News SSN NE

News SSN NE ডিজিটেল মাধ্যমত এক নতুন সংযোজন, জনকল্যাণৰ হকে ৰাইজৰ কাষত সদায় আমি News SSN NE

২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়াৱহ অৱস্থা:কোম্পানীৰ ডাষ্টবিনত পৰিণত পথৰ দাঁতি📌 ​জালুকবাৰীৰ পৰা ৰঙিয়ালৈ দূৰ্বিষহ পৰিৱেশ:ৰাষ্ট...
31/08/2026

২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়াৱহ অৱস্থা:
কোম্পানীৰ ডাষ্টবিনত পৰিণত পথৰ দাঁতি
📌 ​জালুকবাৰীৰ পৰা ৰঙিয়ালৈ দূৰ্বিষহ পৰিৱেশ:
ৰাষ্ট্ৰীয় ঘাইপথটোৰ জালুকবাৰীৰ পৰা ৰঙিয়া অংশত পথৰ কাষত বিভিন্ন কোম্পানীয়ে জাবৰ-জোঁথৰ পেলাই তীব্র দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে।
📌 ​যাত্ৰীৰ অশেষ দুৰ্ভোগ:
জৰুৰী প্ৰয়োজন বা বিপদত পৰিলেও যাত্ৰীসকলে পথৰ দাঁতিত ক্ষন্তেক ৰৈ জিৰণি ল'বলৈ কোনো ধৰণৰ সুচল ব্যৱস্থা নাই।
📌 ​নিৰ্বিকাৰ এন.এইচ.এ.আই. (NHAI):
সমগ্ৰ বিষয়টোত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো গুৰুত্ব প্ৰদান কৰা নাই; যেন অংগৰাজ ধৃতৰাষ্ট্ৰ বা গান্ধাৰীৰ দৰে চকু মেলিও অন্ধৰ ভাও জুৰিছে।
🚸⚠️🚐🚑🚗🚛😷

পাণ্ডুৰী মৌজাৰ মৌজাদাৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ।🪙​ খুচৰা নাই বুলি অজুহাত দেখুৱাই উপঢৌকন লোৱাৰ কৌশল।​📃প্ৰতিটো নামজাৰি ...
30/08/2026

পাণ্ডুৰী মৌজাৰ মৌজাদাৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ।
🪙​ খুচৰা নাই বুলি অজুহাত দেখুৱাই উপঢৌকন লোৱাৰ কৌশল।
​📃প্ৰতিটো নামজাৰি উঠোৱাৰ বাবে দাবী কৰে ৫০০ টকাকৈ।
​👤কাৰ্যালয়টোৰ কৰ্মচাৰীৰ কাণ্ডক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজ।
​🏤 ৰঙিয়া সমজিলা আয়ুক্তক উচিত পদক্ষেপ গ্ৰহণৰ বাবে দাবী ৰাইজৰ।
🏤📃🪙📃

১৯০৪ চনত স্থাপিত ৪৪নং জয়ন্তীপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ উন্নয়নৰ নমুনাই উদঙাইছে ৰঙিয়া সমষ্টিৰ ফোপোলা স্বৰুপ📌 ২০২৪ চনতে...
29/08/2026

১৯০৪ চনত স্থাপিত ৪৪নং জয়ন্তীপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ উন্নয়নৰ নমুনাই উদঙাইছে ৰঙিয়া সমষ্টিৰ ফোপোলা স্বৰুপ
📌 ২০২৪ চনতে পকীবেৰৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ হ'ল
📌 শুভাৰম্ভণি কৰিলে বিধায়ক ভৱেশ কলিতাই
📌 কিন্তু আজিলৈকে এটুকুৰা ইটাও নপৰিল বিদ্যালয়ত
📌 কাৰ জেপলৈ গ'ল পকীবেৰৰ নিৰ্মাণৰ নামত আৱন্টন হোৱা ৯ লাখকৈ টকা❓
🏠🚧💰💴👤❓

চাৰিমাহৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিল বিকাশ বৰ্মণসাৰথি শান্তি নিবাসে ল'লে অভিভাবকত্বৰ দায়িত্ব👤 চাৰিমাহ পূৰ্বে ৰঙিয়া নগৰৰ...
28/08/2026

চাৰিমাহৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিল বিকাশ বৰ্মণ
সাৰথি শান্তি নিবাসে ল'লে অভিভাবকত্বৰ দায়িত্ব
👤 চাৰিমাহ পূৰ্বে ৰঙিয়া নগৰৰ ৫নং ৱাৰ্ডৰ পৰা উদ্ধাৰ কৰা মানসিকভাবে অসুস্থ বিকাশ বৰ্মণ নামৰ যুৱকজন অৱশেষত সম্পূৰ্ণ সুস্থ হৈ উঠিছে। দীৰ্ঘদিন ধৰি চলা চিকিৎসা আৰু যত্নৰ অন্তত আজি তেওঁক সম্পূৰ্ণ সুস্থ ঘোষণা কৰে চিকিৎসকে ।
​বিকাশৰ নিজা ঘৰ-বাৰী বা কোনো আশ্ৰয় নাথকাৰ বাবে 'সাৰথি শান্তি নিবাস' অনুষ্ঠানটোৱে তেওঁৰ অভিভাবকত্বৰ দায়িত্ব গ্ৰহণ কৰিছে। অনুষ্ঠানটোৱে বিকাশক নিজৰ আশ্ৰয়স্থলীত স্থান দি এক নতুন জীৱনৰ সন্ধান দিয়ে 🏤🛏️

মানৱতাৰ অনন্য নিদৰ্শনঃ সাৰথি শান্তি নিবাসৰ প্রশংসনীয় পদক্ষেপ​💇‍♀️​ৰঙিয়াৰ পদপথৰ পৰা উদ্ধাৰ মানসিকভাৱে অসুস্থ কল্পনা কাকত...
28/08/2026

মানৱতাৰ অনন্য নিদৰ্শনঃ সাৰথি শান্তি নিবাসৰ প্রশংসনীয় পদক্ষেপ
​💇‍♀️​ৰঙিয়াৰ পদপথৰ পৰা উদ্ধাৰ মানসিকভাৱে অসুস্থ কল্পনা কাকতি নামৰ এগৰাকী মহিলা।
🚑 ​চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা প্ৰদান।
🏤 ​এসময়ত ৰঙিয়া মুৰাৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী আছিল কল্পনা কাকতি 💇‍♀️🚑🛏️💊💉🏤

27/08/2026

জীৱন সংগ্ৰামী এগৰাকী ৬০ উৰ্ধৰ বৃদ্ধ 👤🐟

26/08/2026

ৰঙিয়াত ১০২ সংখ্যক শ্ৰীশ্ৰী ৰাধাকৃষ্ণ ঝুলন মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ
🎎 মহোৎসৱখনিৰ আজি চতুৰ্থ দিনাও দেখা গ'ল অগণন ভক্তৰ ভিৰ
🎆 মহোৎসৱখনি ২৩ আগষ্টৰ পৰা ২৮ আগষ্টলৈ চলিব বুলি জানিবলৈ দিয়ে উদ্যোগতাসকলে 🎎🎆⛪

৮১ বছৰীয়া বৃদ্ধাক ন্যায় দিবলৈ আইনী ব্যৱস্থা 'সাৰথি শান্তি নিবাসৰ📌 তামুলপুৰ জিলা উপায়ুক্তৰ ওচৰত তৰিলে গোচৰ📌 ৮১ বছৰীয়া বৃদ...
25/08/2026

৮১ বছৰীয়া বৃদ্ধাক ন্যায় দিবলৈ আইনী ব্যৱস্থা 'সাৰথি শান্তি নিবাসৰ
📌 তামুলপুৰ জিলা উপায়ুক্তৰ ওচৰত তৰিলে গোচৰ
📌 ৮১ বছৰীয়া বৃদ্ধা মাতৃক নিৰ্যাতন চলোৱা পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিছে সামাজিক অনুষ্ঠান 'সাৰথি শান্তি নিবাসে
📌 প্ৰাপ্ত তথ্য অনুসৰি, তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গুৰমৌ (শালমাৰা চুবুৰী) গাঁৱৰ ৮১ বছৰীয়া বৃদ্ধা মাতৃ কুসুম কলিতাৰ ওপৰত দীৰ্ঘদিন ধৰি পুত্ৰ অজিত কলিতা আৰু বোৱাৰী অনিমা কলিতাই শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।
📌 মাতৃৰ অজ্ঞাতে পুত্ৰই সকলো পৈতৃক সম্পত্তি নিজৰ নামলৈ হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ।
📌 চলিত মাহৰ প্ৰথম সপ্তাহত নিশাৰ ভাগত বোৱাৰীয়ে বৃদ্ধা মাতৃগৰাকীৰ মূৰত কেৰাচিন তেল ঢালি জ্ব*লাই দিয়াৰ চেষ্টা চলাইছিল।
📌 পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি বৃদ্ধাগৰাকীয়ে ৰেল লাইনত পৰি আ*ত্ম*হ*ত্যাৰ চেষ্টা চলাইছিল যদিও স্থানীয় পথচাৰীয়ে তেওঁক উদ্ধাৰ কৰে।
📌 দোষী পুত্ৰ-বোৱাৰীক উপযুক্ত শাস্তি প্ৰদান আৰু পুত্ৰৰ নামৰ পৰা পৈতৃক সম্পত্তিৰ নামজাৰি কৰ্তন কৰি বৃদ্ধা কুসুম কলিতাৰ নামলৈ অনাৰ দাবীত সাৰথি শান্তি নিবাসৰ অধ্যক্ষ বিপুল কলিতাই তামুলপুৰ জিলাৰ জিলা উপায়ুক্তৰ ওচৰত লিখিত গোচৰ তৰে।
📌 অসহায় বৃদ্ধা মাতৃগৰাকীক উচিত ন্যায় প্ৰদান নকৰালৈকে এই সংগ্ৰাম অব্যাহত থাকিব বুলি 'সাৰথি শান্তি নিবাস'ৰ তৰফৰ পৰা প্ৰকাশ কৰে 🚨🚔

ৰঙিয়াৰ তৰণীত ওলাইছে কলিৰ কৃষ্ণ🫂 যতেই যায় তাতেই পৰে এজনীৰ প্ৰেমত🚨 উপায়ন্তৰ হৈ পত্নী চাপিল তুলসীবাৰী আৰক্ষীৰ কাষ 💔 এজনী এজ...
25/08/2026

ৰঙিয়াৰ তৰণীত ওলাইছে কলিৰ কৃষ্ণ
🫂 যতেই যায় তাতেই পৰে এজনীৰ প্ৰেমত
🚨 উপায়ন্তৰ হৈ পত্নী চাপিল তুলসীবাৰী আৰক্ষীৰ কাষ
💔 এজনী এজনীকৈ কেইবাজনীৰো প্ৰেমত হাবুডুবু খাই উজ্জ্বল কলিতাই পাহৰিলে পত্নী-সন্তানক
👤মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিলে পত্নী গীতিকা কলিতাই 💇‍♀️👤🫂🚨🚔💔

24/08/2026

ভাৰতৰ ভৱিষ্যতৰ লগত কিয় খেলা-ধূলা কৰিব বিচাৰে একাংশই? যোগী আদিত্ত নাথ 🗣️

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when News SSN NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share