰা হব সেই মৰ্মে এখন অভ্যৰ্থনা সমিতিও এই সভাতে গঠন কৰি দিয়া হয় । লগতে এই সভাতে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হব বুলি উদ্যোকতা সকলে জানিব দিয়ে ।

25/10/2022
23/10/2022
সপ্তম শ্ৰেণীৰ হিন্দু সম্প্ৰদায়ৰ ছাত্ৰী এগৰাকীক ৰঙিয়াত চাহিল খান নামৰ যুৱক এজনে অপহৰণৰ চেষ্টা আৰু হাৰাশাস্তি কৰাৰ অপৰাধত ...
01/10/2022

সপ্তম শ্ৰেণীৰ হিন্দু সম্প্ৰদায়ৰ ছাত্ৰী এগৰাকীক ৰঙিয়াত চাহিল খান নামৰ যুৱক এজনে অপহৰণৰ চেষ্টা আৰু হাৰাশাস্তি কৰাৰ অপৰাধত ৰঙিয়া আৰক্ষীয়ে চাহিল খানক আটক কৰি আজি কামৰূপ জিলাৰ বকো জেললৈ প্ৰেৰণ কৰে । চাহিল খানৰ ঘৰ ৰঙিয়াৰ গোগমালাচা আৰু ইউচুফ নগৰত । এনে ভাল কামৰ বাবে সাংবাদিক পৰিষদ অসম, ইণ্ডিয়ান হিউমেন ৰাইডচ্ অৰ্গাইনেশ্বন অসম সমিতি, ৰঙিয়া মহকুমা প্ৰেছ এছ'চিয়েশ্বন আৰু ৰঙিয়া ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ।

01/10/2022

নমস্কাৰ । সুপ্ৰভাত । আজি মা দেৱী দুৰ্গাৰ ষষ্ঠাদি । কল্পাৰম্ভ । বেলবৰণ । মহিষমৰ্দিনী মা দুৰ্গাৰ পূজা-অৰ্চনাৰে সকলোৰে মনত মানৱতাবোধৰ ভাৱ জগাই তোলক , এই পবিত্ৰ ক্ষণত আমাৰ আশা ॥
ৰবিন দাস, সাধাৰণ সম্পাদক
সাংবাদিক পৰিষদ অসম ।
ইণ্ডিয়ান হিউমেন ৰাইটচ্ অৰ্গাইনেশ্বন অসম সমিতি ।
ৰঙিয়া মহকুমা প্ৰেছ এছ'চিয়েশ্বন ।
ৰঙিয়া বাছ ষ্টেণ্ড ব্যৱসায়ী সমিতি ।

ৰঙিয়া বাছ ষ্টেণ্ডত ব্যৱসায়ী সকলে অনুস্থিত কৰা শ্ৰীশ্ৰী গণেশ পুজাত আজি দ্বিতীয় দিনা নাম পৰেবেশন কৰে  ৰঙিয়াৰ প্ৰতিস্থিত ভা...
01/09/2022

ৰঙিয়া বাছ ষ্টেণ্ডত ব্যৱসায়ী সকলে অনুস্থিত কৰা শ্ৰীশ্ৰী গণেশ পুজাত আজি দ্বিতীয় দিনা নাম পৰেবেশন কৰে ৰঙিয়াৰ প্ৰতিস্থিত ভাগ্যপ্ৰিয়া নামটিৰ দলে । পাঠকৰ ভুমিকা পালন কৰে জনপ্ৰিয় কণ্ঠ শিল্পী কণিকা কৃষ্ণ বুজৰবৰুৱাই । দলটোৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।

হাউলি চহৰৰ নিবাসী, প্ৰাক্তন শিক্ষক তথা বিশিষ্ঠ সমাজকৰ্মী শৈলেন্দ্ৰ চন্দ্ৰ দাসে (৬৫) গুৱাহাটীত আলহী খাবলৈ আহি আজি আলহীৰ ঘ...
20/01/2022

হাউলি চহৰৰ নিবাসী, প্ৰাক্তন শিক্ষক তথা বিশিষ্ঠ সমাজকৰ্মী শৈলেন্দ্ৰ চন্দ্ৰ দাসে (৬৫) গুৱাহাটীত আলহী খাবলৈ আহি আজি আলহীৰ ঘৰতে হৃদযন্ত্ৰ বন্ধ হৈ অকাল মৃত্যুক আকোৱালি লব লগা হয় । মৃত্যুৰ সময়ত একমাত্ৰ পত্নীক দাসে ইহ সংসাৰত এৰি যায় । সমাজকৰ্মী দাসৰ মৃত্যুত সাংবাদিক পৰিষদ অসম'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰবিন দাসে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক গভীৰ সমবেদনা জনাই ।

 # # # #ৰঙিয়াৰ ডেইজী পাঠক দাসলৈ Million Dowlear Round Table Award (MDRT) ঘোষণা  # # # #ৰঙিয়া,২২ডিচেম্বৰ : কাম কৰিলে ৰত্ন...
22/12/2021

# # # #ৰঙিয়াৰ ডেইজী পাঠক দাসলৈ Million Dowlear Round Table Award (MDRT) ঘোষণা # # # #

ৰঙিয়া,২২ডিচেম্বৰ :
কাম কৰিলে ৰত্ন পায় বুলি অসমীয়াত কথা এখাৰ আছে । আজি সেই কথাকে প্ৰমাণ কৰি দেখুৱালে ৰঙিয়াত ডেইজী পাঠক দাসে। PNB Metlife Indian Insurance ত দাসে insurance Manager হিচাপে কাম কৰি আছিল । নিজৰ কৰ্ম দক্ষতাৰ বাবে আজি দাসে Million Dowlear Round Table Award (MDRT)
নামৰ এটা ডাঙৰ বঁটা পাবলৈ সক্ষম হয় । এই বঁটা ডেইজী পাঠক দাসক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত লণ্ডনত প্ৰদান কৰিব । দাসে
MDRT পায় ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনাত বুধবাৰে PNB Metlife India Insurance ৰ North East Regional Manager গোপি শৰ্মা, আৰু PNB Metlife India Insurance Guwahati Branch-5 ৰ দুই মেনেজাৰ নৱজিৎ দাস আৰু ৰূপজ্যোতি বৈশ্যই ৰঙিয়াস্থিত দাসৰ ঘৰলৈ আহি ফটকা ফুটাই আনন্দ কৰাৰ লগতে কে'ক কাটি MDRT Celebration কাৰ্যসূচী এটি ৰূপায়ণ কৰে । ডেইজী পাঠক দাসে MDRT পাবলৈ সক্ষম হোৱত সাংবাদিক পৰিষদ অসম, Indian Human Rights Organization ৰ অসম ৰাজ্যিক সমিতি, ৰঙিয়া মহকুমা প্ৰেছ এছ'চিয়েশ্বন, ৰঙিয়া বাছ ষ্টেণ্ড ব্যৱসায়ী সন্থা, আছু, যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি বিভিন্ন দল- সংগঠন আৰু ৰঙিয়বাসী ৰাইজে ভূয়সী প্ৰশংসা কৰি শুভেচ্ছা জ্ঞপন কৰে ।

Address

Rangia
781354

Alerts

Be the first to know and let us send you an email when Aparupa TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aparupa TV:

Share